দিব নালাগে বিদ্যুৎৰ বিল : অসম চৰকাৰৰ বাজেট ২০২‍১

Free Electricity Upto 30 Units by assam govt : Times Guwahati


Times Guwahati :-  এয়া নিৰ্বাচনী বতৰ, ফৰকাল বতৰ; বলিছে নিৰ্বাচনী পচোৱা। সেই পচোৱাই আনিছে ৰাইজলৈ বিশেষ সা-সুবিধা। তাৰ বাৰ্তা বিলালে দিছপুৰৰ কেবিনেট বৈঠকৰ যোগেদি গেৰুৱা দলটিৰ ৰাজ্যিক চৰকাৰখনে। যোৱা বুধবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত হোৱা বৈঠকৰ বিশেষ সিদ্ধান্তবোৰে আপোনাৰ মনত দিব এক বিশেষ বাৰ্তাৰ ভাৱ। এতিয়া সেই সিদ্ধান্ত তথা ৰাইজলৈ আগবঢ়োৱা সা-সুবিধাবোৰৰ ভিতৰত উল্লেখযোগ্যবোৰ জানো আহক-

১। ধনী, দুখীয়া সকলোলৈকে মাৰ্চ মাহলৈকে ৩০ ইউনিট বিনামূলীয়া বিজুলী প্ৰদান। আপোনাৰ ঘৰৰ electricity ৰ বিল মাহিলি ‍১০০ টকাৰ পৰা ২০০০ টকালৈ আহে ; তেনে ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ৩০ Unit অৰ্থাৎ প্ৰতি Unit electricity ৰ মুল্য ৭ টকা হলে ২১০ টকা electricity bill ৰ পৰা কৰ্তন হ'ব । অৰ্থাৎ ৰাজসাহায্য লাভ কৰিব । অসমৰ চৰকাৰৰ এই নতুন নিৰ্বাচনী উপহাৰক কেনে পালে জনাবলৈ নাপাহৰিব ।

Assam Govt Announces Free Electricity Upto 30 Units


২।হিমা দাসক(Hima Das) ডি,এছ, পি হিচাপে নিযুক্তি প্ৰদানৰ সিন্ধান্ত।

৩।অলিম্পিক আৰু ৰাষ্ট্ৰীয় মেডেল পোৱা খেলুৱৈসকলক চাকৰি দিয়াৰ সিদ্ধান্ত।

৪।ডিব্ৰুগড়ত নতুনকৈ শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত।

৫।গুৱাহাটী প্ৰেছ ক্লাৱলৈ ৩ কঠা ভূমি আৱন্টন।

৬।চাইবাৰ চিকিউৰিটি পলিচি(cyber security polict) নিৰ্ধাৰণৰ সিদ্ধান্ত।

৭। PWD ক লোক নিৰ্মাণ বিভাগ হিচাপে নামাকৰণ।

৮।বৰাক মিনি সচিবালয় স্থাপনৰ সিদ্ধান্তক অনুমোদন।

৯।অসম অনুসূচীত জাতি চাফাই কৰ্মচাৰী পৰিষদক ৰঙিয়াত ৫ বিঘা ভূমি প্ৰদানৰ সিন্ধান্ত।

১০।পাহাৰীয়া এলেকাৰ বিভাগবোৰক পুনৰ নামাকৰণৰ সিদ্ধান্ত আৰু অসমত 6th Schedule Council Department হিচাপে কাম কৰোৱাৰ সিদ্ধান্ত।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.