মাতৃৰ অল্পবিদ্যাৰ ফল সহিলে পুত্ৰইঃ শুকান ছালত লগোৱা ক্ৰীমেৰে পুত্ৰৰ চালত গজিল চুলি

 মাতৃৰ অল্পবিদ্যাৰ ফল সহিলে পুত্ৰইঃ শুকান ছালত লগোৱা ক্ৰীমেৰে পুত্ৰৰ চালত গজিল চুলি

Mother accidentally put such cream on her baby's face


অল্পবিদ্যা ভয়ংকৰ! এই কথাষাৰ আমাৰ প্ৰত্যকৰে জীৱনত প্ৰযোজ্য; কোনো এটা বস্তুৰ পুংখানুপুংখ জ্ঞান নাথাকিলে তাক আমাৰ জীৱনত গ্ৰহণ কৰাটো কেতিয়াবা অভিশাপ স্বৰূপেই হৈ পৰে। ঠিক এনেদৰে, নতুন দিল্লীস্থিত এগৰাকী মাতৃৰ অল্পবিদ্যাৰ ফলতেই তেওঁৰ পুত্ৰই সহিবলগীয়া হ'ল কষ্ট; পুত্ৰৰ শুকান ছালত মাতৃয়ে ব্যৱহাৰ কৰা ক্ৰিমৰ দ্বাৰা শিশুটোৰ ছাল ফুলি যোৱাৰ লগতে তাত চুলি গজিবলৈ ধৰিলে। পিছলৈ, এই সম্পৰ্কে  চিকিৎসকৰ কাষ চপাত হতহম্ভ হৈ পৰে চিকিৎসক গৰাকীও। ৰিপোৰ্টনুসৰি, চিকিৎসক গৰাকীয়ে যেতিয়া  পিতৃ-মাতৃক শিশুটোৰ ছালত ব্যৱহৃত চাবোন অথবা ক্ৰীমৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে ব্যৱহৃত ক্ৰীমটোৰ বিষয়ে জনায় কয় যে, বিগত দুমাহ ধৰি তেওঁলোকে শিশুটোৰ গালত সেই ক্ৰীমটোক ব্যৱহাৰ কৰি আহিছিল।

           ক্ৰীমটোক(cream) চিকিৎসক গৰাকীক দেখুওৱাৰ পিছতেই ওলাই পৰিল উৰহীৰ ওৰ। আচলতে, শিশুটোৰ সৈতে ব্যৱহৃত ক্ৰীমটো আছিল ষ্টেৰয়ড ক্ৰীম; যিটো বয়সত ডাঙৰ ব্যক্তি সকলেহে ব্যৱহাৰ  কৰে। চিকিৎসক গৰাকীয়ে জনোৱা মতে, উক্ত ক্ৰীমটো বয়সত ডাঙৰে ব্যৱহাৰ কৰিলেও এক নিৰ্দ্দিষ্ট মাত্ৰাতহে ব্যৱহাৰ কৰিব লাগে। উল্লেখ্য যে, চিকিৎসক গৰাকীয়ে দিয়া পৰামৰ্শ অনুসৰি শিশুটোৰ পিতৃ-মাতৃয়ে বৰ্তমান ক্ৰীমটোৰ প্ৰয়োগ বন্ধ কৰাত শিশুটোৰ অৱস্থা পূৰ্বতকৈ ধনাত্মক দিশে আগবাঢ়িছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.