আফ্ৰিকাৰ এনেবোৰ ভয়ংকৰ প্ৰাণীৰ বিষয়ে জানি আপোনাৰ বুকু কপি উঠিব !

Knowing about these terrifying creatures of Africa will make your heart beat faster!


আফ্ৰিকাৰ এনেবোৰ ভয়ংকৰ প্ৰাণীৰ বিষয়ে জানি আপোনাৰ বুকু কপি উঠিব !

এই পৃথিৱীত ভগবানৰ কিছুমান সৃষ্টি অপূৰ্ব, কিন্তু আন কিছূমান অদ্ভুত যিবোৰ অতি ভয়ংকৰ। 

আকৌ কিছুমানৰ ৰূপ অতি আকৰ্ষণীয় আনহাতে কিছুমানৰ ৰূপ বিভৎস।

আফ্ৰিকাত কিছুমান প্ৰাণী আছে যিবোৰৰ উগ্ৰ মেজাজৰ আক্ৰমণাত্মক কাৰ্য ই আপোনাৰ বুকু কপাই তুলিব।

আজি ক'ব খুজিছো আফ্ৰিকাৰ আটাইতকৈ ভয়ংকৰ প্ৰাণীসমূহৰ ভিতৰত তিনিবিধ প্ৰাণীৰ কথা।

Read More :- 

এতিয়া সেই প্ৰাণী তিনিবিধৰ বিষয়ে জানো আহক:

১। জলহস্তী: ইয়াৰ ৰূপটোক সাধাৰণতে মানুহে বিভৎস বুলি কয়। যিনহ ওক, ইয়াৰ মেজাজ অতি উগ্ৰ।আফ্ৰিকাৰ আন আন ডাঙৰ প্ৰাণীৰ তুলনাত ইয়েই বেছি মানুহৰ মৃত্যুৰ কাৰক।পোৱালীক মাকে নদী বা তেনে জলৰাশিৰ পাৰত আহাৰ খুওৱাৰ সময়ত যদি মতাটোৱে পোৱালী বা যাকৰ ওচৰলৈ আন প্ৰাণী অহাৰ উমান পায়, তেনেহ'লে সি পানীৰ তলতেই অত্যন্ত উগ্ৰ হৈ পৰে।

মতা জলহস্তীয়ে ঘণ্টাত ২০ মাইলতকৈও অধিক বেগেৰে গতি কৰিব পাৰে। ইয়াৰ কুকুৰৰ দৰে দাতবোৰ প্ৰায় ২০ ইঞ্চি দীঘল।

২।মহ: ই এবিধ ক্ষুদ্ৰ প্ৰাণী। কিন্তু ই আটাইতকৈ ভয়ংকৰ।ই প্ৰতি বছৰে এক মিলিয়নৰো অধিক আফ্ৰিকাৰ লোকক মৃত্যুমূখত পেলায়।মৃত্যুমূখত পৰা অধিকাংশ ই পাচবছৰৰ তলৰ শিশু।

৩।ব্লেক মাম্বা: আফ্ৰিকাৰ আটাইতকৈ ভয়ংকৰ সাপবোৰৰ ভিতৰত ইও এক।ই আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ বিষাক্ত সাপ।আফ্ৰিকাৰ পূৱ, দক্ষিণ আৰু কেন্দ্ৰস্থলত পোৱা এই সাপবিধে প্ৰতিঘন্টাত প্ৰায় ২০ কিলোমিটাৰ বেগেৰে গতি কৰি শত্ৰুক আক্ৰমণ কৰে।

ই সাধাৰণতে শিলৰ পাহাৰ আৰু মুকলি বনভূমিত থাকে।ইহত প্ৰজননৰ কাৰণে বসন্ত আৰু গ্ৰীষ্মকালত লগ হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.