সদায় কৰিছিল দুব্যৱহাৰ, যুৱতীৰ খং উঠাত সকলোৰে আগত জাৰিলে ভূত।
কানপুৰ ক্ষেত্ৰত সেই সময়ত হুলস্থুল লাগিল যেতিয়া এগৰাকী যুবতিয়ে মাজ বজাৰতে এজন উতনুৱা যুৱকক চৰিয়াই ঘুচিয়াই পিতিলে। তথ্য অনুসৰি কানপুৰ অঞ্চলৰ ৰুৰা থানা ক্ষেত্ৰৰ য'ত এজন উতনুৱা যুবকে কলেজলৈ যোৱা সময়ত ছোৱালী বিলাকক প্ৰতিদিনে জোকাইছিল। ছোৱালী বিলাকে বাৰে বাৰে বিৰোধ কৰাৰ পিছতো ল'ৰাজন পৰিৱৰ্তন হোৱা নাছিল।
অঘাইতং যুবক জনৰ এনে কাণ্ডত চিন্তিত যুবতী গৰাকীয়ে আজি মাজ চ'কতে যুবক জনক লথিয়াই ঘুচিয়াই পিতিলে যিটো ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅত ভালকৈ দেখিবলৈ পোৱা গৈছে। আক্ৰোশিত স্থানীয় লোক সকলে যুবক জনৰ এই কাণ্ডত যুবতী গৰাকীক সমৰ্থন কৰি তেওৰ মনোবল বঢ়ায়। ঘটনাতো হৈছে আজিৰ যেতিয়া অঘাইতং ল'ৰা জনে ছোৱালী জনী কলেজলৈ যাওতে জোকাইছিল। যুবতী গৰাকীয়ে বাৰে বাৰে মানা কৰাৰ পিছতো নমনাত বজাৰৰ মাজতে যুবতীয়ে অঘাইতং যুবক জনক লথিয়াই ঘুছিয়াই বেয়াকৈ পিতন দিয়ে। ঘটনা বাঢ়ি যোৱা দেখি স্থানীয় ৰাইজে পুলিচক খবৰ দিয়ে। খবৰ পাই পুলিচ আহি আৰোপীক সেই ঠাইৰ পৰাই গ্ৰেপ্তাৰ কৰে। এতিয়া দেখা যাব পুলিচে এই অঘাইটং জনৰ ওপৰত কেনে কাৰ্যকৰী ব্যবস্থা হাতত লয়।