তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 7 Assamese Story

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী  খণ্ড - 7 Assamese Story


 তাই এজনী বেশ্যা

  এটি জীৱন্ত কাহিনী

  খণ্ড ... 7 

লেখক .... নয়ন নাথ 

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

    : আৰক্ষী চকীৰ পৰা সন্ধ্যা গুচি যোৱা কিছু সময়ৰ পিছত অফিচাৰ বিক্ৰমে ও থানাৰ পৰা বাইক খন লৈ , তাইৰ  চকুত নপৰাকৈ পিছে পিছে অনুসন্ধান কৰি ওলাই গৈছিল 

 বিক্ৰমে দেখিছে

               সন্ধ্যা যি থানাৰ পৰা ওলাই আহিছিল কতো নৰখাকৈ পোনে পোনে ৰেল লাইনৰ ওচৰত থকা জিৰণি চৰা তোলৈ গৈছিল , জিৰণি চৰা টোত সোমায় তাই "মা" "মা" কৈ বহুবাৰ মাতিছিল , কিন্তু মাকৰ কোনো ফালৰ পৰা সঁহাৰি নাপায় মূৰে কপালে হাত দি কান্দি কান্দি বহি পৰিছিল 

     এই কৰুণ দৃশ্যৰ একমাত্ৰ সাক্ষী হৈ ৰৈছিল আঁতৰৰ পৰা লুকাই চাই থকা পুলিচ অফিচাৰ বিক্ৰম ডেকা ------

  "এখোজ দুখোজ কৈ বিক্ৰম সন্ধ্যা ৰ কাষলৈ আগুৱাই গৈ পিছফালৰ পৰা তাইৰ কান্ধত হাতখন থৈ শান্তনা দিছিল"

     "কাৰোবাৰ হাতৰ পৰশ পাই সন্ধ্যা ই কান্দি কান্দি য়ে পিছফালে ঘূৰি চাই বিক্ৰমক দেখি  কৈছিল 

       ছাৰ মোৰ আৰু এই পৃথিৱীত জীয়াই থকাৰ অলপো ইচ্ছা নাই , মা অবিহনে মই জীয়াই থাকিব নোৱাৰো" মৰিব য়ে গৈছিলোঁ কিন্তু আপুনি হে নিজৰ দেহৰ তেজ দান দি মোক মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতাই আনিলে 

                সন্ধ্যাৰ কথা শুনি বিক্ৰমৰ বহুত বেয়া লাগিল মাতৃক হেৰুৱাই তাই সচাকৈ ভাগি পৰিল সেয়ে বিক্ৰমে তাইলৈ চাই কৈছিল 

   "সন্ধ্যা" তুমি এতিয়া এনেকৈ ভাগি পৰিলে নহব ।।  তুমি যুঁজিব লাগিব ন্যায় ৰ বিপক্ষে 

   : কিন্তু ছাৰ মোক ন্যায় দিব কোনে ?? 

   : কিয় মই আছোঁ দেখোন তোমাক ন্যায় দিবলৈ

     : আপুনি দিব মোক ন্যায়? 

   : অ'হ মই দিম তোমাক ন্যায় ।। কিয় তোমাৰ মোৰ ওপৰত সন্দেহ হৈছে নেকি ?? 

   : আপোনাৰ ওপৰত সন্দেহ বুলিয়ে নহয় ছাৰ  আচলতে মোৰ খাকি পোছাক ধাৰী অসম আৰক্ষীৰ ওপৰত বিশ্বাস নোহোৱা হৈছে ।। কাৰণ অসম আৰক্ষীয়ে কেতিয়াও দুখীয়া মানুহক সহায় নকৰে ।। যিজনে গৰম গৰম টকাৰ বান্ধুল জেপত ভৰাই দিব পাৰে সেইজনে যদি আৰক্ষীৰ চকুৰ আগত নাৰী নিৰ্যাতন ও কৰি থাকে আৰক্ষী য়ে সেইজনক বাধা দিয়া তো দূৰৰ কথা যি কৰে কৰক বুলি হাঁহি মাৰি আঁতৰি হে দিয়ে গতিকে মোৰ যিহেতু টকা ই নাই মোৰ আপোনালোকৰ পৰা ন্যায় পোৱাৰ কোনো আশা নাই । 

     "তুমি মোক তেনেকুৱা আৰক্ষী বুলি ভাবিলা সন্ধ্যা।।

      :ভাবিবলৈ বাধ্য হৈছোঁ ছাৰ । যিদিনা মোৰ মাৰ ওপৰত নিৰ্যাতন হৈছিল সেইদিনা ময়ো সহায় বিচাৰি আৰক্ষী ৰ ওচৰ চাপিছিলোঁ ।। কিন্তু  আৰক্ষী য়ে মোৰ পৰা অহা যোৱা কৰা গাড়ী ভাড়া তো বিচাৰিছিল । সেইটো মই দিব নোৱাৰা বাবে সময়ত ত কৈ বহুত পিছত কৰ্তব্যৰ খাতিৰত  মাৰ ওচৰত যদিও গৈ আৰক্ষী উপস্থিত হৈছিল কিন্তু মানুহ ৰূপী দানব বোৰৰ ওপৰত কোনো ব্যৱস্থা ই গ্ৰহণ কৰা নাছিল । সেইদিনা যদি মোৰ কথা ৰাখি সময় মতে পুলিচ আহিল হয় মোৰ মা এচিড আক্ৰমণ ৰ পৰা বাছি গল হয় । অন্ততঃ আজি মোক এনেকৈ অকলশৰে এৰি মা আঁতৰি নগলে হয় । অপ্ৰিয় হলেও সত্য কথা ছাৰ আজি মোৰ মাৰ হত্যাকাৰী প্ৰকৃততে আপোনাৰ দৰে এচাম পুলিচ বিষয়া হে ------ 

"মই মানিছোঁ সন্ধ্যা ।। তুমি কোৱা কথা খিনি মিছা নহয় ।। কিন্তু তুমি কোৱাৰ দৰে সকলো পুলিচ তো একে নহয় ।। মই চাকৰিত যিদিনা ভর্তি হৈছিলোঁ সেইদিনা কৃষ্ণ গীতা ত হাত থৈ শপত খাইছিলোঁ যে মই সদায় ৰাইজৰ হকে কাম কৰি যাম ।। আৰু আজি তাৰ প্ৰমাণ দিয়াৰ সময় আহি গৈছে । প্ৰয়োজন হলে মোৰ চাকৰি গুচি যাব ।। কিন্তু ভদ্র লোকৰ মুখা এই বিক্ৰম ডেকাই মানুহৰ আগত উদঙাই এৰিব ।। তুমি আৰু ইয়াত কান্দি  বহি থাকিব নালাগে আহা মোৰ লগত বুলি তাইৰ হাতখন ত ধৰি টানি লৈ বিক্ৰম আগবাঢ়িল থানাৰ অভিমুখে--------

           "থানাৰ ভিতৰত বিক্ৰমে সন্ধ্যা ক বহিবলৈ দি কবলৈ ধৰিচে।। সন্ধ্যা তোমাৰ ঘৰ খনৰ লগত প্ৰকৃততে কি হৈছিল?? মোক এফালৰ পৰা কৈ যোৱা ।। বৰ্তমান তোমাক সকলোৱে এই চহৰত এজনী বেশ্যা বুলি জানে , কিয় তুমি ইমান কম বয়সতে এই বেশ্যা বৃত্তিৰ লগত জড়িত হৈ পৰিলা ? কোনে কৈছিল তোমাক এই বৃত্তি ৰ সৈতে জড়িত হবৰ কাৰণে ? 

           "বিক্ৰমৰ প্ৰশ্ন শুনি সন্ধ্যা ই পুনৰ কান্দিব ধৰিলে , কিছু সময় কান্দি বিক্ৰমৰ বুজনিত চকু কেইটা মোহাৰি লৈ তাই কব ধৰিলে   ------- 

       "ছাৰ মই এই চহৰত বেশ্যা হব লগীয়া হল এক মাত্ৰ মাৰ চিকিৎসাৰ টকাৰ বাবে , আৰু মোক এই বৃত্তি ৰ লগত জড়িত কৰি তুলিলে আপোনাক আহি মোৰ পৰিচয় দিয়া পৰাগ চলিহাই

     "What??? 

"হয় ছাৰ মই একো মিছা কথা কোৱা নাই ।। প্ৰথম পৰাগে মোৰ মাৰ চিকিৎসাৰ নামত টকা দিম বুলি বুদ্ধি কৰি ঘৰৰ ভিতৰত সুমুৱাই মোৰ সতীত্ব হৰণ কৰিছিল ।। তাৰ পিছত ক্ৰমে মোৰ যিমানেই পইচাৰ প্ৰয়োজন হয় সিমানেই দিয়াৰ প্ৰতিশ্ৰুতিৰে  তাৰ বন্ধু বোৰক ও মাটি আনি মোৰ দেহ ভোগ কৰিব দিছিল ।। আৰু এতিয়া সিয়ে আহি মোৰ চৰিত্ৰ ৰ কথা মানুহৰ আগত কৈ ফুৰিছে ---------

    "হয় নেকি ?? মই পৰাগ ক প্ৰথম দিনাই সন্দেহ কৰিছিলোঁ ।। কিন্তু প্ৰমাণ বিচাৰি পোৱা নাছিলোঁ বাবে একো কৰিব পৰা নাছিলোঁ বুলি কৈ বিক্ৰমে গৌতম ক ফোন কৰি ৰুমলৈ সোমাই আহিব কলে অফিচাৰ বিক্ৰমৰ ফোন পাই লৰা লৰি কৈ 

 "গৌতম" আহি হাজিৰ হৈ সুধিলে  

          কওঁক ছাৰ কিয় মাতিছিল----- 

"মোৰ টেবুললৈ এখন computer from  লৈ আহা চোন যোৱা 

"কথা শুনি গৌতমে অলপো দেৰি নকৰি computer ৰ ওচৰত বহি Fir from খন print কৰি বিক্ৰমৰ হাতত আনি তুলি দিছিল from  খন হাতত লৈ বিক্ৰমে সন্ধ্যা ৰ ফালে চাই কৈছিল তুমি ইয়াত এটা চহী কৰা 

    'বিক্ৰমৰ কাণ্ড দেখি সন্ধ্যা হতভম্ব হৈ পৰিছিল । ভয় ভয় কৈ মাকক চিন্তি তাই computer from খনত চহী কৰি দিছিল ।। 

    চহী লৈ বিক্ৰমে form খন পুনৰ গৌতম ৰ  হাতত দি কৈছিল এইখন ভণিতাক পূৰণ কৰিব দিয়া । Rape case under section 397 512 306 ধাৰা ৰ ভিতৰত সাজু কৰিব দিয়া ।। 

    "Ok Sir বুলি কৈ গৌতম আঁতৰি গৈছিল । তাৰ পিছত বিক্ৰমে নিজৰ ডায়েৰীৰ এটি পাত আৰু কলম পুনৰ সন্ধ্যা লৈ আগুৱাই দি পৰাগ চলিহাৰ নাম ঠিকনা খিনি লিখি দিব দিছিল ------- 

    "সন্ধ্যা ই এইবাৰ বুকু ডাঠ কৰি লিখি গৈছিল 

নাম - পৰাগ চলিহা 

 দেউতাক - অনন্ত চলিহা ( বৰ্তমান বিধান সভাৰ পৰা নিৰ্বাচিত বিধায়ক )

 গাঁও - ৰংজুলি গাঁও 

      তাৰ পিছত পুনৰ সন্ধ্যা ই ডায়েৰী খন বিক্ৰমলৈ আগুৱাই দিছিল । ডায়েৰীত লিখা পৰাগৰ ঠিকনা চাই বিক্ৰমে কৈ উঠিছিল ।। পৰাগ মানে বিধায়ক অনন্ত চলিহাৰ পুত্ৰ ।। ঠিক আছে সন্ধ্যা তুমি মই ঘূৰি নহালৈ থানাতে থাকিবা মই পৰাগ চলিহাক উঠাই লৈ আহোঁ বুলি হাতত ডায়েৰী লৈ 5 জন কনিষ্টবল ৰ সৈতে সন্ধ্যা ই দিয়া ঠিকনা অনুকৰণ কৰি পৰাগ চলিহাক ধৰি আনিবলৈ বিক্ৰম ডেকা ওলাই গল --------------------

      আগলৈ ~~~~

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - ৮

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.