মৰিগাওঁ, ১৪ জানুৱাৰীঃ Times Guwahati দেওবাৰে মুকলি হয় অসমৰ প্ৰথমটো পূৰ্ণাংগ অনলাইন অভিধান এপ “লুকা-ভাকু”। দেওবাৰে এই এপটো এটা ভাৰ্চুৱেল অনুষ্ঠানত মুকলি কৰে টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰীযুত বাস্তৱ বড়াই। এপটি মুকলি কৰি বাস্তৱ বড়াদেৱে মন্তব্য কৰে যে এপটিয়ে আগন্তুক দিনবোৰত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰিব। এই অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড°পুলক সভাপণ্ডিত, শিৱসাগৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক শ্ৰীযুত পংকজ কলিতা, বিশিষ্ট অভিযন্তা ৰূপক হাজৰিকা, শিক্ষয়িত্ৰী ৰশ্মি বৰুৱা আৰু বিশিষ্ট বক্তা জোনমণি চুতীয়া নামলগোৱা। ড°পুলক সভাপণ্ডিতে অসমীয়া ভাষা সাহিত্যৰ বৰ্তমান অৱস্থা আৰু সম্ভাৱনা সম্পৰ্কে মত প্ৰকাশ কৰে। অধ্যাপক পংকজ কলিতায়ো ভাষা শিক্ষণত অভিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে মন্তব্য কৰে। বিশিষ্ট শিক্ষক সুবোধ কুমাৰ দাসে আতঁ ধৰা অনুষ্ঠানটিত ছাত্ৰ অতিথিৰূপে উপস্থিত থাকে শিশুবক্তা লোচন বৰা। এপটিৰ পৰৱৰ্তী সংস্কৰণসমূহত ইয়াক আৰু উন্নত কৰি তোলাৰ কথা প্ৰকাশ কৰে স্বত্বাধিকাৰী পুলক নাথে।