গাড়ীৰ ফটো তুলি পুলিচক দিলে পুৰস্কাৰ পাব ৫০০ টকা , আনিছে নতুন যান-বাহন আইন

 

transport minister nitin gadkari wants to bring new traffic law

transport minister nitin gadkari wants to bring new traffic law

এইবাৰ কেৱল জৰিমনাই নহয়, যান-বাহন আইন মানিলে ‘পুৰস্কাৰ’ও দিয়া হব। কেন্দ্ৰই আনিবলৈ ওলাইছে নতুন যান-বাহন আইন । এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। ভুল ঠাইত ৰখাই থোৱা গাড়ীখনৰ ফটো তুলি ট্ৰেফিক পুলিচক দিলে ব্যক্তিজনে ৫০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। পৰিবহণ মন্ত্ৰালয়ৰ এনে এটা পৰিকল্পনা আছে। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে গাডকাৰীয়ে। তেওঁ কৈছে, “অবৈধভাৱে গাড়ী ৰাখিলে ১০০ টকা জৰিমনা বিহা হ’ব। আৰু সেই ভুল ‘পাৰ্কিং’ৰ এখন ফটো তুলি ট্ৰেফিক পুলিচক সহায় কৰিলে সেই ব্যক্তিজনক ৫০০ টকাৰ পুৰস্কাৰ দিয়া হ’ব।

গডকাৰীয়ে কয় "ভুল ঠাইত গাড়ী থকাটো বেয়া কথা।" দেশৰ মহানগৰীত বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা। কেতিয়াবা একেটা পৰিয়ালৰ সকলো সদস্যৰে এখন এখন গাড়ী থাকে। কিন্তু পাৰ্কিং লটত সমস্যাটো দেখা যায়।" কিন্তু মই কেতিয়াও ৰাস্তাত গাড়ী ৰখাই নথও।”অৱশ্যে মন্ত্ৰীগৰাকীৰ ঘোষণা আইনগতভাৱে গৃহীত হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.