" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - ৮ , Assamese Story, নয়ন নাথৰ ধাৰাবাহিক উপন্যাখ

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - ৮ , Assamese Story, নয়ন নাথৰ ধাৰাবাহিক উপন্যাখ

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী  খণ্ড -  ৮ , Assamese Story, নয়ন নাথৰ ধাৰাবাহিক উপন্যাখ

 

তাই এজনী বেশ্যা 

 এটি জীৱন্ত কাহিনী

খণ্ড ---- ৮ 

লেখক --- নয়ন নাথ 

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

 :আৰক্ষী চকীৰ পৰা ওলাই যোৱা কিছু সময়ৰ পিছত বিক্ৰমৰ গাড়ী গৈ অনন্ত চলিহাৰ ঘৰত উপস্থিত হল ।। বিক্ৰম গাড়ী ৰ পৰা নামি ঘৰৰ ভিতৰলৈ সোমাই গৈছে ।। তাকে দেখি অনন্ত চলিহা ই মাত লগালে -----

    "আহক আহক অফিচাৰ !!

                                মই জানিছিলো আপুনি মোৰ ওচৰলৈ নহাকৈ থাকিব নোৱাৰে কিন্তু আহোতে বহুত দেৰি কৰিলে ? মই জনাত আপুনি থানাত joining কৰা এটা মাহ পাৰ হৈ গৈছে ।। এটা মাহৰ পিছত হলেও যে আপুনি সময় উলিয়ালে মোৰ ভাল লাগিছে বুলি আহক বহি লওঁক বুলি সম্মুখত থকা চকী খন আগবঢ়াই দিলে ।। 

    "চকী খনত বহি বিক্ৰমে বিধায়ক অনন্ত ক কলে ।। আপোনাৰ লৰাক মাতি দিব চোন 

  "ৰব হে লৰাৰ লগত পিছত চিনাকি হব আগতে চাহ কফি কিবা অলপ খাই মোৰ পৰা দিহা - পৰামৰ্শ বোৰ লৈ লওক 

 "What nonsense "  কি কৈ আছে এইবোৰ ।। মই আপোনাৰ ঘৰত চাহ কফিৰ জুতি লৈ আপোনাৰ দিহা - পৰামৰ্শ লবলৈ অহা নাই । মই আপোনাৰ লৰাক লৈ যাব আহিছোঁ মানে 

Under arrested 

     "What 

        মোৰ অনুমতি নোপোৱা কৈ এই গাওঁত কোনো মানুহক পুলিচে ধমক দিব নোৱাৰে গ্ৰেপ্তাৰ তো বহুত পিছত । আৰু আপুনি কালি থানা ত joining কৰি মোৰ ঘৰতে ডাঙৰ ডাঙৰ কথা কৈ মোৰে লৰাক গ্ৰেপ্তাৰ কৰিব আহিছে ইমান সাহস ।

    "বাৰু কওক চোন মোৰ লৰাৰ অপৰাধ কি ?? 

 "আপোনাৰ লৰাৰ ওপৰত Rape Cas ৰ এটা কম্পলেইন আহিছে"

"কোনে দিছে মোৰ লৰাৰ ওপৰত এই মিছা অভিযোগ"

                   "সন্ধ্যা"  ই 

 "কি সন্ধ্যা মানে জয়ন্ত ৰ জীয়েকে ।।

                     হয়

 চৰিত্ৰহীনা জনী মানে এতিয়াও জীয়াই আছে শুনিছিলোঁ দেহ বিক্ৰী কৰি টকা ঘটিব যাওঁতে তাইক আধা মৰা কৰি কোনোবাই বৰ পুখুৰীৰ পাৰত পেলাই দিছিলে তাৰ পিছত ও বাছিল নে ।। আৰু সেই চৰিত্ৰৰ দোষ থকা ছোৱালী জনীয়ে আহি মোৰ লৰাৰ ওপৰত Fire দিছে আপুনি সঁচা নে মিছা সেইখন Fire অকণো বিচাৰ নকৰি চিধাই কেছ ৰেজিষ্টাৰ কৰি দিলে ।। এবাৰ তো মোক ফোন কৰি জনাব পাৰিলে হয় ।। আপোনাৰ আগত থকা মেধি ডাঙৰীয়া হলে মোৰ অনুমতি লৈ হে এইখন Fire গ্ৰহণ কৰিলে হয় ---------

                     "বা" বা" মোৰ আপোনাৰ কথা শুনি বহুত হাঁহি উঠিছে বিধায়ক চলিহা আচলতে আপোনাৰ দৰে কিছুমান ঘৰচীয়া কুকুৰৰ পাল্লাত পৰা বাবে আজি অসম আৰক্ষীৰ ওপৰত ৰাইজে বিশ্বাস হেৰাইচে । সকলোৱে পুলিচক ঘৃণা কৰা হৈছে । থানাত নতুনকৈ joining কৰা প্রতিজন পুলিচ অফিচাৰক নিজৰ বল বুদ্ধি কৌশল খটুৱাই হাত কৰি লব তাৰ পিছত নিজৰ লৰাক মুকলি মনেৰে বেশ্যালয় গঢ় দি ফুৰিব দিব ।। আপোনাৰ এয়ে কাম নেকি শুনক আপুনি এইবাৰ ও যদি আগৰ দৰে কিবা দুই নম্বৰী ধাণ্ডাৰ লগত জড়িত হম বুলি ভাবিছে সেইটো মই এই থানাত থকালৈ কেতিয়াও দিঠকত পৰিণত কৰিব নোৱাৰে মিষ্টাৰ চলিহা 

 "হেই অফিচাৰ মুখৰ লেকাম ৰাখি কথা কব ।। মোৰে ঘৰতে আহি মোকে ইমান অপমান ।। ইমানেই সাহস ।। ৰ মই তাৰ পোতক  ভালকৈ লম ।। এতিয়াই মই উকিলৰ সৈতে কথা পাতি মানহানি কেছ দিম চিনি পোৱা নাই বাপেৰক । চাকৰি খাই দিম ।। তেতিয়া গম পাব মোৰ কথা নুশুনিলে তাৰ পৰিনাম যে কিমান ভয়ংকৰ হব পাৰে  

  "হাঁ হাঁ Power দেখাইচে মোক ।। তাকো উকিলৰ সহায়ত ।। এতিয়া মই দেখুৱাই দিছোঁ মোৰ Power কিমান বুলি নিজৰ 9mm পিষ্টল উলিয়াই অনন্তৰ মূৰত থৈ কৈছিল । এইটো মই এবাৰ treger টিপিলে তোৰ মগজুৰ ঘিউ ওলাই বাহিৰত পৰিব সেয়ে চুপচাপ বহি মোক মোৰ কাম কৰিবলৈ দে  বুলি বিক্ৰমে গৌতম ক কলে 

        যা ঘৰৰ ভিতৰৰ পৰা পৰাগ চলিহাক উঠাই লৈ আহ ।। কথা শুনি গৌতম ঘৰৰ ভিতৰলৈ সোমাই যাবলৈ ধৰোঁতে পৰাগে  বাহিৰত কিহৰ ইমান তৰ্কা তৰ্কি হৈ আছে বুলি চাবলৈ ওলাই আহিছিল তাকে দেখি গৌতম আগবাঢ়ি গৈ হাতত হেণ্ডকাপ ডাল লগাই বান্ধি লৈ পদূলিত থকা গাড়ী খনত উঠাই দিছিল ।। তাকে দেখি বিক্ৰমে তানকৈ এটি হাঁহি মাৰি অনন্তক কৈছিল 

                       মোৰ কাম হৈ গল এতিয়া আপুনি মোৰ বিপক্ষে কি ষড়যন্ত্ৰ কৰে কৰি থাকক ।। কিবা বেলেগ ষড়যন্ত্ৰ কৰাৰ আগত পাহৰি নাযাব লৰা বৰ্তমান মোৰ জালত বন্দী -------- 

        " এনেকৈ এ পৰাগক বান্ধি লৈ বিক্ৰম ডেকাৰ জীপ খন গাওঁ ৰ মাজেৰে পাৰ হৈ গৈছে । গাঁওৰ মানুহ বোৰে তেনেকৈ পৰাগক লৈ যোৱা দেখি বু-বু-বা-বা আৰম্ভ কৰি দিছে 

                ঐ ৰহিমলা শুনিছোঁ এইবাৰ আমাৰ থানালৈ অহা অফিচাৰ জন বেলেগ বস্তু কাকো ভয় নকৰে ।। সকলো নিজৰ মতে কৰে ।। ইমান দিনে শুনি হে আছিলোঁ আজি চোন নিজ চকুৰে দেখিলো কেনেকৈ বিধায়কৰ লৰাক আহি বান্ধি লৈ গল ।। কি বা অপৰাধ কৰিছিল বেচেৰা পৰাগে, বুলি কৈ কৈ নিমিষতে পৰাগক গ্ৰেপ্তাৰ কৰা বাতৰি ৰণজুলি গাওঁৰ চিচি কেমেৰা কেইটাই গোটেই গাওঁ খন বিয়পাই পেলালে 

     "এইফালে সন্ধিয়া ৰ আগে আগে বিক্ৰমে পৰাগক লৈ গৈ থানাত উপস্থিত হৈ দেখিলে তেতিয়ালৈ সন্ধ্যা থানাৰ বাৰন্দাতে তলমুৰকৈ বহি আছে । তাকে দেখি বিক্ৰমৰ তাইলৈ বেয়া লাগিল মনতে ভাবিলে বেচেৰী জনী এতিয়া যে এজনী ঠিকনা বিহীন পক্ষী তাই যাম বুলিলে নো যাব কলৈ    বিক্ৰমে আৰু সন্ধ্যা ক মাত নলগালে পোনে পোনে পৰাগক লৈ গৈ লকাপত বন্দী কৰি তাইৰ কাষেৰে নিজৰ ৰুমলৈ গৈ ভাবিবলৈ ধৰিলে 

        পৰাগ বাৰু এৰেষ্ট হল কিন্তু সন্ধ্যা এতিয়া আশ্ৰয় লব কত ? ইয়াকে বহু সময় ভাবি চিন্তি এটি বুদ্ধি তাৰ মাথাত খেলালে ।। বুদ্ধি তোকে প্ৰয়োগ কৰি চাওঁ বুলি পকেটত ৰ পৰা মোবাইল তো উলিয়াই বৌৱেকলৈ ফোন লগালে  ------- 

     "হেল্ল বৌ"

  "উম কোৱা"

   "আজি ঘৰলৈ মোৰ লগত একেলগে পঢ়া কলেজৰ বান্ধৱী এজনী যাব ।। সেয়ে তুমি দাদাক পঠিয়াই বজাৰৰ পৰা কিবা ভাল বস্তু আনিব দিবা।।

  " হব দিয়া ।।  মই দদায়েৰক কম ।। পিছে কোৱাচোন তোমাৰ বান্ধৱী জনীৰ নাম কি ?? 

          "সন্ধ্যা"

"উম।। পিছে কেতিয়া আহিবা তোমালোকে

  "যাম অলপ পিছত তাই থানালৈ আহি পোৱা নাই !! মোৰ ও অলপ কাম বাকী আছে এইখিনি সম্পূৰ্ণ হলে তাই ও আহি পাব তেতিয়া দুয়ো জনে একে লগে যাম " 

     "ঠিক আছে তোমালোক তেন্তে আহি থাকিবা ।। এতিয়া ফোনটো ৰাখা মই দদায়েৰক কথা তো কওঁগৈ

     " হব দিয়া ৰাখিছোঁ by"

                উম By 

    

                 আগলৈ ~~

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

Post a Comment

Previous Post Next Post

People Like