" তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 9 , Assamese Story, নয়ন নাথৰ ধাৰাবাহিক উপন্যাখ

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী খণ্ড - 9 , Assamese Story, নয়ন নাথৰ ধাৰাবাহিক উপন্যাখ

 

তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী  খণ্ড -  ৮ , Assamese Story

তাই এজনী বেশ্যা 

 এটি জীৱন্ত কাহিনী

  খণ্ড - 9

লেখক - নয়ন নাথ 

                 আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

                 বিক্ৰমে মিছা পৰিচয় লৈ হলেও সন্ধ্যাক নিজৰ ঘৰখনলৈ লৈ যাবলৈ বৌৱেকৰ অনুমতি পাই আনন্দত কব নোৱাৰা হৈ পৰিছিল আৰু এই ভাল খবৰ তো সন্ধ্যাক জনাওঁ বুলি ভণিতাক বাহিৰলৈ গৈ সন্ধ্যাক মাতি আনিবলৈ কৈছিল

        অফিচাৰৰ নিৰ্দেশ পাই ভণিতাই  বাহিৰত তলমূৰ কৈ বহি থকা সন্ধ্যাৰ ওচৰ চাপি গৈ মাত লগাইছিল

    

        "সন্ধ্যা" সন্ধ্যা" 

            "অ'হ ।। হঠাৎ কাৰোবাৰ মাত শুনি সন্ধ্যা বহি থকা ঠাইতে উচপ খাই উঠি ইফালে সিফালে চাই সন্মুখত ভণিতা নামৰ মহিলা পুলিচ গৰাকী থিয় হৈ থকা দেখিবলৈ পাইছিল সেয়ে তাই কোনোমতে সেক ঢুকি ভয় ভয় কৈ সুধিলে 

              মেম কিয় মাতিছিল 

       "তোমাক বিক্ৰম চাৰে মাতিছে"

                  কিয় মাতিছে মেম

        মই কবলৈ নোৱাৰিম কিয় মাতিছে তুমি যোৱা ছাৰ ৰুমতে আছে

    "অ'হ গৈছো বুলি সন্ধ্যাই ভয় ভয়কৈ এখোজ দুখোজ কৰি আগবাঢ়ি গৈ বিক্ৰমৰ ৰুমটোৰ দুৱাৰ দলিত ৰৈ মাত লগালে 

      ছাৰ সোমাবলৈ পাৰোনে"

     "অ'হ সন্ধ্যা ।। আহা সোমাই আহা ।।

           "ধন্যবাদ ছাৰ"

 সন্ধ্যাক ভিতৰলৈ সোমাবলৈ অনুমতি প্ৰদান কৰি বিক্ৰমে আগৰে পৰা লিখি থকা কামটোত ব্যস্ত হৈ পৰিল । কিছুসময় তেনেকৈ এ পাৰ হৈ বিক্ৰমৰ লিখা কামৰ অন্ত পৰিল । সেয়ে কেচ ডায়েৰী খন জপাই থৈ তলমূৰ ওপৰ কৰি দেখিলে তেতিয়ালৈ সন্ধ্যা ওচৰতে থিয় হৈ আছিল

       সন্ধ্যা তুমি থিয় হৈ আছা যে কিয় 

            আপুনি বহিবলৈ অনুমতি দিয়াই নাই কেনেকৈ বহিম

  চেহ মই পাহৰিয়ে গৈছিলোঁ । একো নাই এতিয়া বহা আকৌ বুলি সন্মুখত থকা চকী খন দেখুৱাই দিছিল

    "হব ছাৰ বুলি অফিচাৰ ৰ কথা মতে সন্ধ্যা সন্মুখত থকা চকী খনত বহি পৰিছিল ।। 

       সন্ধ্যা মই তোমাক কিয় মাতিছোঁ গম পোৱানে

               নাপাওঁ ছাৰ

 "শুনা মই ইতিমধ্যে তোমাৰ মুখৰ ভাষ্যৰ ভিত্তিত অপৰাধী নং - ১ পৰাগ চলিহাক গ্ৰেপ্তাৰ কৰিলোঁ ।। মোৰ ৰুমলৈ আহোঁতে তুমি তাক নিশ্চয় লকাপৰ ভিতৰত দেখি আহিছা

     উম দেখিছোঁ

 তাৰ বিচাৰ মই এতিয়া নহয় কাইলৈ দিনত কৰিম

   "ধন্যবাদ ছাৰ

কিন্তু কিহৰ বাবে

 আপোনাৰ সাহসিকতাৰ বাবে"

  "মোৰ সাহস মানে"

    মই ভাবিছিলো আপুনি পৰাগক ধৰিবলৈ শেন তো হৈ উলাই গৈছে যেনেকৈ ফেঁচা তো হৈ আকৌ শুধা হাত লৈ উভতি আহিব তেনেকৈ ।। কাৰণ পৰাগ আছিল বিধায়কৰ লৰা ।। কিন্তু আপুনি মই ভবাত কৈ সম্পূৰ্ণ বেলেগ ।। মোৰ আপোনাৰ ওপৰত বিশ্বাস হৈছে ছাৰ ।। আপুনি মোৰ মাক মুক্তি দিয়াৰ লগতে মোকো ন্যায় দিব পাৰিব ।। 

    "নিশ্চয় তুমি চিন্তাই নকৰিবা সন্ধ্যা প্রতিজন অপৰাধী ৰ অৱস্থা মই এনেকুৱা কৰিম নহয় সিহঁতে দ্বিতীয় বাৰলৈ কোনোবা পৰিয়ালৰ অহিত চিন্তা কৰিবলৈ 7 তা জনম ভাবিব লাগিব ।। 

       "উম"

"পিছে তুমি এতিয়া আশ্ৰয় লবা কত ?

   "এজনী বেশ্যাৰ নো আশ্ৰয় কত হব ছাৰ ?? থাকিম আৰু ৰাস্তাৰ দাঁতিত থকা ফুটপাঠত 

"তুমিনো নিজকে বেশ্যা বুলি কিয় কোৱা সন্ধ্যা ।। আজিৰ পৰা তেনেকৈ নকবা মই বহুত কষ্ট পাওঁ"

   "মোৰ বাবে আকৌ আপোনাৰ কিয় কষ্ট হয় ছাৰ"

"নহয় মানে ।। ভুলতে ওলাই গল মুখৰ পৰা" কিন্তু তুমি আজিৰ পৰা মোৰ আগত নিজকে বেশ্যা বুলি নকবা

         "হব"

"তেনেহলে মই তোমাক কিয় মাতিছিলো শুনা

    কওক ছাৰ 

তুমি মোৰ লগত আমাৰ ঘৰলৈ যোৱাৰ কথা কবলৈ

    কিন্তু ছাৰ

 ইয়াত আৰু কোনো কিন্তু নাই মই ইতিমধ্যে তুমি  যাবা বুলি ঘৰত ফোন কৰি জনাই দিছোঁ ।। 

   "কিন্তু মোৰ অনুমতি নোলোৱাকৈ আপুনি"

"তুমি না নকৰিবা সন্ধ্যা ।। 

    মোক আপুনি ক্ষমা কৰিব ছাৰ মই আপোনাৰ ঘৰলৈ যাবলৈ নোৱাৰিম প্ৰয়োজন হলে আপুনি যদি অনুমতি দিয়ে মই আজি ৰাতিটো এই ৰুমটোৰ মজিয়াতে শুই থাকিম 

    এই ৰুমটোৰ মজিয়াত শুই থকাত কৈ তুমি মোৰ লগত ঘৰলৈ যোৱাত আপত্তি কত সন্ধ্যা

   আপত্তি বেলেগত নহয় ছাৰ মোৰ আপোনাৰ ঘৰলৈ যাব ভয় লাগিছে

      কিন্তু কিয়

সেই প্রশ্ন তো আপুনি নিজক সুধিলে ভাল আছিল ছাৰ । কাৰণ এজনী ঠিকনা বিহীন ছোৱালী বৰ্তমান যাৰ পৰিচয় এজনী বেশ্যা । সেইজনী ছোৱালীক আপুনি নিজৰ ঘৰলৈ লৈ গৈ নিজৰ বিপদ নিজে মাতি আনিব বিচাৰিছে

  ইয়াত মোৰ একো বিপদ নহয় সন্ধ্যা তুমি অলপো চিন্তা নকৰি বিন্দাচ মোৰ লগত ঘৰলৈ বলা মাথো তুমি ঘৰলৈ গৈ নিজৰ নামটোৰ বাহিৰে অন্য পৰিচয় সম্পূৰ্ন গোপন কৈ ৰাখিবা আৰু নিজকে এজনী মোৰ কলেজীয়া বান্ধৱী বুলি পৰিচয় দিবা

লগতে পৰিস্থিতি সাপেক্ষে মুখা মুখী হোৱা প্ৰশ্নৰ তাৎক্ষণিক উত্তৰ মনৰ মাজতে সজাই পৰাই প্ৰকাশ কৰিবা যাতে তোমাৰ কথাৰ পৰা ঘৰৰ মানুহৰ সন্দেহ নহয় আৰু মই এইটো জানো তুমি এইখিনি কৰিবলৈ পাৰিবা 

   যদি মোক আপোনাৰ ঘৰৰ মানুহে চিনি পায় তেতিয়া 

  নাপায় সন্ধ্যা তোমাক কোনেও চিনি নাপায় 

 যদি মোৰ বয়স চাই আপোনাৰ বান্ধৱী হব নোৱাৰে বুলি কাৰোবাৰ সন্দেহ হয় তেতিয়া

   ছোৱালী মানুহৰ বয়স মাক দেউতাকৰ বাহিৰে কোনেও সঠিক কৈ অনুমান কৰিবলৈ নোৱাৰে সন্ধ্যা ।। মুঠৰ ওপৰত এইবোৰক লৈ তুমি অকনো ভয় নকৰিবা  

                        হুম 

তেনেহলে এতিয়া মোৰ লগত ঘৰলৈ ৰাতিতোৰ বাবে আশ্ৰয় লবলৈ যাবানে

   উম

এয়াহে ভাল ছোৱালীৰ কথা । তুমি। মাত্ৰ আজি ৰাতি আমাৰ ঘৰত কটোৱা

  কাইলৈ দিনত থকাৰ ব্যৱস্থা তোমাক মই কৰি দিম হবনে ?

     "উম হব ছাৰ ।। আপুনি সচাই মহান ।। সকলো যদি আপোনাৰ দৰে হল হয় ।। অসমত হয়তো অপৰাধ এ নহল হয়

    "হব দিয়া এতিয়া আৰু সেইবোৰ কথা মনলৈ আনি Emotional হৈ পৰিব নালাগে ।। এবাৰ হাঁহি দিয়া তোমাক হাঁহি থাকিলে বৰ ধুনীয়া লাগে" আৰু বলা 10 বাজিলেই ।। 

         "উম বলা" 

যোৱাৰ আগতে আৰু এটা কথা

       কি কথা ছাৰ

তুমি মোক ঘৰত কেতিয়াও ছাৰ বুলি নামাতিবা । পাহৰি নাযাবা আজি ৰাতিৰ বাবে তুমি মোৰ বান্ধৱী । সেয়ে তুমি মোক ঘৰত ছাৰ নহয় বিক্ৰম বুলিয়েই মাতিবা

    হব দিয়ক

ঠিক আছে এতিয়া বলা বুলি কৈ বিক্ৰমে সন্ধ্যাৰ হাতখনত খামোজ মাৰি ধৰি লৈ থানাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি চৌহদত ৰখাই থোৱা বাইক খনত সন্ধ্যাক পিছফালে বহিবলৈ দি বিক্ৰম নিশাৰ আন্ধাৰ ফালি যাত্ৰা কৰিছে ঘৰ খনৰ অভিমুখে ।। 30 মিনিট মানৰ পিছত গৈ সি ঘৰৰ পদূলি পাইছে ।। বাইকখন সদায় থোৱা ঠাইতে থৈ পোনে পোনে সন্ধ্যা ক বাথ ৰুমলৈ লৈ গৈছে আৰু হাত ভৰি বোৰ ধুবলৈ দি ভিতৰলৈ সুমুৱাই লৈ গৈছে মৰম লগা সন্ধ্যা বিক্ৰমৰ ঘৰৰ লাইটৰ পোহৰ ত পূৰ্ণিমা ৰ জোনৰ দৰে উজ্বলি উঠিছে । সি তাইক পোনে পোনে নিজৰ শুৱনি কোঠালৈ লৈ গৈছে 

       সন্ধ্যা

      উম

   ভয় লাগিছে নেকি

        অলপ চলপ

ভয় নকৰিবা । এইটো মোৰেই ৰুম বহা 

     ঠিক আছে

ৰুমটো তোমাৰ কেনে লাগিছে

       ভালেই

তুমি পৰিপাতি কৈ সজাই দিব পাৰিবা নে 

     কিন্তু

আজি নালাগে পিছে পৰে কেতিয়াবা

    পাৰিম 

ঠিক আছে এতিয়া আহা বাহিৰলৈ যাওঁ ঘৰৰ মানুহৰ সৈতে তোমাক চিনাকি কৰাই দিয়ো 

  কিন্তু কি বুলি 

মোৰ এজনী ভাল বান্ধৱী বুলি 

       উম বলক 

সন্ধ্যাক বিক্ৰমে ৰুমৰ পৰা লৈ গৈ ঘৰৰ সকলোৰে লগত চিনাকি কৰাই দিছে তাইৰ সৈতে ঘৰৰ সকলো সদস্যই হাঁহি মাতি কথা পাতিছে ।। বিক্ৰমে শিকাই লৈ অহাৰ দৰে সন্ধ্যাই ও সকলোৰে আগত নিজৰ এটি মিছা পৰিচয় দাঙি ধৰিছে সকলোৰে লগত চিনা পৰিচয় হোৱাৰ পিছত বিক্ৰমে তাইক আকৌ নিজৰ ৰুমলৈ লৈ গৈ জিৰণি লব দি দুৱাৰ খন মাৰি থৈ বৌৱেকৰ ওচৰলৈ গৈছে .....

    "বৌ" অ "বৌ"

"চিঞৰিব নালাগে ওচৰলৈ আহ"

     "বৌ" দাদাই কি আনিছে বজাৰৰ পৰা ? 

"আনিব নো কি ।। লোকেল মাছ এসোপা আৰু খাহি মাংস আনিছে" 

     "Wow" মাংস হল নে নাই এতিয়া 

              "হল"

"তেনেহলে দেৰি কৰি আছা কিয় দুটুকুৰা মাংস দে আকৌ"

       "তোৰ মানে আগৰ স্বভাৱ নগল আৰু ৰাক্ষস" বুলি মাংস অলপ আনি তাৰ হাতত দি বৌৱেকে কৈছিল 

       "ঐ তোক এটা কথা কওঁনে"

 "ক" আকৌ কিয় পেংলাই কৰি আছা"

    "তোৰ বান্ধৱী জনী চোন বৰ মৰম লগা ।। তই বেশ্যাৰ প্ৰেমত মতলীয়া হৈ ঘুৰি ফুৰাত কৈ দেখোন বান্ধৱী জনীক এ প্রেমত পেলাই লব পাৰ ।। ইমান মৰম লগা ছোৱালী ঘৰত বোৱাৰী ৰ ৰূপত গ্ৰহণ নকৰা কোনো কথাই নাই"

    "হে হৰি এইবোৰ তুমি কি বলকি আছা । তাইৰ boyfriend আছে 

"থৈ দিয়া তাইৰ boyfriend । মোৰ জানো boyfriend নাছিল । মোৰ দেখোন দুজন আছিল কোনজনৰ লগত বিয়া হলো মই ।। তোৰ যদি তাইক অলপ হলেও ভাল লাগিছে মোক কৈ দে  মই 1 ঘণ্টাত তাইৰ সৈতে কথা পাতি boyfriend ৰ পৰা আঁতৰাই আনি তোৰ কবজ্জাত বন্দী কৰাই দিম । মুঠৰ ওপৰত তই এই বেশ্যাৰ ধাণ্ডা বাদ দে । লগত এ তাৰ ইমান ধুনীয়া ছোৱালী ঘূৰি ফুৰিছে সেইবোৰ দেখা নাপায় মৰিশিকাৰ দৰে এজনী বেশ্যাৰ পিছত ঘূৰি সময় বৰ্বাদ কৰি আছে 

     "হব মোৰ মৰমৰ বৌ ।। মই ভাবি চাওঁ তাৰ পিছত তোমাক জনাই দিম ।। এতিয়া যদি তাইক এইবোৰ কথা কোৱা মোক জানো স্বাৰ্থ লোভী বুলি নাভাবিব কোৱা ।।  তুমি তাইক প্ৰথমে বুজি লোৱাচোন ।। আজি প্ৰথম লগ পাইছা হে --------

     "হব মোৰ গোঁসাই সেইকন মগজ মোৰ আছে ।। এতিয়া যা তাইক ভাত খাব ডাইনিং টেবুললৈ লৈ আহ"

       "উম গৈছোঁ বুলি মনৰ আনন্দতে জুবিনৰ কিযে পালো তোমাক বুকুতে" তুলি ললোঁ হিয়াৰ ৰে দাপোনতে গান তো গাই বৌৱেকৰ ওচৰৰ পৰা সন্ধ্যাক মাতিবলৈ ৰুমৰ ভিতৰলৈ সোমাই গৈছিল বিক্ৰম -----------

     "আগলৈ ~~~~~

   আগৰ খণ্ড কেইটা পঢ়া নাই যদি ইয়াত ক্লিক কৰক আগৰ খণ্ড কেইটা চাবলৈ

Post a Comment

Previous Post Next Post

People Like