" মেকআপ অবিহনে আপোনাৰ সৌন্দৰ্য প্ৰদৰ্শন কৰক এনেদৰে , বাবা ৰামদেৱৰ পৰামৰ্শ

মেকআপ অবিহনে আপোনাৰ সৌন্দৰ্য প্ৰদৰ্শন কৰক এনেদৰে , বাবা ৰামদেৱৰ পৰামৰ্শ

baba ramdev shares tips for anti aging skin ayurvedic face packs for healthy skin

baba ramdev shares tips for anti aging skin ayurvedic face packs for healthy skin

ঘৰত ছালৰ যত্ন: প্ৰসাধন সামগ্ৰী তথা সৌন্দৰ্য সামগ্ৰী বা মেকাপে আপোনাৰ সৌন্দৰ্য স্থায়ী ভাৱে ধৰি ৰাখিব নোৱাৰে।  বাবা ৰামদেৱৰ মতে, ছালৰ উজ্বলতা ধৰি ৰাখিবলৈ, আপুনি আপোনাৰ হজম শক্তি ভাল কৰি ৰাখিব লাগিব। ৰোগ প্ৰতিৰোধ প্ৰণালী সঠিক ৰখাৰ লগতে মনটোক সুখী কৰি ৰখাটো  অতি গুৰুত্বপূৰ্ণ।

পুৰুষ আৰু মহিলা সকলোৱে ছালৰ উজ্জ্বলতা ধৰি ৰাখিব বিচাৰে, বলীউডৰ তাৰকাসকলৰ দৰে নিজকে সজাই ৰাখিব বিচাৰে। আৰু তাৰ বাবে, আপুনি ভিতৰৰ পৰা ধুনীয়া হ'ব লাগিব, বাহিৰৰ পৰা নহয়। সেয়েহে 66 বছৰ বয়সতো, মোহময়ী অভিনেত্ৰী ৰেখাৰ ফিটনেছ আৰু সৌন্দৰ্যৰ কোনো অভাৱ নাই। নাইবা যদি আপুনি মাধুৰী দীক্ষিতৰ কথা কয়, আনকি তেওঁৰ বয়স 53 বছৰ হ'লেও, তেওঁৰ উজ্জ্বলতাই যুৱতীসকলকো প্ৰভাৱিত কৰে। আনকি ৭২ বছৰ বয়সতো হেমা মালিনীৰ মুখৰ উজ্জ্বলতা আজিও অটুট আছে। এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা টো হ'ল যে সৌন্দৰ্যৰ আঁৰত প্ৰসাধনৰ কোনো ভূমিকা নাই, ইয়াৰ আঁৰত আছে যোগ (Yoga)

ৰামদেৱৰ মতে, পুষ্টিৰ অভাৱৰ বাবে বয়সৰ আগতে ছাল খেতা পৰে। যদি আমি নিয়মীয়াকৈ যোগাভ্যাস কৰি নিজকে সক্ৰিয় কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে ইয়াৰ ফলত শৰীৰ স্বাস্থ্যৱান হ'ব আৰু লগতে মুখমণ্ডলৰ প্ৰাকৃতিক উজ্জ্বলতা বৰ্তাই ৰখাত সহায়ক হ'ব। গতিকে স্বামী ৰামদেৱে ১০০ বছৰ  পৰ্যন্ত তৰুণ (yong) হৈ থকাৰ এটা উপায় বৰ্ণনা কৰিছে।


ছালৰ সমস্যাবোৰ কি কি?

1)দাগ

2)শালমইনা

3)শুকান ছাল

4)চকুৰ গুৰি কলা পৰা

5) ছাল শোটোৰা পৰা


আয়ুৰ্বেদিক ফেচপেক :

১)চিৰঞ্জী

২)বাদাম

৩)তিয়ঁহ

৪)পকা অমিতা

৫)পকা কল

৬)এলো ভেৰা

৭)হালধী

৮)বুটমাহ

ফেচপেক এটা বনাবলৈ এই ওপৰোক্ত সকলোবোৰ মিহলি কৰি ইয়াক মুখত 15 মিনিটৰ বাবে  লগাই ৰাখক। আৰু ১৫ মিনিটৰ পিছত আপোনাৰ মুখখন সাধাৰণ পানীৰে ধুই দিয়ক।


কি কি খাব?

১)এলো ভেৰাৰ ৰস খাব।

২)গজা বুট আৰু চিনাবাদাম খাব।

৩)বাদাম, শুকান আঙুৰ, আৰু চিলগোজা খাব,লগতে খাদ্যত এপ্ৰিকট, আখৰোট ৰাখিব।

৪)ভজা খাদ্য নাখাব।

৫)তেল মছলা পৰিহাৰ কৰিব।

যোগৰ জৰিয়তে প্ৰাকৃতিক উজ্জ্বলতা প্ৰাপ্ত কৰক:

1) সর্বাঙ্গসম

2)হলাসান

3)সূর্য নমস্কাৰ

4)চক্রাসন

5)ভুজঙ্গাসন

6)পদহস্তাসন

7)পশ্চিমোত্তনাসন

8)নৌকাষন

9)পদ্মাসন

10)মৎস্যসন


যোগৰ লাভালাভ সমূহ:

1)মস্তিষ্কৰ ৰোগ আৰোগ্য হয়।

2)একাগ্ৰতা বৃদ্ধি হয়।

3)মানসিক শান্তি আৰু স্মৃতি শক্তি বৃদ্ধি কৰে।

4)দৃষ্টিশক্তি বৃদ্ধি হয়।

5)হাত আৰু কান্ধৰ পেশী শক্তিশালী কৰে।

6)স্মৃতিশক্তি বৃদ্ধি হয় কৰে।

7) হাওঁফাওঁৰ কাৰ্য্যসমতা বৃদ্ধি কৰে।

8)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

9) শৰীৰ আৰু মনৰ মাজত সমতা স্থাপন কৰে।

10) হজম শক্তি বাঢ়ে।


*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, অধিক বিৱৰণৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like