১৪,৫০০ বৰ্গমিটাৰ ঠাই আগুৰা এজোপা বিশেষ গছ : The Great Banyan Tree

 

The Great Banyan Tree Assamese News


১৪,৫০০ বৰ্গ মিটাৰ ঠাই আগুৰা গছজোপা

এজোপা গছ, যাৰ বৰ্ণনাই আপোনাক চমক দিব। এয়াই প্ৰকৃতিৰ দান যি দিছে দেশবাসীক বিশেষ বাৰ্তা।

এতিয়া গছজোপাৰ বিষয়ে জানো আহক-

গছজোপা The Great Banyan Tree নামেৰে জনাজাত। এইজোপা এজোপা বৰগছ যিজোপা আপুনি দেখা পাব কলিকতাৰ ওচৰৰ Acharya Jagadish Chandra Bose  Botanical Garden ত।

এইজোপাই বিশ্বৰ আটাইতকৈ বেছি ঠাই আগুৰা গছ।

পিছে এই গছজোপাৰ বৰ্ণনাই দিয়ে সকলোকে চমক। সেয়ে আজি আমি সকলোৱে এই গছজোপাৰ চমকপ্ৰদ কথাবোৰৰ সোৱাদ লও আহক

প্ৰথম কথা হ'ল- ২৫০ বছৰৰো অধিক বয়সৰ এই গছজোপাই এক বিশাল ঠাই আগুৰি আছে।প্ৰায় ১৪,৫০০ বৰ্গমিটাৰ অৰ্থাৎ প্ৰায় ৩.৫ একৰ মাটি আগুৰি দেশখনৰ প্ৰকৃতিত এক বিশেষ সৌন্দৰ্যা প্ৰদান কৰিছে যি সমগ্ৰ বিশ্বতেই জনাজাত।

দ্বিতীয়তে, এই গছজোপাক দূৰৰপৰা এখন হাবি যেন লাগে যিজোপাৰ গাৰপৰা বা ডালবোৰৰপৰা প্ৰায় ৩৬,০০ ডাল শিপা ওলমি আছে ।এই শিপাবোৰেই মাটিত স্পৰ্শ কৰে আৰু তাৰপৰাই নতুন পোখা মেলি ডাল-পাতৰ সৃষ্টি হয়।

তৃতীয়তে, এই গছজোপাৰ(The Great Banyan Tree) উচ্চতা প্ৰায় ৭৯ ফুট।

পিছে ১৮৬৪ আৰু ১৮৬৭ চনত হোৱা ঘূৰ্ণীবতাহ দুটাই গছজোপাৰ কিছুসংখ্যক ডাল ভাঙি পেলাইছিল। তথাপি ই তাৰ শক্তি প্ৰদৰ্শন কৰি প্ৰকৃতিক এক বিশেষ ৰূপ দিছে।

আপুনি জানি সুখী হ'ব যে গছজোপাৰ চাৰিওফালে প্ৰায় ৪৫০ মিটাৰ দৈৰ্ঘ্যৰ এটা ৰাষ্তা বনোৱা আছে যাতে দৰ্শকে গছজোপা চাব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.