ৰাজপথৰ মাজত ছোৱালীয়ে লৰাক আগচি ধৰি তেওঁৰ সৈতে যি কৰিলে, সকলোৰে চকু কপালত উঠিলে



ঘটনাতো স্ংঘটিত হয় চহৰৰ সদা ব্যস্ত কালেক্ট্ৰৰ মাৰ্গত  অৱস্থিত জিলা পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত।

মিৰ্জাপুৰঃ চহৰৰ সদা ব্যস্ত হিচাপে পৰিচিত কালেক্ট্ৰৰ মাৰ্গত  অৱস্থিত জিলা পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখৰ ভাগত হঠাৎ  ছোৱালী এজনীয়ে  লৰা এজনক গবা মাৰি ধৰে। তাৰপিছত যি হ'ল তাতে সকলোৰে চকু কপালত উঠিলে। সেই দৃশ্যপট চোৱাৰ বাবে ৰাস্তাৰে গৈ থকা মানুহবোৰ গাড়ী-মটৰ, চাইকেলৰ সৈতে ৰৈ দিলে। ৰাজপথত বিৰ দি বাট নোপোৱা অৱস্থা। লৰা-ছোৱালীহালে কৌতূহল আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ গৈছে। এজনী ছোৱালীৰ এনেকুৱা সাহসী কাৰ্য্য দেখি ৰাইজৰ হতচকিত হোৱাৰ পাল। ৰাইজৰ মাজৰ পৰা কোনোবাই পুলিচক খবৰ দিলে। পুলিচ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ লৰাজনক লৰালৰিকৈ থানালৈ লৈ  গল ।লৰা আৰু ছোৱালী দুয়োজনে থানাত উপস্থিত হোৱাতহে ক্ৰ্মে  হুলস্থুলীয়া পৰিৱেশটো শান্ত হয়

ঘটনাৰ আৰম্ভণিতে যিয়ে শুনিছিল যে  লৰা-ছোৱালীৰ ঘটনা, এক মুহূৰ্ত পলম নকৰাকৈ গাড়ী ৰখাই ভীৰৰ মাজত সোমাই পৰিছিল । কৌতূহলঃবশত ঘটনাটো অন্য ধৰনৰ  বুলি ভাৱি  ৰাইজে ভীষন ভীৰ কৰিছিল । কিন্তু  ঘটনা দেখি মানুহবোৰ আচৰিত হৈ গল।  চহৰৰ তৰকাপুৰ অঞ্চলৰ বাসিন্দা স্বীটী (পৰিৱৰ্তিত নাম) নামৰ ছোৱালীজনী হঠাৎ উপস্থিত হৈ পক্কা পোখৰাৰ নিবাসী ৰাকেশ নামৰ লৰাজনক আগভেটি ধৰে

ৰাকেশ ঘটনাটোৰ উৱাদিহ পোৱাৰ আগতে তাই ৰাকেশৰ চাৰ্টৰ কলা'ৰ এনেকুৱাকৈ খামুচি  ধৰিলে যেনেকৈ পুলিচে অপৰাধীক খামুচি ধৰে।  ছোৱালীৰ এনেকুৱা সাহসী কাৰ্য্য দেখি মানুহবোৰ আচৰিত   হৈ গৈছিলে। পিছত ঘটনাৰ পম খেদি জনা যায় যে স্বীটীৰ পৰিয়ালৰ পৰা ৰাকেশে টকা দহ হাজাৰ (১০,০০০/- ) ধাৰ লৈছিলে। তাইৰ দাবী যে পাচঁ‌ হাজাৰ টকা উভতাই দিছে কিন্তু বাকী ১০ হাজাৰ  টকা উভতাই দিয়াৰ পৰিবৰ্তে তেওঁ বহুত দিনৰ পৰা  লুকাই আছিলে

সেয়ে আজি ৰাকেশক ৰাস্তাত দেখা মাত্ৰ্কে স্বীটীয়ে দৌৰি আহি তেওঁৰ ওপৰত জপিয়াই পৰিছিল। তাই ৰাকেশৰ কলা'ৰ খামুচি ধৰি চিঞৰি চিঞৰি নিজৰ টকা বিছাৰিবলৈ ধৰিছিলে । লগতে ধমকিও দিছিল ।তাই ইমানতে ক্ষান্ত নাথাকি তেওঁ‌ক ৰাস্তাত বগৰাই পেলাই   চুচৰাই নি  জিলা পঞ্চায়ত কাৰ্যালয়ৰ কমপ্লেক্সৰ ভিতৰত লৈ যায়। উল্লেখযোগ্য যে তাই মবাইল  আৰু পাৰ্চও আজুৰি লৈছিলে

পুলিচে খবৰ পোৱা মাত্ৰ্কে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। পুলিচেও ছোৱালীজনীৰ উগ্ৰ্মুত্তি ৰুপ দেখি আচৰিত হয়। দুয়োজনকে পুলিচে থানালৈ লৈ আহে আৰু তাৰ পিছতহে পৰিৱেশ ক্ৰ্মে শান্ত হয়। এই ঘটনাটোৰ চৰ্চা গোটেই চহৰত এক আলোড়নৰ সৃষ্টি কৰিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.