" Viral Photo Video এগৰাকী মহিলাক মদ্যপান কৰাই অশ্লীল ফটো তুলি কৰিলে ব্লেকমেইল , লুটিলে ৪০ লাক টকা

Viral Photo Video এগৰাকী মহিলাক মদ্যপান কৰাই অশ্লীল ফটো তুলি কৰিলে ব্লেকমেইল , লুটিলে ৪০ লাক টকা

accused blackmail women by clicking nude photos

accused blackmail women by clicking nude photos

মহালীৰ জিৰকপুৰ আৰক্ষী থানাত এগৰাকীৰ মহিলাৰ অভিযোগক লৈ গোচৰ ৰুজু কৰা হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে । মহিলা গৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ এগৰাকী চিনাকি লোকে প্ৰৱঞ্চনাৰে তেওঁৰ অশ্লীল ফটো তুলিছিল আৰু পিছত তেওঁক ব্লেকমেইল কৰি লাখ লাখ টকা দাবী কৰিছিল। মহিলা গৰাকীয়ে পূৰ্বে ছেক্টৰ-২০ পঞ্চকুলাত গোচৰৰ এজাহাৰ দাখিল কৰিছিল যদিও গোচৰটো জিৰকপুৰৰ হোৱাৰ বাবে শূন্য FIR ৰুজু কৰি গোচৰটো জিৰকপুৰ আৰক্ষীলৈ হস্তান্তৰ কৰা হয়। অভিযুক্ত ভাৰত ভূষণ শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। অভিযুক্তজন এতিয়াও পলাতক হৈ আছে, যাক আৰক্ষীয়ে তালাচী চলাই আছে।

Watch Viral Video Now

আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে তেওঁ জিৰাকপুৰৰ ঢকৌলিত থাকে আৰু তেওঁৰ লগত আছিল এগৰাকী মহিলা সৎসংগ প্ৰচাৰক। সকলোৱে তেওঁক দিদী বুলি সম্বোধন কৰে । ২০১৮ চনত সেই ভদ্ৰমহিলাগৰাকীলৈ (দিদী) ভাৰত ভূষণৰ পৰা ফোন আহিছিল আৰু তেওঁ সৎসংগ কৰাৰ কথা ক’লে। ইয়াৰ পিছত তেওঁ মহিলাগৰাকীৰ ফ্লেটলৈ আহিল। পিছত বহুবাৰ তেওঁৰ ফ্লেটলৈ আহিছিল। এদিন মহিলাগৰাকী (দিদী) কিবা কামৰ বাবে দিল্লীলৈ গৈছিল আৰু ঘৰত অকলশৰীয়া আছিল ভুক্তভোগী।

সেইদিনা ভাৰত ভূষণে তেওঁৰ ফ্লেটলৈ আহি মহিলাগৰাকীক এগিলাচ পানী খোৱাই দিলে, তাৰ পিছত তেওঁ অজ্ঞান হৈ পৰে। যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল তেতিয়া ভাৰত ভূষণে ক’বলৈ ধৰিলে যে তেওঁ অশ্লীল ফটো মোবাইলত তুলি লৈছে আৰু লগতে তেওঁৰ MMSও বনাইছে। ইয়াৰ সুযোগ লৈ অভিযুক্ত ভাৰত ভূষণে ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰাৰ লগতে ভুক্তভোগীৰ বেংক একাউণ্ট নম্বৰ আৰু পাছৱৰ্ডো লৈ যায়। ইয়াৰ পিছত তিনি বছৰ ধৰি অভিযুক্তই মহিলাগৰাকীক ব্লেকমেইল কৰি বেংক একাউণ্টৰ পৰা প্ৰায় ৪০ লাখ টকা কাঢ়ি লৈ ​​যায়। যোৱা বছৰো অভিযুক্তই মহিলাগৰাকীৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৫ লাখ টকা উলিয়াই আনিছিল। ৰাজস্থানৰ বিকানেৰলৈ গৈ এই ধন উঠাই লৈছিল অভিযুক্তই। অভিযুক্তক লৈ বিৰক্ত হৈ আৰক্ষীক এজাহাৰ দিয়ে যুৱতীগৰাকীয়ে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati


Post a Comment

Previous Post Next Post

People Like