১ জানুৱাৰী পৰা সলনি হব ১০ টা জৰুৰী নিয়ম, জানক আপুনি কেনেকৈ হব প্ৰভাৱিত এই নিয়ম সমূহৰ দ্বাৰা
২০২১ চনে আনিব এইবাৰ ডাঙৰ পৰিৱৰ্তন । নতুন বছৰত হবলৈ গৈ আছে বিশেষ পৰিৱৰ্তন l এই পৰিৱৰ্তনে সাধাৰন জনতাৰ জীৱন আৰু অৰ্থৰ ওপৰত প্ৰভাৱ পেলাব । বছৰৰ আৰম্ভণিতে অৰ্থাৎ ১ জানুৱাৰী তাৰিখৰ পৰা বেংকৰ লগতে জীৱন বীমাৰ লগত জড়িত কিছু নিয়ম পৰিবৰ্তন হবলৈ গৈ আছে। ইয়াৰ বাহিৰেও কিছু অন্য ক্ষেত্ৰতো পৰিবৰ্তন হব। তেনেহলে বলক জানো নতুন বছৰত কি কি পৰিবৰ্তন হব।
১. ১ জানুৱাৰী 2021ৰ পৰা bank check জৰিয়তে money প্ৰদান কৰাৰ নিয়ম সলনি হব। নতুন নিয়ম জাৰি হোৱাৰ পিছত ৫০ হাজাৰত কৈ অধিক টকা প্ৰদান কৰা লোকসকলৰ bank check বাবে ধনাত্মক ভাবে নিয়ম জাৰি হব। ইয়াৰ অনুগত ৫০ হাজাৰত কৈ বেচি চেকৰ বাবে প্ৰয়োজনীয় তথ্য আকৌ পুনৰুত্থান কৰা হব। এই নতুন নিয়ম চেকৰ দ্বাৰা টকা প্ৰদান কৰাটো অধিক সুৰক্ষিত কৰি তুলিবৰ বাবে আৰু বেংকৰ বিভিন্ন চুৰি কাৰ্য্যৰ পৰা হাত খাৰিবলে এই নিয়ম সমূহ সলনি কৰা হৈছে ।
২. ১ জানুৱাৰীৰ পৰা বীমা নিয়ন্ত্ৰক IRDA সকলো ধৰণৰ লাইফ ইন্সুৰেঞ্চ কোম্পানি সমূহক standard Individual term life insurance policy বেচিবলৈ নিদের্শ জাৰী কৰিছে। এই পলিচি টো "সৰল জীৱন বীমা" ৰ নামত আছে । গুৰুত্বপূর্ণ কথাটো এইটো যে standard Individual term life insurance policy সৰ্বাধিক ২৫ লাখলৈ হব।
৩. ১ জানুৱাৰী ২০২১ৰ পৰা গাড়ীৰ দাম বৃদ্ধি হব । আচলতে অত'ম'বাইল কোম্পানী সমূহে নতুন বছৰত নিজৰ যিকোনো এটা মডেলৰ দাম বৃদ্ধি কৰিবলৈ গৈ আছে । যাৰ পিছত গড়়ীৰ দাম বৃদ্ধি হৈ যাব ।
৪. প্ৰতিটো মাহৰ প্ৰথম তাৰিখে LPG চিলিন্দাৰৰ দাম চৰকাৰী তেল কোম্পানী সমূহে নিৰ্নয় কৰে। ইয়াৰ ফলত চিলিন্দাৰৰ দাম বৃদ্ধিও হব পাৰে আৰু দাম হ্ৰাস ও হব পাৰে। ইয়াত , অহা ১ জানুৱাৰীত চিলিন্দাৰৰ দামত পৰিবৰ্তন অহাটো নিশ্চিত ।
৫. কেন্দ্রীয় বেংকে ১ জানুৱাৰীৰ পৰা Digital টকা প্ৰদান কৰাৰ প্ৰদ্ধতিক আগুৱাই নিবৰ বাবে Contact less কাৰ্ডৰ জৰিয়তে টকা প্ৰদান কৰাৰ সীমা ৫ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ গৈ আছে । এইখিনিতে জনাই দিও যে বৰ্তমান Contact less কাৰ্ডৰ জৰিয়তে টকা প্ৰদান কৰাৰ সীমা মাত্ৰ ২ হাজাৰ টকা ।
৬. ব্যৱসায়ী সকলে ১ জানুৱাৰীৰ পৰা বছৰত মাত্ৰ 4GSTR-3B ৰিতাৰ্ন ফৰ্ম পূৰ্ণ কৰিব লাগিব । বৰ্তমান ব্যৱসায়ী সকলে ১২ খনকৈ ফৰ্ম পূৰ্ণ কৰিব লাগে । চৰকাৰে GST ৰিতাৰ্ন Filing প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিবৰ বাবেই Quarterly Filing of return with monthly payment আঁচনি মুকলি কৰিছে । ৫ কোটি টকাৰ বাৰ্ষিক পৰ্য্যন্ত ব্যৱসায়ী সকলে এই আঁচনিৰ পৰা লাভৱান হব পাৰিব।
৭. ১ জানুৱাৰী ২০২১ ৰ পৰা সমগ্ৰ দেশতে landline ৰ জৰিয়তে মবাইল ফোনৰ পৰা call কৰিবৰ বাবে নম্বৰ ডায়েল কৰাৰ আগত শূন্য ব্যবহাৰ কৰিব লাগিব । এনে ক্ষেত্ৰৰ টেলিকম কোম্পানী সমূহৰ অধিক নম্বৰ সমূহ বনোৱাত সহায় হব ।
৮. ১ জানুৱাৰী ২০২১ ৰ পৰা Mutual Fund ত বিনিয়োগ কৰাৰ নিয়ম সমূহো সলনি হব । বিনিয়োগকাৰী সকলৰ সুবিধাৰ্থে বজাৰ নিয়ন্ত্ৰক সকলে mutual fund ৰ কিছু নিয়ম সলনি কৰিছে । নতুন নিয়ম সমূহ কাৰ্যকৰী হোৱাৰ পিছত fund ৰ ৭৫ শতাংশ equity ত বিনিয়োগ কৰাটো বাধ্যতামূলক হব , যি টো বৰ্তমান ৬৫ শতাংশ ।
৯. কেন্দ্ৰ চৰকাৰে ১ জানুৱাৰী ২০২১ ৰ পৰা সকলো চাৰি চকাৰ বাহনৰ বাবে FASTAG অনিবাৰ্য কৰি দিছে । যি বোৰ পুৰণা বাহনৰ বিক্ৰী ১ ডিচেম্বৰৰ ২০১৭ ৰ পূৰ্বে হৈছে , সেই বোৰ M আৰু N বিভাগত মটৰ বাহনৰ ওপৰতো কাৰ্যকৰী হব । বাহন বোৰত FASTAG লগোৱাৰ সুবিধা সমূহ হৈছে টোল গেটত অতি সহজে পৰ কৰিব পাৰি , অকণো অপেক্ষা নকৰাকৈয়ে অতি সহজে টোল গেট পাৰ কৰিব পাৰিব । নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত FASTAG একাউণ্টত অতি কমেও ১৫০ টকা থাকিব লাগিব ।
১০. ১ জানুৱাৰীৰ পৰা Amazon pay , Google pay আৰু PhonePe ৰ পৰা টকা আদান প্ৰদান কৰাৰ ক্ষেত্ৰত হয়টো অতিৰিক্ত মাচুলৰ প্ৰয়োজন হব । NPCI এ ১ জানুৱাৰীৰ পৰা তৃতীয়া পাৰ্টী এপ প্ৰভাইডাৰ সকলৰ ফালৰ পৰা UPI payment service সমূহত অতিৰিক্ত মাচুল সংযোগ কৰাৰ সিদ্ধান্ত লৈছে । যাৰ পিছত NPCI এ নতুন বছৰত তৃতীয় পাৰ্টী এপ সমহৰ ওপৰত ৩০% cap লগাই দিলে । PayTM এই সমূহৰ লগত জড়িত নাই ।