" জাগীৰোডৰ হাফিজীয়া মাদ্ৰাছাত গণৰাজ্য দিৱস উৎযাপন।

জাগীৰোডৰ হাফিজীয়া মাদ্ৰাছাত গণৰাজ্য দিৱস উৎযাপন।

জাগীৰোডৰ হাফিজীয়া মাদ্ৰাছাত গণৰাজ্য দিৱস উৎযাপন। ৭২ সংখ্যক প্ৰজাতন্ত্ৰ দিৱস। ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহমালহেৰে পালন কৰা হয় গণৰাজ্যৰ দিৱস। তাৰ সমান্তৰালকৈ জাগীৰোড'স্থিত পৰ্ব্বত নগৰ হাফিজীয়া মাদ্ৰাছায়েও উৎযাপন কৰে ৭২ সংখ্যক গণতন্ত্ৰ দিৱস। গণৰাজ্য গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয় পুৱা ৯°৩০ বজাত।

72 th republic day at jagiroad

 পতাকা উত্তোলন কৰে মাদ্ৰাছাৰ সভাপতি তথা বিশিষ্ট সমাজ সচেতন ব্যক্তি নুৰ মহম্মদে। পতাকা উত্তোলনৰ সময়ত উপস্থিত থাকে জাগীৰোড অঞ্চলৰ গন্য-মান্য ব্যক্তি সকলৰ লগতে মাদ্ৰাছা মাহফুজুল ক্বোৰআনৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। জাতীয় পতাকা উত্তোলনৰ পিছতে কন কন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বুট-মাহ বিতৰণ কৰা হয়। উল্লেখ্য যে সততে কৌমী মাদ্ৰাছা সমূহৰ বিৰুদ্ধে এটা অভিযোগ আছে যে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাসমূহে ভাৰতীয় জাতীয় পতাকা উত্তোলন নকৰে, কৰিলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন নকৰে, পিছে আজি এই সকলো অভিযোগ নস্যাৎ কৰি জাগীৰোড'স্থিত পৰ্ব্বত নগৰ হাফিজী মাদ্ৰাছাই দেশৰ স্বাভিমান ত্ৰিৰংগা পতাকা উত্তোলন কৰি বন্দে মাতৰম ধ্বনি দিয়াৰ লগতে ৰাষ্ট্ৰীয় সংগীতো গোৱা পৰিলক্ষিত হয়। মাদ্ৰাছাসমূহৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন আৰু উদ্দেশ্যপ্রণোদিত। দেশৰ প্ৰতিটো মাদ্ৰাছাতেই ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয় আৰু মাদ্ৰাছাৰ পৰাই সৰ্বপ্ৰথম স্বাধীনতাৰ আওয়াজ উথাপন হৈছিল বুলি একাংশই কব খুঁজে।

কেমেৰামেন গাজিবুৰ ৰহমানৰ সহযোগত জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

Post a Comment

Previous Post Next Post

People Like