Hitler’s toilet seat sells for incredible amount at auction

হিটলাৰৰ পায়খানাৰ আসন নিলামৰ বাবে ৰখা হৈছিল।

Hitler’s toilet seat sells for incredible amount at auction


Times Guwahati : এই আসনখন সম্পূৰ্ণৰূপে কাঠেৰে তৈয়াৰ কৰা হৈছিল, দ্বিতীয় বিশ্ব যুদ্ধৰ লগত ই সংপৃক্ত

     বহুতো মানুহৰে পুৰণি বস্তু সংৰক্ষণ কৰাৰ অভ্যাস আছে।কেতিয়াবা পুৰণি পইচা,পুৰণি আচবাব নাইবা  কেতিয়াবা পুৰণি কিতাপ...তালিকাখন বৃদ্ধি হ'ব,কিতাপৰ সংখ্যা নকমিব!বহুতেই প্ৰথম বিশ্ব যুদ্ধ আৰু দ্বিতীয় বিশ্ব যুদ্ধৰো বয় বস্তু সঞ্চয় কৰিছে।অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰি ,এই সংগ্ৰহৰ তালিকাখনৰো ভিন্নতা আছে। তোমালোকৰ কোনোবা আছেনে যিয়ে কেতিয়াবা পায়খানাৰ আসন সংগ্ৰহ কৰা কাৰ্যক নিজৰ অভিৰুচি হিচাপত বিবেচনা কৰিছে?সম্ভৱত মইয়ো তেনেদৰে ভবা নাছিলোঁ।কিন্তু এই পায়খানাৰ আসনেই এটা নিলাম ক্ষেত্ৰত(চাইট) নিলাম কৰি থকা হৈছে।পুনৰায় এক মোটা অংকৰ বিনিময়ত!

এই পায়খানাৰ আসনখন কোনো সাধাৰণ আসন নহয়।এই আসনখন সম্পূৰ্ণৰূপে কাঠেৰে নিৰ্মিত,দ্বিতীয় বিশ্ব যুদ্ধৰ লগত ই সংপৃক্ত। এডলফ হিটলাৰে নিজেই ইয়াক ব্যৱহাৰ কৰিছিল।আৰু  এই কাৰণেই এই পায়খানাৰ আসনখনো নিলামত বিক্ৰীৰ বাবে ৰখা হৈছে।ভাৰতীয় মুদ্ৰাৰ হিচাপত ইয়াৰ মূল্য প্ৰায় ১৪লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।এতিয়াও ,এইখন নিলামৰ লগত জড়িত কোম্পানীৰ ওৱেবচাইটত দেখা পোৱা যায়।জানিব পৰা গৈছে যে পায়খানাৰ আসনখন অহা সপ্তাহৰ এটা নিলামত ৰখা হ'ব।

ভিন্ন তথ্য অনুযায়ী, এই পায়খানাৰ আসনখন এডলফ হিটলাৰে এটা ব্যক্তিগত স্নানাগাৰৰ পৰা  আমেৰিকাৰ এজন সৈনিকৰ হতুৱাই চুৰি কৰোৱাইছিল।এই আসনখন ডাঙৰ ৰণ নৌকাত ৰখা হৈছিল।

ৰাগানওৱাল্ড বোৰ্চ নামৰ এজন আমেৰিকাৰ সৈনিকে কৈছিল  তেওঁক দ্বিতীয় বিশ্ব যুদ্ধৰ পৰা যি বস্তু ল'ব বিচাৰে সেয়াই ল'ব পাৰিব বুলি বাৰ্গফেৰ দ্বাৰা হেনো এদিনাখন কোৱা হৈছিল।তেতিয়া তেওঁ পোনপ্ৰথমে কাঠৰ পায়খানাৰ আসনখন লৈছিল।যিখন বাৱাৰিয়ান আল্পচ(জাৰ্মানীৰ ওখ পৰ্বত শৃংখলা)ৰ হিটলাৰৰ ব্যক্তিগত স্নানাগাৰত ৰখা হৈছিল।

Read More News :- 

     পায়খানাৰ আসনখন লোৱা দেখা পাই বাকী সৈন্যসকলে তেওঁক তেওঁ এইটো কিয় কৰিছিল বুলি  সুধিছিল!বোৰ্চে প্ৰত্যুত্তৰ দিছিল যে য'তে হিটলাৰে আৱেষ্টনীৰ মাজত থকা ফুৰা-চকা কৰা ঠাই এৰি থৈ গৈছে সেয়াও ঐতিহাসিক!

তাৰ পিছত তেওঁ পায়াখানাৰ আসনখন তেওঁৰ নিউ জাৰ্চিস্হিত ঘৰলৈ লৈ গৈছিল আৰু ঘৰটোত এইখন স্হাপন কৰিছিল।এইবেলিকা তেওঁৰ পৰিয়ালে এইখন নিলামৰ বাবে সাজু কৰিছিল।

আলেকজেণ্ডাৰৰ নিলামে দাবী কৰা অনুযায়ী,দ্বিতীয় বিশ্ব যুদ্ধৰ বস্তু সংৰক্ষণ কৰিব বিচৰা সকলৰ বাবে এইটো এটা তুমি কৰিব পৰা অন্যতম মনোমোহা বস্তু ।

পায়খানাৰ আসনখনৰ বিশদ বিৱৰণো কোম্পানীৰ দ্বাৰা দিয়া হৈছে।বিৱৰণীত দেখিবলৈ পোৱা  অনুযায়ী ,হিটলাৰে ব্যৱহাৰ কৰা দিন ধৰি এইখন কেতিয়াও কোনেও ব্যৱহাৰ কৰা নাই।এইখন সম্পূৰ্ণ কাঠেৰে নিৰ্মিত আৰু ইয়াৰ পিঠিত ষ্টিল(তীখা)ৰ দুডাল হাঁকোটা আছে‌।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.