Times Guwahati :- ধনকুবেৰজনে ১৮০বছৰৰ জীৱনৰ প্ৰত্যশাবোৰ কিনিবৰ নিমিত্তে বাৰাম্বাৰ ১৮ লাখ টকা খৰচ কৰি আছে
ধন কুবেৰজনে দাবী কৰিছে যে তেওঁৰ বয়স ক্ৰমান্নয়ে হ্ৰাস হ'বলৈ ধৰিছে।
আৰু অধিক খবৰ এই বিজ্ঞাপনৰ পিছত
অন্ততঃ ১৮০বছৰ জীয়াই থাকিব বিচাৰে।এইকাৰণে ৪৭বছৰীয়া আমেৰিকাৰ কোটিপতি ডাৱে আচপ্ৰিয়ে (Dave Asprey) তেওঁৰ নিজৰ 'মূল কোষ(ষ্টেম চেলচ)' তেওঁৰ শৰীৰত বাৰে বাৰে বেজীৰে সুমাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰত্যেকবাৰতে তেওঁৰ খৰচ হয় ২৫আমেৰিকান ডলাৰ ।ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১৮লাখ টকা।'মূল কোষ(ষ্টেম চেলচ)' লোৱাৰ পিছত তেওঁৰ দৰে এটাৰ পিছত এটা আৰু বহুতেই তেওঁৰ যৌৱন ঘূৰাই পাইছে।
যৌৱনৰ লগত সম্পৰ্কিত থকা আৰু কেনেকৈ দীৰ্ঘদিন ধৰি জীয়াই থাকিব পাৰি এই সন্দৰ্ভত বহুতো মানুহে ডাৱে অচপ্ৰে(Dave Asprey )ৰ পৰীক্ষণৰ বিষয়ে জানে।দৈনন্দিন অধিক মাত্ৰাত কফি পান কৰিবলৈ লোৱা আৰু নিত্য ব্যৱহৃত তালিকাৰ পৰা ৰাতিপুৱাৰ জলপান ত্যাগৰ দৰে ভিন্ন ধৰণৰ তাত্ত্বিক জ্ঞানৰ পথ তেওঁ দীৰ্ঘদিন ধৰি অনুসৰণ কৰি আহিছে।এইবেলি 'মূল কোষ(ষ্টেম চেলচ)' ইয়াৰ লগত জড়িত হৈ থকা শৰীৰত প্ৰৱেশ কৰিছে।ডাৱে(Dave)ৰ ভাষাত ইয়ে হৈছে 'বায়োহেকিং(Bio hacking)'।তেওঁৰ মতে এই পদ্ধতি সাধাৰণ জনতাৰ মাজত অতি সোনকালে বিস্তাৰিত ৰূপত প্ৰসাৰ লাভ কৰিব।মোবাইল যেনেকৈ হাতে হাতে হৈছে তেনেদৰে 'বায়োহেকিং' ৰ বাবেও সকলোৱে হাতত হাত ধৰি আগবাঢ়ি আহিব।
More News :-
তুমি কিয় ১৬০বছৰ জীয়াই থাকিব বিচৰা?ডাৱে(Dave) ৰ ভাষাত ,''মোৰ পৃথিৱীক দিবলৈ বহুতো আছে।এইটো খুব কম সময়ৰ ভিতৰত সম্ভৱ নহয়।'' তেওঁ সেইটো ৪০বছৰৰ অনূৰ্ধ সকলক কৈছিল, যদিহে এই সময়ৰ পৰা সিহঁতে ''মূল কোষ(Stem cells)' ল'বলৈ আৰম্ভ কৰে তেতিয়া সিহঁতে আনকি ১০০বছৰ হোৱাৰ পিছতো একেই ডেকা হৈয়ে থাকিব।
Dave Asprey ইতিমধ্যে ১মিলিয়ন(দহ লক্ষাধিক) টকা যৌৱন অক্ষুণ্ণ ৰখাৰ গৱেষণাত খৰচ কৰিছে।ডাৱে(Dave Asprey ) কৈছে, ''ডেকা বয়সত 'মূল কোষে(ষ্টেম চেলচ)দ্ৰুত ভাৱে স্বাহ্যৰ অৱনতি হ্ৰাস কৰে।কিন্তু আমাৰ বয়স বৃদ্ধি হ'লে ' মূল কোষ(ষ্টেম চেলচ)'ৰ ক্ষমতা হ্ৰাস পায়।তোমাৰ নিজৰ ডেকা 'মূল কোষ(ষ্টেম চেলচ)আগতীয়াকৈ সংৰক্ষণ কৰিব পৰা যাব আৰু যদি সেইবোৰ 'মূল কোষ(ষ্টেম চেলচ)' সময়ে সময়ে শৰীৰত ভৰাব পৰা যায় ,তেতিয়া শৰীৰৰ ক্ষয় ৰোধ কৰিব পৰা যায়।'' তথাপি ইয়াৰ লগত সংগতি ৰাখি ধনী মানুহজনে তেওঁৰ জীৱন শৈলী আৰু খোৱা বোৱাত কিছু পৰিৱৰ্তন আনিছে।তেওঁ কৈছে যে গোটেই প্ৰক্ৰিয়াটোৰ পৰিণতি স্বৰূপে তেওঁৰ শৰীৰত বয়সৰ কোনো চাপ নাই।