" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১ অসমীয়া কাহিনী : Assamese Story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১ অসমীয়া কাহিনী : Assamese Story

 


তাই এজনী বেশ্যা  এটি জীৱন্ত কাহিনী

       খণ্ড - ১ 

   লিখক - নয়ন নাথ 


               :সময় তেতিয়া সন্ধিয়া 6 বাজিছে , ৰণজুলি আৰক্ষী চকীৰ S.I বিক্ৰম ডেকা কেছৰ ফাইল এটাত চকু ফুৰাই আছে , ঠিক সেই সময়তে ডেকাৰ টেবুলত থকা Landline তো বাজি উঠিল 

      :হেল্ল 

      :হেল্ল ছাৰ

      :হয় কোনে কলে 

      :ছাৰ মই পৰাগ চলিহা । মই মৈদান গুৰি ৰ পৰা কৈছোঁ । ছাৰ ইয়াত এটা ছোৱালী মানুহৰ মৃতদেহ পৰি আছে

     :What??

     :হয় ছাৰ !! আপুনি সোনকালে আহক 

     :ঠিক আছে। মই গৈ আছোঁ আপুনি তাতে থাকিব বুলি অফিচাৰ ডেকাই ফোন তো থৈ দিলে আৰু শৰ্মা কত আছে এইফালে আহক বুলি কনিস্তবল পুলিচ জনক মাত লগালে , পুলিচ জন আহি পোৱাত অফিচাৰে শৰ্মা আপুনি যাওক চোন গাড়ী খন ৰেডি কৰক আমি এতিয়াই মৈদান গুৰি যাব লাগিব 

   :কিন্তু কিয় ছাৰ 

   :তাত এটা ছোৱালী মানুহৰ ডেদ বডী ওলাইছে মোক এই মাত্ৰ তাৰ পৰা কোনোবা পৰাগ নামৰ লোক এজনে ফোন কৰিছে 

   :হয় নেকি !! বলক তেন্তে আমি সোনকালে যাওঁ গাড়ী সাজু হৈ আছে 

   :হয় বলক বুলি কৈ অফিচাৰ ডেকাই শৰ্মা পুলিচৰ লগতে এজনী মহিলা পুলিচ আৰু দুজন আৰক্ষী বিষয়া লগত লৈ মৈদান গুৰিৰ ঘটনা স্থলী লৈ ঢাপলি মেলিলে ---------

                     :সময় তেতিয়া সন্ধিয়া 7 বাজি 30 মিনিট হৈছে । পুলিচ গৈ ঘটনা স্থলীত উপস্থিত হোৱাত ফোন কৰি খবৰ দিয়া পৰাগ আগবাঢ়ি আহি কলে নমস্কাৰ ছাৰ মই পৰাগ !! আপোনাক মই য়ে ফোন কৰিছিলোঁ এইটো চাওক মৃতদেহ পুখুৰীৰ পাৰত অমৰ লতাৰ মাজত পৰি আছে । 

            "পৰাগে দেখুৱাই দিয়াত অফিচাৰ জুম হৈ থকা মানুহৰ ভিৰ ফালি হাতত হাত মোজা পৰিধান কৰি মোবাইলৰ টৰ্চ জ্বলাই পুখুৰীৰ পাৰলৈ নামি গৈ দেখিলে এজনী 17 বছৰ মানৰ ছোৱালী সম্পূৰ্ণ উলংগ হৈ পৰি আছে । তাইৰ দেহত বহুত আঘাত ৰ চিন মোৱাইল লাইটৰ পোহৰ ত উজ্বলি উঠিছে । অফিচাৰৰ আৰু বুজিবলৈ বাকী নাই যে ছোৱালী জনীক বলপূৰ্বক ভাবে ধৰ্ষণ কৰি ইয়াতে পেলাই থৈ গৈছে । ইয়াৰ তদন্ত কৰিব লাগিব এই বুলি পুখুৰীৰ পৰা ওপৰলৈ উঠি গৈ মহিলা পুলিচ ভণিতাক চাই কলে - মিছ ভণিতা যাওঁক ছোৱালী জনীক পোষ্টমৰ্টেনৰ কাৰণে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক । 

    : Yes sir বুলি ভণিতা পুখুৰী লৈ নামি গৈ উবুৰি হৈ পৰি থকা ছোৱালী জনীক চিট কৰি লৈ বগা কাপোৰ খন দেহত ঢাকি দিব লৈ তাই চিঞৰি উঠিল 

   :ছাৰ !! ছোৱালী জনী জীয়াই আছে 

    : কি ??? 

   :হয় ছাৰ তাই উশাহ লৈ আছে 

   : ঠিক আছে আপুনি তাইৰ দেহত কাপোৰ খন মেৰিয়াই দিয়ক মই গৈছোঁ 108 আহি আছে তাইক পাৰলৈ উঠাই আনিব লাগিব বুলি কৈ গোটেই কেইজন পুলিচ বিষয়াই মিলি এম্বুলেঞ্চ খন আহি পোৱাত ছোৱালী জনীক চিকিৎসাললৈ উন্নত চিকিৎসা ৰ বাবে ভণিতাৰ সৈতে পঠিয়াই দিলে । আৰু অফিচাৰে পৰাগ নামৰ লোক জনক ৰাতিপুৱা আৰক্ষী চকীত উপস্থিত হবলৈ দি ঘটনা স্থলীৰ পৰা আৰক্ষীৰ দলটো থানা ৰ অভিমুখে যাত্ৰা কৰিলে ...........

       :সময় বোৰ উকলি গৈছে বিক্ৰম অফিচাৰ আৰক্ষী চকীৰ ভিতৰত নিজৰ আসন খনত বহি চিন্তা কৰিছে , ছোৱালী জনী বাৰু কোন হব পাৰে? মোৰ থানাৰ অন্তৰ্গত নে অন্য কোনোবা থানাৰ, তাইৰ বাৰু মাক - দেউতাক নাই নেকি এতিয়ালৈকে ছোৱালী জনীৰ Missing Report অহা নাই যে কিয় ? কিমান সময়ৰ পৰা বা তাই পুখুৰীৰ পাৰত পৰি আছিল , কেতিয়াৰ পৰা বা সন্ধান হীন হৈ আছিল , নাই নাই এনেকৈ আৰু মই হাতসাৱটি বহি থাকিলে নহব  ওচৰে পাজৰে থকা কেইখন মান আৰক্ষী চকীত খবৰ লৈ চোৱাই ভাল হব । কোনোবা থানাত ছোৱালী ৰ missing Reports আছে নেকি , বাৰু যি নহওঁক কোনে কৰিলে তাইৰ সৈতে এনেকুৱা জঘন্য কৰ্ম ,দেখাত তো তাই এজনী ফুলকুমলীয়া ছোৱালী, এনেধৰণৰ হাজাৰ প্ৰশ্ন ৰ উত্তৰ বিচাৰি থাকোতে অফিচাৰৰ Private Mobile তো বাজি উঠিল , মোবাইল তো হাতত লৈ দেখিলে ভণিতা ই ফোন কৰিছে , অফিচাৰে অলপো দেৰি নকৰি ফোনটো ৰিচিভ কৰিলে ----- 

 : হেল্ল ভণিতা কওঁক 

: ছাৰ আপুনি এতিয়াই মেডিকেল আহিব লাগিব 

: কিন্তু কিয় ভণিতা !! ছোৱালী জনীৰ কিবা অথন্তৰ ঘটিল নেকি 

: তেনেকুৱা এতিয়ালৈ একো হোৱা নাই ছাৰ , কিন্তু যিকোনো সময়ত হৈ যাব পাৰে কাৰণ ছোৱালী জনীৰ অৱস্থা বৰ বেছি ভাল নহয় , তাইক অপাৰেচন কৰিব লাগিব , যিহেতু ছোৱালী জনী বৰ্তমান পৰিচয় বিহীন সেয়ে ডাক্তৰে অপাৰেচন কৰিবলৈ ভয় কৰিছে , আৰু এই সম্পৰ্কে আপোনাৰ সৈতে কথা পাতি আপোনাৰ চহী পালে অপাৰেচন ৰ কাম আগবঢ়াব পাৰিম বুলি জনাইছে

: হয় নেকি ? ঠিক আছে দিয়ক মই গৈ আছোঁ বুলি চিকিৎসক জনক কৈ দিবা

: OK sir 

: ফোনৰ সংযোগ বিছিন্ন কৰি  অফিচাৰ জনে নিজে নিজকে প্ৰশ্ন কৰি চাইছে ছোৱালী জনীৰ অপাৰেচন ৰ কাগজত চহী কৰা উচিত হব জানো ? যদি অপাৰেচন কৰি থাকোতে তাইৰ কিবা হৈ যায় মোৰ চোন বহুত ডাঙৰ সমস্যা হৈ যাব । কাৰ ছোৱালী কোনে দায়িত্ব লব লগীয়া হৈছে , এয়ে হৈছে এজন পুলিচ অফিচাৰৰ জীৱন । যেতিয়াই তেতিয়াই পৰিস্থিতি সাপেক্ষে কিমান ডাঙৰ ৰিক্স লব লগীয়া হৈ পৰে , বাৰু আগত মেডিকেললৈ গৈ চাওঁ , তাৰ পিছত কি কৰা যায় দেখা যাব , এইবুলি বিক্ৰম অফিচাৰে হাতত কেচ ডায়েৰী খন লৈ আৰক্ষী চকীৰ পৰা নিশা 10 বজাত মেডিকেল লৈ ওলাই গল ------

  :মেডিকেল ত বিক্ৰমে ভণিতাৰ সহায়ত চিধাই গৈ চিকিৎসক জনক লগ কৰিলে ------

 : ডাক্তৰ মোক হেনো মাতি পঠিয়াইছিল?"

: হয় অফিচাৰ ! আপোনাৰ পেছেন্ট ৰ অৱস্থা সংকতজনক । পেছেন্ট ক ধৰ্ষণ কৰা হৈছে । আপুনি হয়তো শুনি আচৰিত হব তাইৰ গুপ্তাংগত কিবা লোহা জাতীয় বস্তু সুমুৱাই ঘটালী দিয়া হৈছে । আৰু হাত ভৰি বোৰ কিবা চোকা অস্ত্ৰৰে কাটি চিৰা চিৰ কৰি পেলাইচে , লগতে মূৰত কিবা গধুৰ বস্তু ৰে প্ৰহাৰ কৰিছে যাৰ বাবে তাইৰ মূৰ তো বহুত জখম কৈ ফাটিচে তাত ইতিমধ্যে 7 তা ছিলাই পৰিছে । এইবোৰ ৰ কাৰণে ছোৱালী জনীৰ দেহৰ পৰা বহুত ব্লাড ওলাই গৈছে , ইমানখিনি আক্ৰমণ কৰাৰ পিছতো কিবা বহুত পুণ্যৰ বলতে জীয়াই আছে অফিচাৰ । এতিয়া কথা হল পেছেন্টক Emergency ব্লাড দিব লাগিব । কাৰণ তাইৰ দেহত একেবাৰে তেজ নাই । তেজ দিয়াৰ  পিছত হে তাইক পুনৰ চিকিৎসা কৰিব পৰা যাব

:কিন্তু ডাক্তৰ তাইক এই মাজ ৰাতি তেজ দিব কোনে ? এইফালে তাইৰ এতিয়ালৈকে মই কোনোধৰণৰ পৰিচয় উলিয়াব পৰা নাই 

: সেইটো আপোনাৰ দায়িত্ব অফিচাৰ । মই যিখিনি কব লগীয়া আছিল কলো 30 মিনিটৰ ভিতৰত পেছেন্টৰ তেজৰ ব্যৱস্থা কৰক নহলে পেছেন্টক মই বচাব নোৱাৰিম এতিয়া মই আহিছোঁ 

: চিকিৎসক জন গুচি যোৱাত বিক্ৰম অফিচাৰে ভণিতা লৈ চাই কলে ---- 

       ভণিতা কি কৰা যায় এতিয়া মাত্ৰ 30 মিনিট ৰ ভিতৰত কৰ পৰা তেজৰ ব্যৱস্থা কৰো, তাইক তো মৰি যাবলৈ দিব নোৱাৰোঁ , এটা কথা সত্য তাই মৰি গলে ও আমাৰ একো নাযায় , কিন্তু আক্ৰমণ কৰা নেতা কেইজন যে আমাৰ চকুত ধূলি মাৰি বাছি যাব দুদিন পিছত আকৌ সিহঁতে কোনোবা  ফুলকুমলীয়া ছোৱালী ক Target কৰি লব । এইবোৰ জানো উচিত কথা হব ।   কিন্তু তাই জীয়াই থাকিলে তাইৰ মুখৰ ভাষ্য ৰ ভিত্তিত সকলোকে উচিত শাস্তি দিবলৈ পৰা যাব । তাই মোৰ থানাৰ বাসিন্দা হব ও পাৰে নহব ও পাৰে এইবোৰ সকলো ৰাতিপুৱা হে পৰিষ্কাৰ হৈ পৰিব । কিন্তু কোনোবা থানাত যদি তাইৰ বিপক্ষে Missing report আছে .... সেই report অনুসৰি আৰক্ষী য়ে  24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত ও কোনো সন্ধান উলিয়াব নোৱাৰিলে বুলি Public য়ে ৰাতিপুৱা লৈ থানা খন ঘেৰী ধৰিব আৰু অসম পুলিচ হাই হাই বুলি চিঞৰিব ।। এইবোৰ বাৰু কম লাজৰ কথা হবনে ।। এখন আৰক্ষী চকীৰ লগত গোটেই অসমৰ আৰক্ষী চকী বোৰক সাঙুৰি লৈ আহিব ....

 : তেনেহলে এতিয়া কি কৰিব ছাৰ?

: মই এটা কথা ভাবিছোঁ ছোৱালী জনীক মই তেজ দিম 

: কিন্তু ছাৰ 

: কোনো কিন্তু নাই ভণিতা মই এই সিদ্ধান্ত বহুত ভাবি চিন্তি লৈছোঁ বুলি বিক্ৰম গৈ চিকিৎসক জনক লগ কৰিলে আৰু নিজৰ দেহৰ তেজ পৰিচয় বিহীন ছোৱালী জনীক দান কৰিলে । আৰু তাইক যেন চিকিৎসক জনে উন্নত চিকিৎসা কৰি সোনকালে সুস্থ কৰি তোলে  তাকে অনুৰোধ কৰি মেডিকেলৰ পৰা ভণিতাৰ সৈতে নিশা 12 মান বজাত থানালৈ বুলি পুনৰ যাত্ৰা কৰিলে --

  : ভণিতা আৰু অফিচাৰ মেডিকেলৰ পৰা আৰক্ষী চকী লৈ উভতি আহিল , লাহে লাহে ঘড়ীৰ কটাই সময়ৰ লগতে নিশাৰ আন্ধাৰ আঁতৰাই লৈ গৈছে , যথা সময়ত জীৱ জন্তু চৰাই - চিৰিকটিৰ মাতেৰে এটি নতুন দিনৰ আৰম্ভণি হৈছে,পূৱৰ আকাশত উদয় হোৱা সূৰ্য্যৰ কোমল ৰদে আহি ভুমুকি মাৰিছে , ৰণজুলি আৰক্ষী চকী খনত ৰাতিপুৱাৰ পৰাই ছোৱালী জনীৰ চিন্তাই সকলোকে বিমোৰত পেলাইচে , সকলোৰে মুখত এটাই কথা কোন হব পাৰে ছোৱালী জনী, তাই আহিল কৰ পৰা, বিক্ৰম অফিচাৰ ব্যস্ত হৈ পৰিছে ছোৱালী জনীৰ সন্ধান বিচৰাত , Head branch লৈ খবৰ পঠিয়াইচে কোনোবা আৰক্ষী চকীত ছোৱালীৰ missing report pending হৈ আছে নেকি !! কিন্তু নাই এই সপ্তাহত তেনেকুৱা কোনো missing report pending হৈ থকা নাই , তেনেহলে ছোৱালী জনী হয় কোন??  এই চিন্তা ত অফিচাৰ ৰ লগতে সকলো আৰক্ষী বিমোৰত পৰিল ।

    

:ঠিক সেইসময়ত থানাৰ ভিতৰলৈ সোমাই আহিল পৰাগ চলিহা.....


    :ছাৰ নমস্কাৰ মই পৰাগ চলিহা ।। মোক যোৱা ৰাতি মাতি থৈ আহিছিল

: হয় !! বহক বুলি সন্মুখত থকা চকী খন অফিচাৰ বিক্ৰম এ দেখুৱাই দিছিল

: চকী খনত বহি পৰাগে ছাৰ কওক চোন মোক কিয় মাতি পঠিয়াইছিল 

: কৈছো !! যোৱা ৰাতি পুখুৰীৰ পাৰত পৰি থকা ছোৱালীজনী তুমি চিনি পোৱা নেকি ? 

: ছাৰ ছোৱালী জনী চিনি পাবলৈ মই তাইৰ মুখ খনি এ দেখা নাপালোঁ নহয় । মই অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে মানুহৰ জুম দেখি আগবাঢ়ি গৈ ছোৱালী জনী তেনেকৈ পৰি থকা দেখি লগে লগে আপোনাক খবৰ দিছোঁ । ইয়াৰ বাহিৰে মই বিশেষ নাজানো ছাৰ 

: বাৰু পৰাগ তুমি ছোৱালী জনী দেখিলে চিনি পাবা নেকি ? 

: ছাৰ এতিয়া কবলৈ নোৱাৰিম ।। যদি কৰবাত দেখিছোঁ অথবা লগ পাইছোঁ তাইক দেখিলে হে কব পাৰিম ।। 

: ঠিক আছে তুমি তেন্তে এতিয়া মোৰ লগত মেডিকেললৈ বলা, তাত গৈ ছোৱালী জনী যদি চিনি পোৱা মোক অলপ তাইৰ বিষয়ে তথ্য উলিয়াই দিয়াত সহায় কৰাচোন । মই বহুত ডাঙৰ সমস্যাত পৰিছো তাইক লৈ এতিয়ালৈকে কোনো এখন আৰক্ষী চকীত এটাও ছোৱালী মানুহৰ missing report অহা নাই । ইমান সময় হল ক'ৰ ছোৱালী অকণমান ও সম্ভেদ উলিয়াবলৈ পৰা নাই 

                             "অফিচাৰ ৰ কথা শুনি পৰাগে ঠিক আছে বলক ছাৰ মই যিমান পাৰোঁ আপোনাক সহায় কৰিম বুলি কলে , কথা শুনি  বিক্ৰম এ অলপো দেৰি নকৰি পৰাগক লৈ মেডিকেললৈ ঢাপলি মেলিলে । মেডিকেল পাই ডাক্তৰৰ সৈতে কথা পাতি অফিচাৰে গম পালে যে ছোৱালীজনীৰ তেতিয়ালৈ জ্ঞান অহা নাই । হলেও এবাৰ তাইক চাবলৈ বিচৰাত ডাক্তৰে অনুমতি দিছে , ডাক্তৰৰ অনুমতি পাই ছোৱালী জনী ভৰ্তি হৈ থকা ৰুমৰ ভিতৰলৈ প্ৰথমে সোমাই গৈছিল বিক্ৰম অফিচাৰ । ভিতৰত সোমাই ছোৱালী জনী দেখি অফিচাৰৰ চকু ঠৰ হৈ পৰিছিল ,যিহেতু অফিচাৰে ৰাতিৰ আন্ধাৰত ছোৱালী জনী ভালকৈ দেখা পোৱা নাছিল । এতিয়া তাইৰ মুখখনি দেখি অফিচাৰ বিক্ৰমৰ যেন কিবা এটা ভাল লাগি গৈছিল, কাৰণ ছোৱালীজনী দেখিবলৈ ইমানেই মৰম লগা আছিল যে,  বিয়া - বাৰু নোহোৱা বিক্ৰম প্ৰথম দেখি এ মেডিকেল ৰ বিছনাত পৰি থকা পৰিচয় বিহীন ছোৱালী জনীৰ প্ৰেমত পৰি গৈছিল । মনৰ অনুভৱ মনতে ৰাখি মুখত এটি মিচিকিয়া হাঁহি লৈ বাহিৰলৈ আহি পৰাগক মাতি লৈ গৈছিল, অফিচাৰৰ লগত পৰাগ ভিতৰলৈ সোমাই গৈ ছোৱালী জনী দেখি কৈছিল পাওঁ ছাৰ মই ছোৱালী জনী ভালকৈ চিনি পাওঁ 

  : কথা শুনি বিক্ৰম অফিচাৰৰ মনটো আনন্দতে নাচি উঠিছিল , আৰু পৰাগলৈ চাই কৈছিল ,কি কলা পৰাগ তুমি ছোৱালী জনী চিনি পোৱা 

 : হয় ছাৰ চিনি পাওঁ 

: তেনেহলে কোৱাচোন কোৱা , নাম কি ছোৱালীজনীৰ? তাইৰ ঘৰ কত ? ঘৰত কোন কোন আছে ? 

: ছাৰ ছোৱালী জনী যদিও মই চিনি পাইছোঁ কিন্তু তাইৰ বিপক্ষে ইমান বোৰ তথ্য নাজানো । মই মাথো জানো ছোৱালীজনী আন কোনো নহয় তাই এজনী বেশ্যা ।। আমাৰ মধুপুৰ টাউনত তাই ঘূৰি ফুৰে ।। সুবিধা পালে পুৰুষ বোৰক তাইৰ দেহৰ লোভ দেখুৱাই অফাৰ দিয়ে ।। দেহৰ লোভত বন্দি হৈ পুৰুষে তাইৰ দেহটো টকাৰ বিনিময়ত  দৰদাম কৰে । প্ৰতি জন পুৰুষৰ পৰা তাই 1500 ৰ পৰা 2000 ৰলৈ টকা সংগ্ৰহ কৰে , তাইৰ এই অফাৰ আজিৰ পৰা এমাহ আগত মোলৈ আহিছিল ছাৰ কিন্তু মই তাইৰ সেই অফাৰত ভোল নগলোঁ ।। বাকী তাইৰ ঘৰ কত হয়, ঘৰত কোন কোন আছে  মই একো নাজানো ।। 

      : পৰাগৰ কথা শুনি বিক্ৰমৰ মুখত থকা মিচিকিয়া হাঁহিটো হঠাৎ নোহোৱা হৈ পৰিল , সপোন দেখিবলৈ আৰম্ভ কৰিছিল হে , আৰম্ভণিতে কেনা লাগিল, ছোৱালী জনী শুই থকা বিছনা খনলৈ বিক্ৰম আগবাঢ়ি গৈ একে থৰে তাইৰ মৰম লগা মুখ খনিলৈ চাই কৈছিল....

       কি কলা পৰাগ এই মৰম লগা ফুলকুমলীয়া ছোৱালীজনীৰ নাম এজনী বেশ্যা ।।

    : হয় ছাৰ তাই এজনী বেশ্যা, সেয়েহে হয়তো তাই সন্ধানহীন হোৱা ৰিপোৰ্ট কোনো এখন আৰক্ষী চকীত registered হোৱা নাই 

     : তোমাৰ কিবা ভুল হৈছে পৰাগ এই ছোৱালী জনী কেতিয়াও বেশ্যা হব নোৱাৰে ।। হয়তো তাই অকলশৰীয়া । সেয়েহে তাইৰ হৈ কোনো মানুহে পুলিচক reports দিয়া নাই 

     : নহয় ছাৰ মোৰ ভুল হোৱা নাই আপুনি ভুলকৈ ভাবিছে , মোৰ কথা যদি আপুনি বিশ্বাস কৰিবলৈ তান পাইছে আপুনি আন কাৰোবাক মাতি আনি তাইৰ বিপক্ষে সুধি চাব পাৰে ।। মধুপুৰ চহৰত প্ৰকৃততে তাইৰ চৰিত্ৰ কেনেকুৱা ........ 

  : এইটো তো সুধিবই লাগিব পৰাগ যিহেতু তোমাৰ কথাৰ পৰা মই Confirm হৈ পৰিলো ছোৱালী জনী মোৰ থানাৰ অন্তৰ্গত হয় । গতিকে মোৰ তাইৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত Power বাঢ়ি গল । মোৰ হাতৰ পৰা এজনো অপৰাধী বাছি যাব নোৱাৰে । আজি যেনেকৈ ফুলকুমলীয়া ছোৱালী জনীৰ গুপ্তাংগত লোহা সুমুৱাই গোটেই দেহ তো ঘুনিয়া কৰি পেলালে সেইকেইজন অপৰাধী ৰ শাস্তি Encounter ত কৈ বেলেগ হব নোৱাৰে....... 

    "আৰু পৰাগ তুমি যদি আগৰ পৰাই জানা তাই এজনী বেশ্যা বুলি তুমি তো আৰক্ষী চকীত এটা complain দিব পাৰিলা হয় । কিয় নিদিলা? পুলিচ ৰ হাতত পৰিলে তাইৰ স্বভাৱ হয়তো সলনি হৈ গল হয় , তাইৰ বয়স নো কিমান হৈছে বৰ বেছি হলে 19 বছৰ । বেয়া লগা নাছিল তাই এই কম বয়সতে এনেকুৱা বৃত্তি ৰ লগত জড়িত হৈ থকা বুলি জানিও----

    "অফিচাৰৰ প্ৰশ্নত পৰাগ নিচ্ছুপ হৈ ৰৈছিল" 

    : ঠিক তেনেতে ৰুমৰ ভিতৰলৈ ডাক্তৰ গৈ কৈছিল -----  

   : অফিচাৰ আপোনাৰ যদি পেছেন্ট ক  লগ কৰা হৈ গল বাহিৰলৈ ওলাই দিলে ভাল আছিল , কাৰণ ৰুমলৈ নাৰ্ছ আহিব তাইৰ চিকিৎসা ৰ সময় হৈছে 

  : ডাক্তৰ ৰ কথা শুনি অফিচাৰ আৰু পৰাগে ডাক্তৰ জনক নিজৰ কাম কৰিব দি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল । বাহিৰলৈ আহি বিক্ৰমে পৰাগ ক যাবলৈ দিলে আৰু যেতিয়াই বিচাৰিম তেতিয়াই থানাত হাজিৰ হব লাগিব বুলি কলে .......

         : পৰাগ গুচি যোৱাত বিক্ৰমে এটি হতাশ মন লৈ নিজৰ দায়িত্ব স্থলীলৈ উভতি আহিবলৈ ললে আহোতে বিক্ৰমে ভাবি ভাবি আহিছিল , পৰাগে ছোৱালী জনীক বেশ্যা বুলি কলে কিন্তু এজনী বেশ্যাৰ দেহত মোৰ তেজ আছে ।। তাইৰ সৌন্দৰ্যই মোৰ মনটো এবাৰতে মুহি লৈ গৈছে ।। তাই এজনী বেশ্যা হলেও মই তাইৰ প্ৰেমত পৰি গলো । মোৰ মনে যেন মানি লবলৈ তান পাইছে তাই এজনী বেশ্যা ........

       আগলৈ 

২য় খণ্ড পঢ়ক

Post a Comment

Previous Post Next Post

People Like