" এইবাৰ গো মাংসৰ দোকানীক নহয়, মাছ ব্যৱসায়ীৰ মূৰৰ টুপী দলীয়াই বীৰত্ব প্ৰদৰ্শন কৰিলে এজন যুৱকে।

এইবাৰ গো মাংসৰ দোকানীক নহয়, মাছ ব্যৱসায়ীৰ মূৰৰ টুপী দলীয়াই বীৰত্ব প্ৰদৰ্শন কৰিলে এজন যুৱকে।

 

A young man showed heroism by throwing away the hat of a fish trader

A young man showed heroism by throwing away the hat of a fish trader

এইবাৰ গো মাংসৰ দোকানীক নহয়, মাছ ব্যৱসায়ীৰ মূৰৰ টুপী দলীয়াই বীৰত্ব প্ৰদৰ্শন কৰিলে এজন যুৱকে।

মূৰত ইছলাম ধৰ্মী পিন্ধি মাছৰ দোকান কৰি থকা এগৰাকী মুছলমান লোকৰ মূৰৰ পৰা টুপী দলীয়াই দি বীৰত্ব প্ৰদৰ্শন কৰিলে চিৰনজীত বৰদলৈ নামৰ এক পাষণ্ডই। পিছে এই ঘটনা উত্তৰপ্ৰদেশ কিংবা ৰাজস্হানৰ নহয়, এইখন অসমৰে লক্ষিমপুৰ জিলাত সংঘটিত হৈছে এনে নাশ্ৰুত নাভূত কাণ্ড। শংকৰ-আজানৰ মিলনভূমি তথা সৰ্ব ধৰ্ম সমন্বয়ৰ শান্তিপূৰ্ণ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চিৰনজীত বৰদলৈ নামৰ লোকজনে মুছলমান দোকানীৰ ধৰ্মীয় টূপী দলীয়াই দিয়াৰ লগতে অশ্লীল, অমাৰ্জিত আৰু আপত্তিজনক বাক্যবান নিক্ষেপ কৰে। সম্প্ৰতি ছচিয়েল মেডিয়াত ভাইৰাল হৈ পৰা টূপী দলিওৱা কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে। 

সমান্তৰালকৈ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰকো তৎপৰতা দেখুওৱা পৰিলক্ষিত। টূপী দলীয়াই দি মুছলমান ব্যৱসায়ীক মানসিকভাৱে হাৰাশাস্তি কৰা উগ্ৰ সাম্প্ৰদায়িক মানসিকতাৰ লোকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষী প্ৰশাসনৰ এই কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰাৰ লগতে দাবী উত্থাপন হৈছে যে, অসমখনক অগ্নিগৰ্ভা আৰু অস্হিৰ কৰিব বিচৰা কাল পিশাচজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এইখন অসমত সকলোৱে নিজৰ নিজৰ ধৰ্ম মতে কাম-কাজ, ব্যবসায়-বানিজ্য কৰাৰ অধিকাৰ আছে। দেশৰ পৱিত সংবিধানে সকলোকে সম অধিকাৰ আৰু সম মৰ্যদা দি থৈছে। ৰাজ্যখন কোনো ব্যক্তিবিশেষৰ কথামতে নচলে, চলিব কেৱল দেশৰ পৱিত্ৰ সংবিধানৰ মতে। উল্লেখ্য যে, ধৰ্ম নিৰপেক্ষ দেশ এখনত এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ মূৰৰ পৰা টূপী খুলি কেনেকৈ দলিয়াই পেলাই দিব পাৰে যিখন টূপী ইছলাম ধৰ্মক স্বাভিমান। যিখন টূপীক মুছলমানে অতি সন্মানৰ সহিতে মূৰত পিন্ধে, সেই টূপীক অসন্মান, তাছিল্য কৰাটো নিন্দনীয় আৰু গৰিহণাৰ যোগ্য।—

জুলহাছ আলী আহমেদ

জাগীৰোড, মৰিগাঁও (অসম)

মবাইলঃ ৯৭০৬৬-৬৬১৯২

Post a Comment

Previous Post Next Post

People Like