Online fraud বহু কথাই আপোনালোকে শুনিছে। কেতিয়াবা মোবাইলৰ ঠাইত পাথৰ বা খালি বাকচ আহি যায়। কিন্তু এইবাৰ ঘটনাটো অলপ পৃথক। এজন ব্যক্তিয়ে এমেজনৰ পৰা আধা কিলো ৰূপ আমদানি কৰিছিল কিন্তু শনিবাৰে পালে আধা কিলো ঘেঁহুৰ পেকেট। পেকেট টো ধৰিয়ে গ্ৰাহক জনৰ ভৰিৰ তলৰ মাটি যেন হেৰাই গল। তাত ধৰিয়ে বুজা গৈছিল যে তাত ৰূপ নাই আৰু পেকেটৰ বাহিৰত ঘেঁহুৰ অলপ গুৰি লাগি আছিল। গ্ৰাহক জনৰ মতে এই সকলো খিনি ডেলিভাৰী দিয়া লৰা জনৰ আগতে হৈছিল।
এই ঘটনা UP ৰ প্ৰতাপগঢ়ৰ। বিশ্বনাথ শৰ্মা নামৰ ব্যক্তিজনে Amazonৰ পৰা গ্ৰাহকে ললে এক কিলো ৰূপ, কম দামত বিক্ৰী হৈ থকা ৰূপ দেখি লাভ উঠোৱাৰ সুবিধা চাই আধা কিলো ৰূপ(Silver)ৰ টুকুৰা আমদানি কৰিলে। গ্ৰাহকজনে আধা কিলো ৰূপৰ বাবে ত্ৰিশ হাজাৰ টকা দিছিল, যত সেইসময়ত বজাৰত ৰূপৰ দাম কিলো ৬৫ হাজাৰ । অৰ্থাৎ গ্ৰাহক ২৫০০০ টকা লাভত আছিল, কিন্তু Amazonৰ তৰফৰ পৰা অহা বস্তুত কথাৰ মতে ঘেঁহু পোৱা গল।
গ্রাহকে Amazonক ফোন কৰি এই বিষয়ে অভিযোগ কৰিছিলে আৰু ডেলিভাৰি দিয়া লৰাজনক এক লিখিত অভিযোগও দিছিল। অভিযোগৰ এক অনুলিপি তলত সংযুক্ত কৰা হৈছে, যিটো আপনিও পঢ়িব পাৰিব। গ্রাহকৰ অভিযোগত, Amazon য়ে তেওঁৰ টকা ঘূৰাই দিব কৈছে। তদুপৰি তেওঁৰ একাউন্টত কিছু টকা জমাও হৈছে।
গ্ৰাহকে দিলে আচৰিত হব লগা তথ্য, উদয় হল দুটা ডাঙৰ প্ৰশ্নৰ
বিশ্বনাথ শর্মাৰ সৈতে কথা হোৱাত তেওঁ আৰু এক মর্মাহত তথ্য দিলে। বিশ্বনাথ শর্মাৰ মতে, 22,660 টকা তেওঁৰ একাউন্টত 14 জানুৱাৰীতে জমা হৈছে। দুটি ডাঙৰ বিভ্রান্তি ইয়াত আহি পৰিছে। প্রথমটো Amazonৰ অনুসৰি, 22,660 টকা ঘূৰাই দিয়া হৈছিল, যত 30,000 টকা প্রদান কৰা হৈছিল। দ্বিতীয় ডাঙৰ বিভ্রান্তি হল যে গ্রাহকক তেওঁৰ টকা যে ঘূৰাই দিব লাগিব এই কথা আগতেই সংস্থাটিএ কেনেকৈ জানিলে । এতিয়া আশঙ্কাও কৰা হৈছে যে এমেজনৰ সৈতে তালিকা কৰি ৰূপ বিক্রি কৰা বিক্রেতা জনে কোনো জালিয়াতি কৰা নাইতো। যদি গ্রাহকে বিশ্বাস কৰে, সংস্থাটিএ এই বিক্রেতাৰ সমস্ত আদেশ অবৰুদ্ধ কৰিছে। কিন্তু এতিয়াও এমেজন কর্তৃপক্ষই কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
Onlineত কিনা বেচাৰ সময়ত কিছুমান কথা মনত ৰখা দৰকাৰ যে
Amazon ৰ দৰে কিংবদন্তি Websiteত কাৰো লগতে প্রতাৰণা নকৰে, কিন্তু তালিকা বিক্রেতাৰ কথা পুৰা দাবিৰ সৈতে কব পৰা নাযায়। আপুনি যদি অনলাইন মাধ্যমে বস্তু আমদানি কৰে তেন্তে তাৰ খোলাৰ প্ৰক্ৰিয়াটো ভিডিও কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিও ৰেকর্ড কৰি ৰাখিলে আপোনাৰ ওচৰত এটা সঠিক প্ৰমাণ থাকিব যে আপোনাৰ লগত জালিয়াটি হৈছে আৰু সংস্থাটিএ আপোনাৰ টকা ঘূৰাই দিব। বিশ্বনাথ শর্মাৰ ক্ষেত্রত ভিডিও অবিহনেই সংস্থাটি একমত হৈছে, কিন্তু এয়া নহয় যে আপোনাৰ ক্ষেত্ৰতো সংস্থাটিএ ভিডিও প্রমাণ অবিহনে বিশ্বাস কৰিব।