তামুলপুৰত দিন ডকাইটী TAMULPUR Breaking News
তামুলপুৰ-ওদালগুৰী পথৰ সৌৰাগুৰীত আজি আবেলি এটি দিন ডকাইতিৰ ঘটনা সংঘটিত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বাইকত অহা দুই দুৰ্বৃত্তই সৌৰাগুৰিত অৱস্থিত উপসনা সেৱা কেন্দ্ৰ নামৰ এটি পেট্ৰল পাম্পৰ কৰ্মচাৰীক চোকা অস্ত্ৰ দেখুৱাই কাঢ়ি নিলে প্ৰায় দুই লক্ষাধিক টকা ৷ সদা ব্যস্ত পেট্ৰল পাম্পটোত আজি কৰ্মচাৰীয়ে গ্ৰাহকৰ গাড়ী মটৰত তেল দি থাকোতে নম্বৰ প্লেট বিহীন এখন বাইকত দুগৰাকী বাইক আৰোহীয়ে পেট্ৰল ভৰাই ডিজেল থকা মেচিনৰ ওচৰ চাপে ৷সেই সময়তে দুই বাইক আৰোহীৰ এগৰাকী যুবকে চোকা অস্ত্ৰ দেখুৱাই মহিলা কৰ্মচাৰীৰ কান্ধত থকা টকাৰ মোনাৰ দোল এডাল কাটি দি টকাৰ মোনাখন পলকতে কাঢ়ি লৈ পলাই যায় ৷ দকাইটিৰ সম্পুৰ্ণ দৃশ্য বন্দী হৈ ৰয় চিচি টিভিৰ কেমেৰাত ৷ এই ঘটনাৰ পিছতে তেলডিপটোত কৰ্মচাৰী সকলৰ মাজত হুৱাদুৱা লাগে৷ জানিব পৰামতে ঘটনাৰ কিছু সময় পূৰ্বে এগৰাকী গ্ৰাহকে নগদ ডেৰলাখ টকাৰ ডিজেল ভৰাই নিয়ে ৷ ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ থানাৰ এটি আৰক্ষীৰ দলে ঘটনা স্থলীত উপস্থিত হয় যদিও দুৰ্বৃত্তৰ দুগৰাকী পলায়ন কৰে৷ আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷