বুলেট দিবলৈ মান্তি হ'ল মামা : ভাগিনৰ বাবে বুলেট কিনিব চৰকাৰে Royel Enfield Bullet
নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত গণতন্ত্ৰ দিৱসৰ মুল কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতাৰ সময়তে বহুজনে প্ৰশ্ন কৰিলে, "মামা বুলেট কেতিয়া দিব?" মামাই কলে :- ‘বুলেট দিম কিন্তু...’ চৰকাৰী বুলেট , ইয়াৰ বাবে চৰকাৰী চৰ্ত থাকিব ।
উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী দিয়াৰ পিছতে শেহতীয়াভাৱে শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মেধাৱী ছাত্ৰ সকলকো Bike দিবলৈ বিভিন্ন সভাই-সমিতিয়ে আহ্বান জনাইছিল। হিমন্ত বিশ্ব শৰ্মা যি ঠাইতেই গৈছে তাতেই বাইক দিবলৈ ছাত্ৰ সকলে আবেদন দি আহিছে । ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমন্তই অহাবাৰ চৰকাৰ আহিলে ছাত্ৰসকলক বুলেট (Royal Enfield Bullet) দিম বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পিছতে হিমন্তক বুলেট কেতিয়া দিব সেই প্ৰশ্নৰে ব্যতিব্যস্ত কৰিছিল বহুজনে। বিজেপি চৰকাৰ যদি ২০২১ ত আহে তেন্তে বিজেপিয়ে Bike দিয়াৰ প্ৰতিশ্ৰুতি দিলে । গণতন্ত্ৰ দিৱসৰ দিনটোতো ৰাজ্যৰ ৰাজনীতিত নতুনকৈ সংযোজিত হোৱা মামা-ভাগিনৰ কাহিনীয়ে চৰ্চা লাভ কৰিলে সৰ্বত্ৰে ।