এতিয়া বিজুলীৰে নহয়, কাগজৰ সহায়েৰে চাৰ্জ হ'ব ম'বাইল ! জানক Paper Device ৰ বৈশিষ্ট্যসমূহ

Mobile will now be charged with paper, not electricity! Know the features of Paper Device, how to charge phone, how to charge mobile with paper,fast m


আমেৰিকাৰ বৈজ্ঞানিকসকলে বিজুলী উৎপাদন কৰিবলৈ এনেকুৱা এটা সজুলি আৱিষ্কাৰ কৰিছে যিটো কাগজেৰে নিৰ্মিত । সমগ্ৰ বিশ্বতে প্ৰত্যেক দিনে বিজ্ঞানৰ জগতত কিবা নহয় কিবা পৰীক্ষা-নীৰিক্ষাৰ প্ৰয়োগ হয়েই থাকে । সেইদৰে আমেৰিকাৰ বৈজ্ঞানিকসকলেও বিজুলী  উৎপন্ন কৰিবলৈ এনেকুৱা এটা যন্ত্ৰ তৈয়াৰ কৰিছে, যিটো অন্য ধাতুৰ পৰিৱৰ্তে কাগজৰদ্বাৰা বিজুলী উৎপাদন কৰিবলৈ সক্ষম । 

অসত্য যেন লাগিলেও প্ৰকৃততে এয়া সত্য। কাগজৰ এই যন্ত্ৰটো (Device) টিপিলে বিজুলীৰ উৎপত্তি হয়। এই যন্ত্ৰ আৱিষ্কাৰ কৰা বৈজ্ঞানিকসকলে দাবী কৰিছে যে ভৱিষ্যতে জনসাধাৰণে এনেকুৱা যন্ত্ৰ লগত লৈ ফুৰিব পাৰিব, যাৰ ফলত ঘূৰোঁতে-ফূৰোঁতেই বিজুলী শক্তিৰ সমস্যা সমাধান হৈ যাব। এই সজুলিৰ সহায়েৰে ম’বাইলৰ উপৰিও আন আন যন্ত্ৰও সহজতে চাৰ্জ দিব পৰা যাব। ইয়াৰ বাবে কেৱল কাগজত হেচাঁ প্ৰয়োগ কৰিব লাগিব। কেনেকৈনো কাগজৰপৰা বিজুলী সৃষ্টি হ’ব, জানোঁ আহক এই অদ্ভুত যন্ত্ৰটোৰ বিষয়ে:

কাগজৰপৰা উৎপন্ন হ’ব বিজুলী

বৈজ্ঞানিকসকলদ্বাৰা নিৰ্মিত এই যন্ত্ৰটো সচৰাচৰ সংঘটিত হোৱা কিছু সৰু সৰু ঘটনা-পৰিঘটনাৰ আধাৰত তৈয়াৰ কৰি উলিওৱা হৈছে। আপুনি হয়তো মন কৰিছে যে ছুৱেটাৰৰদৰে কাপোৰৰ সৈতে আমাৰ চুলি ঘঁহনা খালে চিক্ চিককৈ শব্দ হয়। আকৌ কেতিয়াবা কেতিয়াবা কিছুমান পদাৰ্থ হাতেৰে চুলে বিজুলী প্ৰবাহিত হোৱাৰ দৰে ঝটকা অনুভৱ হয়। স্থিতি ক্ষমতাৰ কাৰণে এই বিজুলী উৎপত্তি হয়। ইয়াৰ কাৰণ হ’ল, ধনাত্মক বা ঋণাত্মক এই দুই শক্তি একেলগ খালে বিজুলী প্ৰবাহৰ সৃষ্টি হয়। এই সূত্ৰটোৰ সহায়তে আমেৰিকাৰ বৈজ্ঞানিকসকলে উক্ত যন্ত্ৰটো সাঁজি উলিয়াইছে।

Mobile will now be charged with paper Times Guwahati


ট্ৰাইব’ইলেকত্ৰিচিটিৰপৰা এনেধৰণে বিজুলী উৎপন্ন কৰাতোঁ সম্ভৱ

আমাৰ সকলোৰে লগত সংঘটিত হোৱা উপৰোক্ত ক্ৰিয়া Tybo electricity effectৰ বাবে সৃষ্টি হয়। আপোনাক জনাওঁ যে এই ট্ৰাইব’ইলেকত্ৰিচিটিৰ বিষয়ে বেছিভাগ মানুহ অজ্ঞাত। এই ক্ৰিয়াৰ সহায়তে অভিজন্তাসকলে নতুন আৱিষ্কাৰ কৰিছে। Georgia Institute of Technologyৰ অভিজন্তা ঝাং লিন্ ৱাঙে এটা turbo electric generator তৈয়াৰ কৰিছে, যাৰ সহায়ত টাচ্ স্ক্ৰীন, পলিমাৰ কাপোৰ, শীতল পানীয় আৰু ছ’ডা বটলৰপৰা বিজুলী উৎপন্ন কৰিব পাৰি। 

আহোঁতে-যাওঁতে উৎপন্ন হ’ব বিজুলী 

ট্ৰাইব’ইলেকত্ৰিক জেনেৰেটৰৰ সহায়ত কপোৰ পিন্ধাৰ সময়ত, টাচ্ স্ক্ৰীন চুলে বা ঘৰ্ষণ সংঘটিত হ’লে বিজুলী উৎপাদন হ’ব। যদি বিজ্ঞানীসকলৰ এই আৱিষ্কাৰ সফল হয়, তেন্তে প্ৰয়োজনীয় বিজুলীৰ আধা অংশ এনেধৰণে উপলব্ধ হ’ব। 

পকেটত ভৰাই থব পৰা যাব এই  ক্ষুদ্ৰ জেনেৰেটৰটো

ঝাং লিন্ ৱাঙৰ টীমটোৱে নিজৰ গৱেষণাত বালিয়া কাগজ (ছেন্দ পেপাৰ) কিছুমান সৰু সৰুকৈ ভাগ কৰি লেজাৰৰ সহায়ত কাটি তাৰ ওপৰত সোণৰদৰে অন্য ধাতুৰ প্ৰলেপ দিলে। এনেকৈয়ে তৈয়াৰ হৈ গ’ল বিজুলী উৎপন্ন কৰা যন্ত্ৰ, যাক পকেট বা মাণিবেগত লৈ সহজতে ইঠাইৰপৰা সিঠাইলৈ যাব পাৰি। কাগজৰ এই যন্ত্ৰটো অলপ সময় হেঁচি ৰাখিলে ১ ভল্টলৈকে বিজুলী শক্তি উৎপন্ন হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.