" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 4 Assamese story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 4 Assamese story

 

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 4 Assamese story

তাই এজনী বেশ্যা

   এটি জীৱন্ত কাহিনী 

    খণ্ড - 4 

  লেখনি - নয়ন নাথ 

আগৰ খণ্ড কেইটা চাবলৈ

                 "বিক্ৰম অফিচাৰৰ আৰক্ষী চকী খনৰ পৰা ঘৰখন 7 কিঃমিঃ নিলগত , সেয়ে বিক্ৰমে থানাত বেছিকৈ কামৰ বোজা নাথাকিলে ঘৰৰ পৰা বৌৱেকৰ হাতৰ ভাত মুঠি খাবলৈ সদায় ঘৰলৈ যায় , আজিও বিক্ৰম মেডিকেল ৰ পৰা বাহিৰে বাহিৰে দুপৰীয়া ৰ ভাত খাবলৈ ঘৰলৈ আহিল , ঘৰ খনত বিক্ৰম হৈছে মাজু লৰা । ককায়েক , বৌৱেক, মাক - দেউতাক সকলোৰে মৰমৰ সি , সকলোতকৈ তাক বেছি মৰম কৰিছিল বৌৱেকে , সেয়ে বৌৱেকক সি জীৱনৰ সকলো কথাই খুলি কৈছিল , আজিও সি ঘৰৰ পদূলিত বাইক খন ৰাখি ঘৰৰ ভিতৰলৈ বৌ বৌ কৈ চিঞৰি সোমাই গৈছিল ------ 

    "বৌ" বৌ" 

  "মই পাকঘৰত আছোঁ !! চিঞৰি থাকিব নালাগে ইয়ালৈ আহা 

:বৌৱেকৰ মাতত বিক্ৰম পাকঘৰলৈ সোমায় গল 

  :কি হল আজি ইমান সোনকালে আহিলা মোৰ ভাত হোৱাই নাই , থানাত কাম নাই নেকি তোমাৰ"

 :কাম আছে তোমাক এটি কথা কবলৈ হে আহিছিলোঁ 

 : বা!! কি কথা ঔ 

 : বৌ শুনানা মই যে এজনী ছোৱালী ৰ প্ৰেমত পৰিছো 

 : Wow , কি নাম ছোৱালী জনীৰ ? ঘৰ কত ? 

 : ছোৱালী জনীৰ নাম নাই বৌ 

  : মানে ? বিক্ৰমৰ কথাত বৌৱেকৰ চকুৰ পতা বহল হৈ আহিল 

  : তাই এজনী বেশ্যা বৌ 

   : কি ? 

   : অ বৌ তাই এজনী বেশ্যা 

   : তুমি এইবোৰ কি কথা কৈছা বিক্ৰম , এজনী বেশ্যাৰ প্ৰেমত পৰিছাঁ । তাইক জানো মা - দেউতাই বোৱাৰীৰ  ৰূপত আদৰি লব

 : কেতিয়াও নলয় বৌ । সেয়ে তুমি মা - দেউতাক বুজাব লাগিব । মই এজনী দুৰ্ভগীয়া ছোৱালীক উদ্ধাৰ কৰিম বৌ এইটো জানো মোৰ পাপ হব কোৱা 

  : পাপ নহয় বিক্ৰম । ছোৱালী জনী তুমি মোৰ দৃষ্টিত বাদ দিয়া, কাৰণ মই বুজালে ও মা - দেউতাই কেতিয়াও এজনী বেশ্যাক এইখন ঘৰলৈ বোৱাৰী কৰি নানে । যদি ছোৱালী জনীৰ বিপদ হৈছে তাইক আইনৰ সহায়ত ন্যায় দিয়া , তাইৰ নাম বেশ্যা কৰি গঢ় দিয়া অপৰাধী কেইজনক উচিত শাস্তি দিয়া, কিন্তু ছোৱালী জনীৰ লগত গঢ়ি উঠা সম্পৰ্ক এতিয়াই ত্যাগ কৰা নহলে পিছত বহুত বেয়াকৈ প্ৰস্তাবা মই কৈ দিছোঁ  

 : সেইখিনি তো মই কৰিমেই বৌ । কিন্তু মই যে তাইক পাহৰি যাব নোৱাৰো 

: তুমি  নোৱাৰো বুলি কলে নহব  নহয় পাহৰিবলৈ চেষ্টা কৰিব লাগিব, আৰু তোমাৰ বাবে ছোৱালী ৰ কি অভাৱ হৈছে নেকি , কিমান ছোৱালী লাগে তোমাক মোক কোৱা শিক্ষা থকা লাগে নে শিক্ষা নথকাই লাগে 

 :মই জানো বৌ মোৰ বাবে যে ছোৱালীৰ অভাৱ হোৱা নাই কাৰণ মোৰ হাতত এটি চৰকাৰী চাকৰি আছে , যদি সকলোৱে ভাল ভাল বোৰ বিচাৰে বেয়া বোৰ কোনে বিচাৰিব বৌ , বেশ্যা, ধৰ্ষিতা , এই কলংক জানো  এজনী ছোৱালী এ জন্মতে লৈ আহে, এই কলংকৰ দাগ জানো আমাৰ পুৰুষ বোৰে লগাই নিদিয়ে কলংকৰ দাগ লগাৰ পিছত কিয় ছোৱালী জনীক পত্নী ৰ ৰূপত গ্ৰহণ কৰিবলৈ পুৰুষ আগুৱাই নাহে , কলংকিনি হল বুলিয়ে সিহঁতৰ জানো এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই বৌ ------- 

       "এনেকৈ বিক্ৰমে মনৰ কথা বোৰ বৌৱেকক কৈ থাকোতে হঠাৎ তাৰ ফোনটো বাজি উঠিল । ফোনটো হাতত লৈ দেখিলে ডক্টৰে ফোন কৰিছে । সেয়ে সি বৌৱেকৰ ওচৰৰ পৰা আঁতৰি গৈ ফোনটো ৰিচিভ কৰিলে 

    :হেল্ল ডাক্তৰ

    : হেল্ল অফিচাৰ । আপোনাৰ পেছেন্ট মানে ছোৱালী জনীৰ জ্ঞান ঘূৰি আহিচে, কিন্তু অফিচাৰ 

    : কিন্তু কি ডাক্তৰ 

    : ছোৱালী জনীয়ে জ্ঞান পাই  "মা" "মা" বুলি মাতি আছে । আপুনি যদি পাৰে এতিয়াই মেডিকেললৈ আহিলে ভাল আছিল 

  : ঠিক আছে মই গৈ আছোঁ , বুলি বিক্ৰমে ফোনটো ৰাখিলে আৰু বৌৱেকৰ ওচৰলৈ গৈ কলে --- বৌ তুমি এবাৰ কথাটো ভালকৈ ভাবি চাবা চোন মই তোমাক কৈছোঁ তোমাৰ ও ছোৱালী জনী দেখিলে ভাল লাগিব বহুত মৰম লগা আৰু সৰু ছোৱালী । মই তোমাৰ লগত আকৌ পিচত কথা পাতিম এতিয়া মোৰ ফোন আহিছে যাব লাগিব আজি ভাত খোৱাৰ সময় নাই, মই হোটেলত খাই লম বুলি বিক্ৰম বৌৱেকৰ ওচৰৰ পৰা মেডিকেললৈ গুছি গল , মেডিকেল পাই চিধাই বিক্ৰমে গৈ ডক্টৰক লগ কৰিলে 

    : ডাক্তৰ 

    : অ অফিচাৰ আহিলে 

     : হয় 

    : আহক মোৰ লগত । কিন্তু এটা কথা তাইক এতিয়াই মগজু ত প্ৰেচাৰ পৰা একো কথাই নুসুধিব কাৰণ ছোৱালী জনী বৰ্তমান 50 % হে সুস্থ হৈছে বাকী খিনি সুস্থ হবলৈ আৰু সময় লাগিব 

   : ঠিক আছে ডাক্তৰ 

   : আহক বুলি ডাক্তৰ জনে অফিচাৰ ক ছোৱালী জনীৰ ওচৰলৈ লৈ গল । অফিচাৰ লাহে লাহে ছোৱালী জনীৰ বিছনা খনলৈ আগুৱাই গৈছে , ওচৰত মানুহৰ উপস্থিতি গম পাই তাই চটফটাইছে , বাৰে বাৰে কৈছে মোক কিয় এনেকৈ থৈ দিছে , মোক যাবলৈ দিয়ক মই "মা" ৰ ওচৰলৈ যাম , বুলি কবলৈ ধৰিছে 

   : তাইৰ কথা বোৰ শুনি অফিচাৰে লাহেকৈ তাইক মাত লগালে ভন্টি 

   : কাৰোবাৰ মাত শুনি ছোৱালী জনীয়ে চকুযুৰি মেলি সন্মুখত পুলিচ দেখি কলে । ছাৰ মোৰ "মা" মোলৈ বাট চাই আছে, মোক মাৰ ওচৰলৈ যাব দিয়ক ছাৰ ,

  : তুমি মাৰ ওচৰলৈ অকলে যাব নালাগে মই লৈ যাম বাৰু ..... কিন্তু আগত কোৱা তোমাৰ মা থাকে কত ?

  : ছাৰ জিৰণি চৰাত  শুই আছে

 : কি??? 

: হয় ছাৰ । মোৰ মা শুৱাৰ পৰা উঠিব নোৱাৰে আৰু চকুৰে ও নেদেখে, মই মাৰ ঔষধ নিবলৈ ফাৰ্মাশী লৈ আহিছিলোঁ । কিন্তু মই ইয়াত যে আৰু মোৰ ঔষধ খিনি কত? আহ মোৰ মূৰ তো ঘূৰাইচে বুলি এটি চিঞৰ মাৰি দিলে তাই । তাইৰ চিঞৰ শুনি ওচৰলৈ নাৰ্ছ দুজনী দৌৰি গৈ দেখিলে তাই খৰকৈ উশাহ লবলৈ ধৰিছে । কথা বিষম দেখি নাৰ্ছ দুজনী য়ে লগে লগে মুখত অক্সিজেন দি টোপনি আহিবলৈ ইঞ্জেকচন দিলে । লাহে লাহে তাইৰ খৰকৈ উশাহ লোৱাটো বন্ধ হল , আৰু টোপনি গল , অফিচাৰে দেখিছে তাইৰ টোপনিত এ দু - চকুৰে চকুলো বাগৰি আহিছে । যি দৃশ্য ই বিক্ৰমৰ চকু সেমেকাই তুলিছে , অফিচাৰ আৰু অকণমান সময় ও মেডিকেলত নাথাকি খৰধৰ কৈ থানালৈ বুলি বাইক খনৰ এক্সেলেটৰ পকাই দিলে .........

         আগলৈ ~~~

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - ১

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 3

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 4

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী : খণ্ড - 5

 তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 5

Post a Comment

Previous Post Next Post

People Like