" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 2 Assamese Story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 2 Assamese Story

 


তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী

       খণ্ড - 2 

    লেখক - নয়ন নাথ 

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১

Wacth Video on Youtube

                  :সময় বোৰ উকলি গৈছে বিক্ৰম অফিচাৰ আৰক্ষী চকীৰ ভিতৰত নিজৰ আসন খনত বহি চিন্তা কৰিছে , ছোৱালী জনী বাৰু কোন হব পাৰে? মোৰ থানাৰ অন্তৰ্গত নে অন্য কোনোবা থানাৰ, তাইৰ বাৰু মাক - দেউতাক নাই নেকি এতিয়ালৈকে ছোৱালী জনীৰ Missing Report অহা নাই যে কিয় ? কিমান সময়ৰ পৰা বা তাই পুখুৰীৰ পাৰত পৰি আছিল , কেতিয়াৰ পৰা বা সন্ধান হীন হৈ আছিল , নাই নাই এনেকৈ আৰু মই হাতসাৱটি বহি থাকিলে নহব  ওচৰে পাজৰে থকা কেইখন মান আৰক্ষী চকীত খবৰ লৈ চোৱাই ভাল হব । কোনোবা থানাত ছোৱালী ৰ missing Reports আছে নেকি , বাৰু যি নহওঁক কোনে কৰিলে তাইৰ সৈতে এনেকুৱা জঘন্য কৰ্ম ,দেখাত তো তাই এজনী ফুলকুমলীয়া ছোৱালী, এনেধৰণৰ হাজাৰ প্ৰশ্ন ৰ উত্তৰ বিচাৰি থাকোতে অফিচাৰৰ Private Mobile তো বাজি উঠিল , মোবাইল তো হাতত লৈ দেখিলে ভণিতা ই ফোন কৰিছে , অফিচাৰে অলপো দেৰি নকৰি ফোনটো ৰিচিভ কৰিলে ----- 

 : হেল্ল ভণিতা কওঁক 

: ছাৰ আপুনি এতিয়াই মেডিকেল আহিব লাগিব 

: কিন্তু কিয় ভণিতা !! ছোৱালী জনীৰ কিবা অথন্তৰ ঘটিল নেকি 

: তেনেকুৱা এতিয়ালৈ একো হোৱা নাই ছাৰ , কিন্তু যিকোনো সময়ত হৈ যাব পাৰে কাৰণ ছোৱালী জনীৰ অৱস্থা বৰ বেছি ভাল নহয় , তাইক অপাৰেচন কৰিব লাগিব , যিহেতু ছোৱালী জনী বৰ্তমান পৰিচয় বিহীন সেয়ে ডাক্তৰে অপাৰেচন কৰিবলৈ ভয় কৰিছে , আৰু এই সম্পৰ্কে আপোনাৰ সৈতে কথা পাতি আপোনাৰ চহী পালে অপাৰেচন ৰ কাম আগবঢ়াব পাৰিম বুলি জনাইছে

: হয় নেকি ? ঠিক আছে দিয়ক মই গৈ আছোঁ বুলি চিকিৎসক জনক কৈ দিবা

: OK sir 

: ফোনৰ সংযোগ বিছিন্ন কৰি  অফিচাৰ জনে নিজে নিজকে প্ৰশ্ন কৰি চাইছে ছোৱালী জনীৰ অপাৰেচন ৰ কাগজত চহী কৰা উচিত হব জানো ? যদি অপাৰেচন কৰি থাকোতে তাইৰ কিবা হৈ যায় মোৰ চোন বহুত ডাঙৰ সমস্যা হৈ যাব । কাৰ ছোৱালী কোনে দায়িত্ব লব লগীয়া হৈছে , এয়ে হৈছে এজন পুলিচ অফিচাৰৰ জীৱন । যেতিয়াই তেতিয়াই পৰিস্থিতি সাপেক্ষে কিমান ডাঙৰ ৰিক্স লব লগীয়া হৈ পৰে , বাৰু আগত মেডিকেললৈ গৈ চাওঁ , তাৰ পিছত কি কৰা যায় দেখা যাব , এইবুলি বিক্ৰম অফিচাৰে হাতত কেচ ডায়েৰী খন লৈ আৰক্ষী চকীৰ পৰা নিশা 10 বজাত মেডিকেল লৈ ওলাই গল ------

  :মেডিকেল ত বিক্ৰমে ভণিতাৰ সহায়ত চিধাই গৈ চিকিৎসক জনক লগ কৰিলে ------

 : ডাক্তৰ মোক হেনো মাতি পঠিয়াইছিল?"

: হয় অফিচাৰ ! আপোনাৰ পেছেন্ট ৰ অৱস্থা সংকতজনক । পেছেন্ট ক ধৰ্ষণ কৰা হৈছে । আপুনি হয়তো শুনি আচৰিত হব তাইৰ গুপ্তাংগত কিবা লোহা জাতীয় বস্তু সুমুৱাই ঘটালী দিয়া হৈছে । আৰু হাত ভৰি বোৰ কিবা চোকা অস্ত্ৰৰে কাটি চিৰা চিৰ কৰি পেলাইচে , লগতে মূৰত কিবা গধুৰ বস্তু ৰে প্ৰহাৰ কৰিছে যাৰ বাবে তাইৰ মূৰ তো বহুত জখম কৈ ফাটিচে তাত ইতিমধ্যে 7 তা ছিলাই পৰিছে । এইবোৰ ৰ কাৰণে ছোৱালী জনীৰ দেহৰ পৰা বহুত ব্লাড ওলাই গৈছে , ইমানখিনি আক্ৰমণ কৰাৰ পিছতো কিবা বহুত পুণ্যৰ বলতে জীয়াই আছে অফিচাৰ । এতিয়া কথা হল পেছেন্টক Emergency ব্লাড দিব লাগিব । কাৰণ তাইৰ দেহত একেবাৰে তেজ নাই । তেজ দিয়াৰ  পিছত হে তাইক পুনৰ চিকিৎসা কৰিব পৰা যাব

:কিন্তু ডাক্তৰ তাইক এই মাজ ৰাতি তেজ দিব কোনে ? এইফালে তাইৰ এতিয়ালৈকে মই কোনোধৰণৰ পৰিচয় উলিয়াব পৰা নাই 

: সেইটো আপোনাৰ দায়িত্ব অফিচাৰ । মই যিখিনি কব লগীয়া আছিল কলো 30 মিনিটৰ ভিতৰত পেছেন্টৰ তেজৰ ব্যৱস্থা কৰক নহলে পেছেন্টক মই বচাব নোৱাৰিম এতিয়া মই আহিছোঁ 

: চিকিৎসক জন গুচি যোৱাত বিক্ৰম অফিচাৰে ভণিতা লৈ চাই কলে ---- 

       ভণিতা কি কৰা যায় এতিয়া মাত্ৰ 30 মিনিট ৰ ভিতৰত কৰ পৰা তেজৰ ব্যৱস্থা কৰো, তাইক তো মৰি যাবলৈ দিব নোৱাৰোঁ , এটা কথা সত্য তাই মৰি গলে ও আমাৰ একো নাযায় , কিন্তু আক্ৰমণ কৰা নেতা কেইজন যে আমাৰ চকুত ধূলি মাৰি বাছি যাব দুদিন পিছত আকৌ সিহঁতে কোনোবা  ফুলকুমলীয়া ছোৱালী ক Target কৰি লব । এইবোৰ জানো উচিত কথা হব ।   কিন্তু তাই জীয়াই থাকিলে তাইৰ মুখৰ ভাষ্য ৰ ভিত্তিত সকলোকে উচিত শাস্তি দিবলৈ পৰা যাব । তাই মোৰ থানাৰ বাসিন্দা হব ও পাৰে নহব ও পাৰে এইবোৰ সকলো ৰাতিপুৱা হে পৰিষ্কাৰ হৈ পৰিব । কিন্তু কোনোবা থানাত যদি তাইৰ বিপক্ষে Missing report আছে .... সেই report অনুসৰি আৰক্ষী য়ে  24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত ও কোনো সন্ধান উলিয়াব নোৱাৰিলে বুলি Public য়ে ৰাতিপুৱা লৈ থানা খন ঘেৰী ধৰিব আৰু অসম পুলিচ হাই হাই বুলি চিঞৰিব ।। এইবোৰ বাৰু কম লাজৰ কথা হবনে ।। এখন আৰক্ষী চকীৰ লগত গোটেই অসমৰ আৰক্ষী চকী বোৰক সাঙুৰি লৈ আহিব ....

 : তেনেহলে এতিয়া কি কৰিব ছাৰ?

: মই এটা কথা ভাবিছোঁ ছোৱালী জনীক মই তেজ দিম 

: কিন্তু ছাৰ 

: কোনো কিন্তু নাই ভণিতা মই এই সিদ্ধান্ত বহুত ভাবি চিন্তি লৈছোঁ বুলি বিক্ৰম গৈ চিকিৎসক জনক লগ কৰিলে আৰু নিজৰ দেহৰ তেজ পৰিচয় বিহীন ছোৱালী জনীক দান কৰিলে । আৰু তাইক যেন চিকিৎসক জনে উন্নত চিকিৎসা কৰি সোনকালে সুস্থ কৰি তোলে  তাকে অনুৰোধ কৰি মেডিকেলৰ পৰা ভণিতাৰ সৈতে নিশা 12 মান বজাত থানালৈ বুলি পুনৰ যাত্ৰা কৰিলে -----

               আগলৈ ~~~

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 3

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 4

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 5

Post a Comment

Previous Post Next Post

People Like