" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 5 Assamese story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 5 Assamese story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 5 Assamese story


 তাই এজনী বেশ্যা 

   এটি জীৱন্ত কাহিনী 

   খণ্ড - 5 

লেখনি - নয়ন নাথ 

আগৰ খণ্ড কেইটা চাবলৈ

Wacth Video on Youtube

    : তীব্র বেগত মেডিকেল ৰ পৰা বাইক চলাই বিক্ৰম আহি থানাত উপস্থিত হল , থানাৰ ভিতৰত অলপ সময় ও দেৰি নকৰি বিক্ৰমে অচিন্ত, গৌতম,আৰু ভণিতা ৰ  লগতে এটা পুলিচৰ দল লৈ মিলনপূৰ শান্তিপূৰ আৰু মধুপুৰ চহৰৰ অলিয়ে গলীয়ে থকা জিৰণি চৰা বোৰলৈ ছোৱালী জনীৰ মাকক বিচাৰি গল , বিক্ৰমৰ নেতৃত্বত যোৱা পুলিচৰ দলে তিনিখন চহৰৰে  অলিয়ে গলীয়ে থকা জিৰণি চৰা বোৰত ছোৱালী জনীৰ মাকক বিচাৰিবলৈ ধৰিলে , কিন্তু কোনো এটা জিৰণি চৰাত ছোৱালী জনীৰ মাকৰ সন্ধান বিছাৰি নাপালে । উপায়ন্তৰ হৈ সকলোৱে থানা লৈ ঘূৰি আহিব লওঁতে ৰেল লাইনৰ ওচৰতে থকা এটা জিৰণি চৰালৈ ভণিতা ৰ চকু গল , জিৰণি চৰা তো বহুত পুৰণি তাত এতিয়া মানুহে বিশ্ৰাম নকৰে , বহুতো গছৰ লতা তাত বগাবলৈ আৰম্ভ কৰিছে , তাকে দেখাই দিবলৈ ভণিতা ই বিক্ৰম ক মাত লগালে ----

    : ছাৰ 

     : কি হল ভণিতা 

     : সৌ তো জিৰণি চৰা দেখিছেনে, ৰেল লাইনৰ ওচৰত ,গছ লটিকাই যে চৰা তো আৱৰিবলৈ আৰম্ভ কৰিছে , তাত কেনেবাকৈ ছোৱালী জনীৰ মাক সোমাই থকা নাই তো 

   : অ হয়তো !! থাকিব পাৰে ভণিতা , বলা চোন বলা গৈ আহোঁ তাৰ পৰা বুলি অফিচাৰৰ লগত পুলিচৰ দলটো জিৰণি চৰা তোলৈ আগুৱাই গল , জিৰণি চৰাৰ ওচৰ পাই সকলো পুলিচ অবাক হৈ পৰিল , কাৰণ জিৰণি চৰাৰ ভিতৰত এজনী মহিলা মানুহ  মজিয়াতে শুই আছিল,যদিও মহিলা জনী বয়সস্থ নহয় খাবলৈ নোপোৱা ৰ বাবে বয়সীয়াল মানুহৰ দৰে লগা হৈছিল , দেহৰ ছাল সোঁতোৰা পৰি গৈছিল ,

      অফিচাৰে দেখিছে জিৰণি চৰা তোৰ টিং বোৰ মামৰ লাগি নষ্ট হৈ যোৱা বাবে ওপৰত এখন কলা টিৰ পাল টানি থৈ দিয়া আছে , সদ্য হতে তাত  মানুহ থকা বুলি আঁতৰৰ পৰা যাতে কোনেও ধৰিবলৈ নোৱাৰে তেনেকৈ মহিলা জনী শুই আছে  ,  সেয়ে অফিচাৰৰ নিৰ্দেশত ভণিতা আগবাঢ়ি গৈ মানুহ জনীক "মা" বুলিয়েই মাত লগালে.......

       : মা বুলি মতা শুনি ইমানপৰে কাটি হৈ শুই থকা মহিলা জনী চিট হৈ পৰিল

         :চিট হৈ যোৱা মহিলা জনীৰ অৱস্থা দেখি পুলিচ  অবাক হৈ পৰিল । কাৰণ মহিলা জনী দৃষ্টি হীন আছিল , আৰু মুখমণ্ডল সম্পূৰ্ণ জ্বলি গৈছিল হয়তো মুখত এচিড পৰিছিল , এছিদৰ বাবে চকুৰ ও দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল,......

   : বিক্ৰম ৰ নির্দেশ ত ভণিতাই পুনৰ এবাৰ মা বুলি মাত লগাইছিল 

   : ভণিতা ৰ মাত শুনি মানুহ জনীয়ে এইবাৰ কবলৈ আৰম্ভ কৰিছিল

            আইজনী তই আহিছ , তই মোৰ বাবে ঔষধ আনিবলৈ কলৈ গৈছিলি আইজনী !! ঘূৰি আহোঁতে যে ইমান সময় লগালি কিয় ? তোক আকৌ সি মই নথকাৰ সুযোগ লৈ কিবা কৰিছে নেকি ?  

     মানুহ জনীৰ কথা শুনি অফিচাৰে  বুজি উঠিছিল যে এইজনী য়ে মেডিকেলৰ বিছনাত থকা ছোৱালী জনীৰ মাক । কাৰণ মানুহ জনীৰ কথা আৰু ছোৱালী জনীৰ কথাৰ সম্পূৰ্ণ মিল আছে । সেয়ে অফিচাৰ বিক্ৰমে প্ৰকৃত কথাৰ গুৰি উলিয়াবলৈ ভণিতাক মানুহ গৰাকীৰ ছোৱালী হৈ কথাৰ লগত কথা মিলাই সহযোগ কৰি যাবলৈ ইংগিত দিছিল । অফিচাৰৰ ইংগিত পাই ভণিতাই মানুহজনীৰ ওচৰতে বহি লৈ কবলৈ আৰম্ভ কৰিছিল  

            : মা তুমি ভুল ভাবিছা সি মোক একো কৰা নাই । মোৰ ওচৰত তোমাৰ ঔষধ কিনিবলৈ এটাও পইচা নাছিল সেয়ে , মানুহৰ ওচৰত কাম বিচাৰি ঘূৰি ফুৰোতে পলম হৈ গল কাম কৰি পইচা পোৱাৰ পিছতে হে ঔষধ কিনি আনিছোঁ ( মানুহ জনীৰ সুৰত সুৰ মিলাই জীয়েকে কবলগীয়া কথা খিনি  ভণিতা ই কব পৰা দেখি বিক্ৰম অফিচাৰে তাইক এটি চেলুত দিছিল 

   : সন্ধ্যা মই আৰু বেছি সময় নাথাকো!!  তই মোৰ বাবে আজিৰ পৰা ঔষধ বিচাৰি হাবাথুৰি খাব নালাগে ,মই মৰি গলে তোৰ মূৰৰ পৰা এটা বোজা আতৰি যাব , তাৰ পিছত তই নিজৰ পেটৰ ভাত মুঠি যোগাৰ কৰিব পাৰিবি । কিন্তু মানুহ ৰূপী দানব বোৰৰ পৰা সদায় আঁতৰি থাকিবি , মই কাষত থাকোতে তোক মই ৰক্ষণাবেক্ষণ দিছিলো মই আতৰি গলে তোক কোনে দিব সেইখিনি সাহস , আমাৰ দৰে গৰিব ৰ বাবে আইন কানুন একো নহয় সেয়ে তই সাৱধানে চলিবি আই বুলি কৈ হঠাৎ মানুহ জনীৰ মুখৰ মাত বন্ধ হৈ পৰিল । ভণিতা ই মানুহ জনীৰ দেহত হাত দি চাই গম পাইছিল মানুহ জনী মৰি থাকিল  

    .... তাকে দেখি ভণিতাই চিৎকাৰ কৰি কৈ উঠিল ছাৰ মানুহ গৰাকী চোন ঢুকাই থাকিল

  : কি ???

  : হয় ছাৰ মানুহ জনীৰ উষাহ নিষাহ বন্ধ হৈ পৰিল : কি আচৰিত কথা জিয়েকক এইখিনি কথা কবলৈ মানুহ জনী ইমান সময় জীয়াই আছিল নে ভগৱানৰ কি লীলা । 

 : তাকেহে ছাৰ ! নে মানুহ জনীৰ বহুত আগতেই মৃত্যু হৈচিল !! মোৰ লগত মানুহ গৰাকীৰ আত্মাই হে কথা পাতিচিল নেকি  ভনিতাই ভয় ভয় কৈ কলে 

 : ভনিতা আপুনি এগৰাকী পুলিচ বিষয়া !! আপোনাৰ মূখত এই ভূত প্ৰেত এইবোৰ কথাই শোভা নাপাই 

: Sorry Sir 

:  It's OK

      ..... Atcha ভনিতা এটা কথা মন কৰিচিল নে ..মানুহ গৰাকীয়ে যে কৈচিল তোৰ কিয় দেৰি হল সি তোক আকৌ কিবা কৰিচে নেকি? 

 : হয় ছাৰ কৰিচিলো 

  : সি বোলা জন কোন বাৰু? মোৰ আৰু বুজিবলৈ বাকি নাই ভনিতা মানুহগৰাকীক বহুত অন্যাই কৰি মাৰি পেলালে ! লগতে ছোৱালী জনীৰ জীৱন তো শেষ কৰি পেলালে ! এনে কি অন্যাই হৈচিল যাৰ বাবে ন্যায়ৰ অপেক্ষাত জৰাজীৰ্ণ জীৰনি চৰাত পৰি জীৱন মৃত্যুৰ ওছৰত আজি আমাৰ সন্মুখতে হাৰ মানিবলৈ বাধ্য হল তাক আমি উদঘাটন কৰিব লাগিব !! 

: হয় ছাৰ !! মোৰো মনে কৈচে মানুহজনীৰ জীৱনত হৈ যোৱা ঘটনা বোৰৰ আৰত বহুত ডাঙৰ ৰহস্য লুকাই আচে 

   : তাকেহে !! মানুহ জনীৰ মুখৰ পৰা গম পালো মেডিকেল ৰ বিছনাত পৰি থকা ছোৱালী জনীৰ নাম সন্ধ্যা । আৰু যে কলে আমাৰ বাবে আইন - কানুন এইবোৰ একো নহয় বুলি , মানে এই পৰিয়াল তোৰ বিপক্ষে আমাৰ পুলিচ জড়িত নেকি যত সিহঁতে বিপদৰ সময়ত পুলিচৰ পৰা সহায় বিচাৰি নাপালে ,  এইটো তো সম্পূৰ্ন ধৰ্ষণ কাণ্ডৰ কেছ যেন মোৰ অনুভৱ হৈছে, সেয়ে বিক্ৰমে গৌতম ক মাতি সুধিলে ------- 

      : গৌতম মই এই থানালৈ অহা আজি 1 তা মাহ হৈছে কিন্তু আপুনি এই থানাৰ বহুত পুৰনি employee , সেয়ে  কওক মই অহা আগত ইয়াত S.i কোন আছিল 

   : ছাৰ আপুনি অহা আগত আপোনাৰ চকীত জীৱন মেধি ছাৰ আছিল , বৰ্তমান ছাৰ বদলি হৈ কলৈ গৈছে মই নাজানো । 

    : ঠিক আছে আপোনালোকে  মিলি এতিয়া মহিলা গৰাকীৰ বডী তো প্ৰথমে পোষ্ট মৰ্টেনৰ ব্যৱস্থা কৰা । পোষ্ট মৰ্টেনৰ report লৈ মহিলা জনীক  সৎকাৰৰ ব্যবস্থা কৰি থানালৈ আহি থাকিবা মই আহিছোঁ বুলি কৈ বিক্ৰম থানা লৈ উলটি গল , 

 থানাৰ ভিতৰত নিজৰ আসন খনত বহি বিক্ৰমে ভাবিবলৈ ধৰিছে মেধি ছাৰে বাৰু টকা পইচাৰ লোভত পৰি মানুহ জনীৰ পৰা অহা Fir গ্ৰহণ কৰা নাছিল নেকি ? কোনে কৰিছিল সন্ধ্যা ৰ মাকক এচিড আক্ৰমণ? কোন কুকুৰৰ কামনাৰ বলি হবলগীয়া হৈছিল দুৰ্ভগীয়া পৰিয়ালতো  , কিহৰ কাৰণে সন্ধ্যা আজি বেশ্যা হবলগীয়া হল এক মাত্ৰ মাকৰ চিকিৎসাৰ বাবে , মানুহে এনে নকয় অভাৱে স্বভাৱ নষ্ট কৰে বুলি , কিন্তু তাইৰ জীৱনলৈ এই অভাৱ আনি দিয়া কুলাংগাৰ তো কোন ? 

    : বিক্ৰম আজি খঙত ৰঙা পৰি গৈছে , পাৰিলে এতিয়াই যেন নৰাধম তোক বিচাৰি আনি Encounter কৰি দিব এনেকুৱা অনুভৱ হৈছে , কিন্তু অনুভৱ হলেই বিচাৰিব কেনেকৈ তাক এই পৃথিৱীৰ পৰা বিদায় দিবলৈ সন্ধ্যা প্ৰথমে ভাল হব লাগিব তাৰ পিছত হে বিক্ৰম যে জীৱন মেধিৰ ৰ দৰে আইনৰ ওপৰত বিশ্বাস হেৰুৱাব লগীয়া পুলিচ বিষয়া নহয় তাৰ সৈতে সাধাৰণ মানুহক ভালকৈ পৰিচয় কৰাই দিব , কিন্তু প্ৰথমে অপেক্ষা কৰিব লাগিব সন্ধ্যা সুস্থ হোৱালৈ -----------

      

             আগলৈ ~~~

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 3

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 4

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 5

Post a Comment

Previous Post Next Post

People Like