" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 3 Assamese Story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 3 Assamese Story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী  খণ্ড - 2 Assamese Story

 

তাই এজনী বেশ্যা

      (এটি জীয়া কাহিনী)

            খণ্ড - ৩

    লেখনি - নয়ন নাথ 

                     : ভণিতা আৰু অফিচাৰ মেডিকেলৰ পৰা আৰক্ষী চকী লৈ উভতি আহিল , লাহে লাহে ঘড়ীৰ কটাই সময়ৰ লগতে নিশাৰ আন্ধাৰ আঁতৰাই লৈ গৈছে , যথা সময়ত জীৱ জন্তু চৰাই - চিৰিকটিৰ মাতেৰে এটি নতুন দিনৰ আৰম্ভণি হৈছে,পূৱৰ আকাশত উদয় হোৱা সূৰ্য্যৰ কোমল ৰদে আহি ভুমুকি মাৰিছে , মধুপুৰ আৰক্ষী চকী খনত ৰাতিপুৱাৰ পৰাই ছোৱালী জনীৰ চিন্তাই সকলোকে বিমোৰত পেলাইচে , সকলোৰে মুখত এটাই কথা কোন হব পাৰে ছোৱালী জনী, তাই আহিল কৰ পৰা, বিক্ৰম অফিচাৰ ব্যস্ত হৈ পৰিছে ছোৱালী জনীৰ সন্ধান বিচৰাত , Head branch লৈ খবৰ পঠিয়াইচে কোনোবা আৰক্ষী চকীত ছোৱালীৰ missing report pending হৈ আছে নেকি !! কিন্তু নাই এই সপ্তাহত তেনেকুৱা কোনো missing report pending হৈ থকা নাই , তেনেহলে ছোৱালী জনী হয় কোন??  এই চিন্তা ত অফিচাৰ ৰ লগতে সকলো আৰক্ষী বিমোৰত পৰিল ।

    

:ঠিক সেইসময়ত থানাৰ ভিতৰলৈ সোমাই আহিল পৰাগ চলিহা.....


    :ছাৰ নমস্কাৰ মই পৰাগ চলিহা ।। মোক যোৱা ৰাতি মাতি থৈ আহিছিল

: হয় !! বহক বুলি সন্মুখত থকা চকী খন অফিচাৰ বিক্ৰম এ দেখুৱাই দিছিল

: চকী খনত বহি পৰাগে ছাৰ কওক চোন মোক কিয় মাতি পঠিয়াইছিল 

: কৈছো !! যোৱা ৰাতি পুখুৰীৰ পাৰত পৰি থকা ছোৱালীজনী তুমি চিনি পোৱা নেকি ? 

: ছাৰ ছোৱালী জনী চিনি পাবলৈ মই তাইৰ মুখ খনি এ দেখা নাপালোঁ নহয় । মই অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে মানুহৰ জুম দেখি আগবাঢ়ি গৈ ছোৱালী জনী তেনেকৈ পৰি থকা দেখি লগে লগে আপোনাক খবৰ দিছোঁ । ইয়াৰ বাহিৰে মই বিশেষ নাজানো ছাৰ 

: বাৰু পৰাগ তুমি ছোৱালী জনী দেখিলে চিনি পাবা নেকি ? 

: ছাৰ এতিয়া কবলৈ নোৱাৰিম ।। যদি কৰবাত দেখিছোঁ অথবা লগ পাইছোঁ তাইক দেখিলে হে কব পাৰিম ।। 

: ঠিক আছে তুমি তেন্তে এতিয়া মোৰ লগত মেডিকেললৈ বলা, তাত গৈ ছোৱালী জনী যদি চিনি পোৱা মোক অলপ তাইৰ বিষয়ে তথ্য উলিয়াই দিয়াত সহায় কৰাচোন । মই বহুত ডাঙৰ সমস্যাত পৰিছো তাইক লৈ এতিয়ালৈকে কোনো এখন আৰক্ষী চকীত এটাও ছোৱালী মানুহৰ missing report অহা নাই । ইমান সময় হল ক'ৰ ছোৱালী অকণমান ও সম্ভেদ উলিয়াবলৈ পৰা নাই 

                             "অফিচাৰ ৰ কথা শুনি পৰাগে ঠিক আছে বলক ছাৰ মই যিমান পাৰোঁ আপোনাক সহায় কৰিম বুলি কলে , কথা শুনি  বিক্ৰম এ অলপো দেৰি নকৰি পৰাগক লৈ মেডিকেললৈ ঢাপলি মেলিলে । মেডিকেল পাই ডাক্তৰৰ সৈতে কথা পাতি অফিচাৰে গম পালে যে ছোৱালীজনীৰ তেতিয়ালৈ জ্ঞান অহা নাই । হলেও এবাৰ তাইক চাবলৈ বিচৰাত ডাক্তৰে অনুমতি দিছে , ডাক্তৰৰ অনুমতি পাই ছোৱালী জনী ভৰ্তি হৈ থকা ৰুমৰ ভিতৰলৈ প্ৰথমে সোমাই গৈছিল বিক্ৰম অফিচাৰ । ভিতৰত সোমাই ছোৱালী জনী দেখি অফিচাৰৰ চকু ঠৰ হৈ পৰিছিল ,যিহেতু অফিচাৰে ৰাতিৰ আন্ধাৰত ছোৱালী জনী ভালকৈ দেখা পোৱা নাছিল । এতিয়া তাইৰ মুখখনি দেখি অফিচাৰ বিক্ৰমৰ যেন কিবা এটা ভাল লাগি গৈছিল, কাৰণ ছোৱালীজনী দেখিবলৈ ইমানেই মৰম লগা আছিল যে,  বিয়া - বাৰু নোহোৱা বিক্ৰম প্ৰথম দেখি এ মেডিকেল ৰ বিছনাত পৰি থকা পৰিচয় বিহীন ছোৱালী জনীৰ প্ৰেমত পৰি গৈছিল । মনৰ অনুভৱ মনতে ৰাখি মুখত এটি মিচিকিয়া হাঁহি লৈ বাহিৰলৈ আহি পৰাগক মাতি লৈ গৈছিল, অফিচাৰৰ লগত পৰাগ ভিতৰলৈ সোমাই গৈ ছোৱালী জনী দেখি কৈছিল পাওঁ ছাৰ মই ছোৱালী জনী ভালকৈ চিনি পাওঁ 

  : কথা শুনি বিক্ৰম অফিচাৰৰ মনটো আনন্দতে নাচি উঠিছিল , আৰু পৰাগলৈ চাই কৈছিল ,কি কলা পৰাগ তুমি ছোৱালী জনী চিনি পোৱা 

 : হয় ছাৰ চিনি পাওঁ 

: তেনেহলে কোৱাচোন কোৱা , নাম কি ছোৱালীজনীৰ? তাইৰ ঘৰ কত ? ঘৰত কোন কোন আছে ? 

: ছাৰ ছোৱালী জনী যদিও মই চিনি পাইছোঁ কিন্তু তাইৰ বিপক্ষে ইমান বোৰ তথ্য নাজানো । মই মাথো জানো ছোৱালীজনী আন কোনো নহয় তাই এজনী বেশ্যা ।। আমাৰ মধুপুৰ টাউনত তাই ঘূৰি ফুৰে ।। সুবিধা পালে পুৰুষ বোৰক তাইৰ দেহৰ লোভ দেখুৱাই অফাৰ দিয়ে ।। দেহৰ লোভত বন্দি হৈ পুৰুষে তাইৰ দেহটো টকাৰ বিনিময়ত  দৰদাম কৰে । প্ৰতি জন পুৰুষৰ পৰা তাই 1500 ৰ পৰা 2000 ৰলৈ টকা সংগ্ৰহ কৰে , তাইৰ এই অফাৰ আজিৰ পৰা এমাহ আগত মোলৈ আহিছিল ছাৰ কিন্তু মই তাইৰ সেই অফাৰত ভোল নগলোঁ ।। বাকী তাইৰ ঘৰ কত হয়, ঘৰত কোন কোন আছে  মই একো নাজানো ।। 

      : পৰাগৰ কথা শুনি বিক্ৰমৰ মুখত থকা মিচিকিয়া হাঁহিটো হঠাৎ নোহোৱা হৈ পৰিল , সপোন দেখিবলৈ আৰম্ভ কৰিছিল হে , আৰম্ভণিতে কেনা লাগিল, ছোৱালী জনী শুই থকা বিছনা খনলৈ বিক্ৰম আগবাঢ়ি গৈ একে থৰে তাইৰ মৰম লগা মুখ খনিলৈ চাই কৈছিল....

       কি কলা পৰাগ এই মৰম লগা ফুলকুমলীয়া ছোৱালীজনীৰ নাম এজনী বেশ্যা ।।

    : হয় ছাৰ তাই এজনী বেশ্যা, সেয়েহে হয়তো তাই সন্ধানহীন হোৱা ৰিপোৰ্ট কোনো এখন আৰক্ষী চকীত registered হোৱা নাই 

     : তোমাৰ কিবা ভুল হৈছে পৰাগ এই ছোৱালী জনী কেতিয়াও বেশ্যা হব নোৱাৰে ।। হয়তো তাই অকলশৰীয়া । সেয়েহে তাইৰ হৈ কোনো মানুহে পুলিচক reports দিয়া নাই 

     : নহয় ছাৰ মোৰ ভুল হোৱা নাই আপুনি ভুলকৈ ভাবিছে , মোৰ কথা যদি আপুনি বিশ্বাস কৰিবলৈ তান পাইছে আপুনি আন কাৰোবাক মাতি আনি তাইৰ বিপক্ষে সুধি চাব পাৰে ।। মধুপুৰ চহৰত প্ৰকৃততে তাইৰ চৰিত্ৰ কেনেকুৱা ........ 

  : এইটো তো সুধিবই লাগিব পৰাগ যিহেতু তোমাৰ কথাৰ পৰা মই Confirm হৈ পৰিলো ছোৱালী জনী মোৰ থানাৰ অন্তৰ্গত হয় । গতিকে মোৰ তাইৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত Power বাঢ়ি গল । মোৰ হাতৰ পৰা এজনো অপৰাধী বাছি যাব নোৱাৰে । আজি যেনেকৈ ফুলকুমলীয়া ছোৱালী জনীৰ গুপ্তাংগত লোহা সুমুৱাই গোটেই দেহ তো ঘুনিয়া কৰি পেলালে সেইকেইজন অপৰাধী ৰ শাস্তি Encounter ত কৈ বেলেগ হব নোৱাৰে....... 

    "আৰু পৰাগ তুমি যদি আগৰ পৰাই জানা তাই এজনী বেশ্যা বুলি তুমি তো আৰক্ষী চকীত এটা complain দিব পাৰিলা হয় । কিয় নিদিলা? পুলিচ ৰ হাতত পৰিলে তাইৰ স্বভাৱ হয়তো সলনি হৈ গল হয় , তাইৰ বয়স নো কিমান হৈছে বৰ বেছি হলে 19 বছৰ । বেয়া লগা নাছিল তাই এই কম বয়সতে এনেকুৱা বৃত্তি ৰ লগত জড়িত হৈ থকা বুলি জানিও----

    "অফিচাৰৰ প্ৰশ্নত পৰাগ নিচ্ছুপ হৈ ৰৈছিল" 

    : ঠিক তেনেতে ৰুমৰ ভিতৰলৈ ডাক্তৰ গৈ কৈছিল -----  

   : অফিচাৰ আপোনাৰ যদি পেছেন্ট ক  লগ কৰা হৈ গল বাহিৰলৈ ওলাই দিলে ভাল আছিল , কাৰণ ৰুমলৈ নাৰ্ছ আহিব তাইৰ চিকিৎসা ৰ সময় হৈছে 

  : ডাক্তৰ ৰ কথা শুনি অফিচাৰ আৰু পৰাগে ডাক্তৰ জনক নিজৰ কাম কৰিব দি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল । বাহিৰলৈ আহি বিক্ৰমে পৰাগ ক যাবলৈ দিলে আৰু যেতিয়াই বিচাৰিম তেতিয়াই থানাত হাজিৰ হব লাগিব বুলি কলে .......

         : পৰাগ গুচি যোৱাত বিক্ৰমে এটি হতাশ মন লৈ নিজৰ দায়িত্ব স্থলীলৈ উভতি আহিবলৈ ললে আহোতে বিক্ৰমে ভাবি ভাবি আহিছিল , পৰাগে ছোৱালী জনীক বেশ্যা বুলি কলে কিন্তু এজনী বেশ্যাৰ দেহত মোৰ তেজ আছে ।। তাইৰ সৌন্দৰ্যই মোৰ মনটো এবাৰতে মুহি লৈ গৈছে ।। তাই এজনী বেশ্যা হলেও মই তাইৰ প্ৰেমত পৰি গলো । মোৰ মনে যেন মানি লবলৈ তান পাইছে তাই এজনী বেশ্যা ........

       আগলৈ ~~~

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী  খণ্ড - 4

Post a Comment

Previous Post Next Post

People Like