" মুকেশ আম্বানীয়ে ক্ৰয় কৰিব নোৱাৰা গাড়ী ক্ৰয় কৰিলে কাৰ্তিকে , দাম শুনিলে আঁচৰিত হ’ব

মুকেশ আম্বানীয়ে ক্ৰয় কৰিব নোৱাৰা গাড়ী ক্ৰয় কৰিলে কাৰ্তিকে , দাম শুনিলে আঁচৰিত হ’ব

kartik aaryan buy car worth 4.7 crore indian rupee mukesh ambani does not have this

kartik aaryan buy car worth 4.7 crore indian rupee mukesh ambani does not have this

ভাৰতৰ আটাইতকৈ ধনী মানুহ মুকেশ আম্বানীক কোনে চিনি নাপায়। ধনকুবেৰৰ কথাও যেন তেওৰ বাবে অতি সৰু। এনে ধনী মানুহৰ জীৱন যে বিলাসী হ’ব তাত কোনো সন্দেহ নাই। প্ৰসংগক্ৰমে তেওঁ ভাৰতৰ অন্যতম টেলিকম নেটৱৰ্ক জিঅ’ৰ মুৰব্বী। স্বাভাৱিকতে তেওঁৰ ঘৰ, গাড়ী, কাপোৰ-কানি আৰু খোৱাপানীও শিৰোনাম দখল কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁ এক সম্পূৰ্ণ বেলেগ কাৰণত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেই কাৰণটো কি? সেইটোৱেই আজি এই প্ৰতিবেদনত আপোনালোকক জনাম ।

মুকেশ আম্বানী বৰ্তমান পৃথিৱীৰ অন্যতম ধনী ব্যক্তি। ৰজাঘৰৰ পৰা গাড়ীলৈকে, প্ৰাইভেট জেট কি যে নাই তেওঁৰ ! আমি কাহিনীত পঢ়ি থকা ৰজাসকলৰ বিলাসী জীৱন, বাস্তৱত তেওঁ এনে এক চকু কপালত তুলিব পৰা জীৱন কটায়। কোৱা বাহুল্য যে পৃথিৱীৰ অতি মূল্যৱান বস্তুবোৰকো নিজৰ কৰি তোলাৰ ক্ষমতা তেওঁৰ আছে। অৱশ্যে আপোনালোকে জানি আচৰিত হ’ব যে এই মুহূৰ্তত এজন বলীউডৰ তাৰকাই তেওঁৰ হাতত নথকা বস্তুবোৰ নিজৰ নামত লৈ শিৰোনামত স্থান দখল কৰিছে। আৰু তাৰ পৰাই আৰম্ভ হৈছিল জল্পনা-কল্পনা।

আপোনালোকক জনাওঁ যে মুকেশ আম্বানীৰ হাতত ৰ’লছ ৰয়েচ, BMW, মাৰ্চিডিজকে ধৰি সকলো দামী ব্ৰেণ্ডৰ গাড়ী আছে যদিও তেওঁৰ হাতত McLaren GT নাই। আৰু এই মুহূৰ্তত এই গাড়ীৰ মালিক ষ্টাৰ কাৰ্তিক আৰিয়ান । ইয়াৰ মূল্য শুনি আপুনিও আচৰিত হ’ব। উল্লেখযোগ্য যে ‘ভূলভূলাইয়া-২’ নামেৰে পৰিচিত অভিনেতা গৰাকীয়ে ৪৮ মিলিয়ন টকাতকৈ অধিক মূল্যৰ মেকলেৰেন জিটি গাড়ীখন নিজৰ নিয়ন্ত্ৰণলৈ আনি বি-টাউনৰ লগতে সমগ্ৰ দেশত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে । নেট ৱৰ্ল্ডে দাবী কৰিছে যে গাড়ীৰ ক্ষেত্ৰত কাৰ্তিকে ধন কুবেৰ আম্বানীক অতিক্ৰম কৰিছে।

আপোনালোকক জনাওঁ যে কাৰ্তিকৰ এই বিলাসী গাড়ীখনত আছে ৪ লিটাৰ টাৰ্বো V8 ইঞ্জিন। এই ইঞ্জিনে সৰ্বাধিক ৮১১ বিএইচপি শক্তি আৰু ৬৩০ এন এম টৰ্ক পাব। 8 স্পীড অটোমেটিক গিয়াৰবক্সৰ সৈতে আহে। McLaren GT য়ে মাত্ৰ ৩.২ ছেকেণ্ডত ০-১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰিব পাৰে, গাড়ীখনৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৩২৬ কিলোমিটাৰ। প্ৰসংগক্ৰমে এইখন ভাৰতৰ প্ৰথমখন McLaren GT।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like