" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - ৬ Assamese Story episode 6

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - ৬ Assamese Story episode 6

তাই এজনী বেশ্যা     এটি জীৱন্ত কাহিনী  খণ্ড - ৬    লেখক - নয়ন নাথ


 তাই এজনী বেশ্যা 

  এটি জীৱন্ত কাহিনী

খণ্ড - ৬ 

 লেখক - নয়ন নাথ 

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

      :এদিন দুদিন কৰি সন্ধ্যা ৰ মাকৰ মৃত্যু হোৱা  সম্পূৰ্ণ 14 দিনৰ অন্ততঃ সন্ধ্যা মেডিকেল ৰ বিছনাৰ পৰা ৰিলিজ লৈ আহি চলা ফিৰা কৰিব পৰাকৈ অকণমান সুস্থ হৈছে , ভৰিত চোকা অস্ত্ৰৰে আঘাত কৰা ঘাঁ বোৰ শুকাই আহিবলৈ লৈছে , সেয়ে ভণিতাই বিক্ৰম ৰ নির্দেশ মানি ডক্টৰ ৰ পৰা ৰিলিজ লৈ সন্ধ্যা ক , বিক্ৰম অফিচাৰৰ ৰ ওচৰলৈ লৈ আহিছে -------- 

    : ছাৰ 

    : কাম কৰি থকাৰ পৰা মূৰটো তুলি চোৱাত ভণিতা ই কলে 

    : এয়া সন্ধ্যা 

  " অ'হ !! বুলি বিক্ৰমে সন্ধ্যা ক তলৰ পৰা ওপৰলৈ ভালকৈ চাইছে , বিবস্ত্ৰ দেহেৰে পুখুৰীৰ পাৰত পৰি থকা ছোৱালী জনী আজি কমলা ৰঙৰ চুৰিডাৰ পিন্ধি আহিছে , সেই চুৰিদাৰ জোৰ বিক্ৰমে কিনি ভণিতা ৰ হাতত দি পঠাইছিল সন্ধ্যাৰ বাবে , কাৰণ কমলা ৰং বিক্ৰমৰ বৰ প্রিয় , আৰু নিজৰ প্রিয় ৰং তো যদি মনে বিচৰা মানুহ জনীয়ে পিন্ধি সন্মুখত থিয় হৈ থাকে সেইখিনি সময়ত কেনেকুৱা সপোন দেখিবলৈ পাৰে মই আৰু লিখি বুজাই দিব নালাগে, বিক্ৰমে ও সন্ধ্যা ক তেনেকৈ ওচৰত পাই সপোন দেখাৰ আৰম্ভ কৰি দিছিল , বহু সময় সন্ধ্যা ৰ পিনে  ৰ লাগি চাই থকা বিক্ৰমক ভণিতা ই পুনৰ মাত লগাইছিল ......... 

  : ছাৰ কি হল আপোনাৰ ?? থৰ হৈ থাকিল যে ? 

  : ভণিতাৰ মাত শুনি বিক্ৰমৰ সপোন ভাগি গৈছিল আৰু ভণিতাক চাই কৈছিল 

               কিবা কৈছিলা ? 

  : এয়া সন্ধ্যা বুলি কৈছিলোঁ 

  : অ'হ সন্ধ্যা আহা তুমি বহি লোৱা বুলি সন্মুখৰ চকী খন বিক্ৰমে দেখুৱাই দিছিল , 

      বিক্ৰম ৰ মতা দেখি সন্ধ্যা গৈ চকী খনত বহাত বিক্ৰমে ভণিতা ক কৈছিল ----- 

   : ভণিতা আপুনি যাওক মই সন্ধ্যা ৰ লগত কথা হৈ লম , আৰু শুনা দুৱাৰ খন মাৰি যাবা , বাহিৰত কিবা কেছ আহিলে নিজে ৰাখি থৈ দিবা , মোক লগ কৰিব কোনোবা আহিলে ব্যস্ত আছে বুলি কবা মুঠৰ ওপৰত মই অনুমতি নিদিয়াকৈ  ইয়ালৈ কাকো আহিব নিদিবা 

  : হব ছাৰ বুলি কৈ ভণিতা বিক্ৰম ৰ ৰুমৰ পৰা ওলাই গৈছিল , ভণিতা ওলাই যোৱাৰ পিছত অফিচাৰ বিক্ৰমে সন্ধ্যা ক সুধিছিল

   : সন্ধ্যা পানী খাবা নেকি ?? 

   : নাই নাখাওঁ ছাৰ 

    : ঠিক আছে তোমাৰ বাৰু কিবা মনত পৰিছে নেকি , প্ৰকৃততে তোমাৰ লগত কি হৈছিল , কেনেকৈ তুমি আৰক্ষী চকীলৈ আহিলা  ইয়ালৈ অহাৰ আগতে কত আছিলা ইত্যাদি এনেধৰণৰ কথাবোৰ যদি মনলৈ আহিছে কোৱা 

   : কিন্তু সন্ধ্যা নিমাত 

    : তাকে দেখি বিক্ৰমে পুনৰ সুধিলে

                     সন্ধ্যা কি হল তোমাৰ

     : এইবাৰ বিক্ৰম ৰ মাতত সন্ধ্যা উচপ খাই উঠিল 

: উচপ খাই উঠা সন্ধ্যাক বিক্ৰমে মৰমেৰে সুধিছিল কি হল তোমাৰ মোলৈ ভয় লাগিছে নেকি ? 

    : হয় ছাৰ ।। তাই এইবাৰ সৰুকৈ কৈছিল 

    : মোক ভয় কৰিবলৈ মই চিৰিয়াখানাৰ ভোকাটোৰ বাঘ নহয় যে তোমাক খাই পেলাম , মই তোমাক কিবা সুধিছিলোঁ প্ৰকৃততে তোমাৰ লগত হৈছিল কি? মোক সকলো কোৱা ভয় নকৰিবা 

   : এইবাৰো সন্ধ্যা ই সৰুকৈ কৈছিল মোৰ একো কথাই মনত পৰা নাই ছাৰ 

   : সন্ধ্যাৰ কথা শুনি বিক্ৰমে অকণমান কথা বোৰ মনত পৰক বুলি পুখুৰীৰ পাৰত বিবস্ত হৈ পৰি থকা , পৰাগে দিয়া তাইৰ পৰিচয়ৰ কথা , মেডিকেলত নিজৰ তেজ দান দি জীৱন দান দিয়াৰ কথা বোৰ এফালৰ ৰ পৰা কৈ যাবলৈ ধৰিছিল । অফিচাৰৰ কথা বোৰ শুনি গৈ থাকোতে হঠাৎ সন্ধ্যাই চিৎকাৰ কৰি উঠিল 

   : ছাৰ মই যাব লাগিব 

   : কিন্তু কলৈ 

   : মাৰ ওচৰলৈ , মোৰ বাবে মা বাট চাই আছে ছাৰ , মই মাৰ ঔষধ নিবলৈ হে আহিছিলোঁ , মই আহিছোঁ ছাৰ বুলি কৈ সন্ধ্যা বহাৰ পৰা উঠি যাবলৈ ধৰোঁতে বিক্ৰমে তাইক মাত লগাইছিল 

    : সন্ধ্যা 1 মিনিট 

    : অফিচাৰ ৰ মাতত তাই থমকি ৰৈ কৈছিল কওক ছাৰ 

    : এইফালে আহা তোমাৰ লগত মোৰ আৰু কথা আছে অলপ গহীন সুৰত কলে 

    : ছাৰ আপোনাৰ মোৰ লগত কি কথা আছে মই আবেলিকৈ আহি পাতিম ,কিন্তু এতিয়া মোৰ বাবে মা ৰৈ আছে মই যাব লাগিব , আপুনি চিন্তা নকৰিব আপোনাৰ ধাৰ খাই মই পলাই নাজাও , মোৰ জীৱন দান দিয়াৰ বাবে গোটেই জীৱন আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম 

   : সেইবোৰ মই বুজিছোঁ বাৰু কিন্তু তুমি যে মাৰ ওচৰলৈ যাব বিচাৰিছা মা জানো আছে 

  : আছে ছাৰ , মা কলৈ যাব , আৰু কৰবাত যাবলৈ মা চকুৰে নেদেখে 

  : কত আছে মা ? মোক কোৱাচোন 

  : এই যে ৰেল লাইনৰ ওচৰত এটি জিৰণি চৰা আছে তাত শুই আছে 


অফিচাৰে লক্ষ্য কৰিছে সন্ধ্যাৰ কথা বোৰ লাহে লাহে মনত পৰিবলৈ ধৰিছে সেয়ে বিক্ৰমে সন্ধ্যাক কলে 

   : সন্ধ্যা তুমি আৰু মাক বিচাৰি গৈ লাভ নহব 

   : কিন্তু কিয় ছাৰ 

   : তোমাৰ মা আৰু এই পৃথিৱীত নাই , মাৰ মৃত্যু হৈছে 

   : কি ???? এয়া কেতিয়াও হব নোৱাৰে ,এয়া অসম্ভৱ, মায়ে মোক এৰি কেতিয়াও আঁতৰি নাযায় বুলি প্ৰতিজ্ঞা কৰিছে , এনেকৈ কৈ বিক্ৰম ৰ আগত 16 বছৰীয়া সন্ধ্যা ই চকু পানী নিগৰাইচে , তাকে দেখি বিক্ৰমৰ বহুত বেয়া লাগিল সেয়ে বিক্ৰমে কলে 

 : সন্ধ্যা তুমি নিজকে সাহস দিয়া , মই যি কৈছোঁ একো মিছা কোৱা নাই , সচাকৈ তোমাৰ মাৰ মৃত্যু হৈছে , মই নিজে মেটৰৰ সহায়ত মাৰ অন্তিম সৎকাৰ কৰিছোঁ সেয়ে এতিয়া তুমি কান্দিলে  নহব নিজক বুজনি দিব লাগিব। আহিব লগীয়া দিনবোৰৰ ৰ সৈতে অকলশৰীয়াকৈ মোকাবিলা কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব 

   : কিন্তু ছাৰ মোৰ মনে মানি লবলৈ টান পাইছে মোক যে মায়ে অকলে এনেকৈ এৰি যাব পাৰে , আপুনি সৎকাৰ কৰা মানুহ জনী মোৰ মা নহব ও পাৰে , মোৰ মাক আপুনি কেনেকৈ চিনি অথবা বিচাৰি পালে 

   : তুমি ইমান অবুজ নহবা সন্ধ্যা । মই তোমাৰ মাক তোমাৰ মুখৰ কথা মতে বিচাৰি পাইছোঁ , তোমাৰ মাৰ মুখত জানো এচিড পৰি জ্বলি যোৱা নাছিল কোৱা 

   : গৈছিল ছাৰ 

   : তেনেহলে মই 100 % conform হৈ পৰিলোঁ মই সৎকাৰ কৰা মহিলা জনী তোমাৰ মা য়ে হয় হলেও তুমি যাব বিচাৰিছাঁ যদি যোৱা মোৰ কোনো আপত্তি নাই , কিন্তু মোৰ ওচৰলৈ ঘূৰি নহাকৈ নাথাকিবা , মোৰ বহুত হিছাপ - নিকাছ কৰিব লগীয়া আছে 

 : হব ছাৰ মই এতিয়া আহিছোঁ ।। আপোনাৰ ওচৰলৈ মই আবেলি লৈ আহিম বুলি এটি হতাশ মন লৈ  সন্ধ্যা বিক্ৰমৰ ওচৰৰ পৰা গুচি গৈছিল 

 : সন্ধ্যা আঁতৰি যোৱাৰ পিছত বিক্ৰমে নিজে নিজকে  কৈ উঠিছিল 

       সন্ধ্যা আজিৰ পৰা তোমাৰ জীৱনৰ লগত ধেমালি কৰা প্ৰতি জন মুখা পিন্ধা ভদ্ৰ লোকৰ সৈতে এই বিক্ৰমে কৰিব আকৌ মহাভাৰতৰ  কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভনি

      ............ মানুহে চিনি পাব লাগিব S.i বিক্ৰম ডেকা যে আইনৰ ভক্ষক নহয় ৰক্ষকহে বুলি ......... 


     আগলৈ ~~~

আগৰ খণ্ড কেইটা পঢ়িবলৈ তলত ক্লিক কৰক

আগৰ খণ্ড কেইটা চাবলৈ

Post a Comment

Previous Post Next Post

People Like