" এক অতি ভাল খবৰ : সকলোৰে বাবে সুখবৰ : ১০ টা খবৰ একেলগে

এক অতি ভাল খবৰ : সকলোৰে বাবে সুখবৰ : ১০ টা খবৰ একেলগে

 

Good news from Times Guwahati

১।এক অতি ভাল খবৰ। এই খবৰ অৰুণাচলৰপৰা। আপুনি জানি সুখী হ'ব যে,অৰুণাচলেই দেশখনৰ প্ৰথম ৰাজ্য য'ত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে Computer ৰ মাধ্যমেৰে All India Trade Test পতা হৈছে। ভাৰত চৰকাৰে অনুমোদন জনোৱা এই পৰীক্ষা ৯ ডিচেম্বৰৰপৰা ২০ ডিচেম্বৰৰ ভিতৰত পতা হয়।

২।এক সুখবৰ। এই খবৰ শিক্ষাৰ সেউজীয়া বৰপথাৰখনৰ।যোৱা মংগলবাৰে হোৱা ঘোষণা অনুসৰি CBSC ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ লিখিতভাৱে নতুন বছৰত পতাৰ সম্ভাৱনা।

৩।এক অতি বিশেষ খবৰ।খবৰৰ প্ৰকাশ ১৯ ডিচেম্বৰত। প্ৰাপ্ত খবৰ অনুসৰি,কেন্দ্ৰীয় মন্ত্ৰী অমিত ছাহে জানিবলৈ দিয়ে যে, কোভিদৰ নিয়ন্ত্ৰণৰ পাছতেই নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়নৰ নিয়মসমূহ পদ্ধতিগতভাৱে বনোৱা হ'ব। এয়া বিজেপি চৰকাৰৰ বিশেষ লক্ষ্য।

৪।এইবাৰ এক খবৰ দীঘল হুমূনিয়াহৰ। এক উপযুক্ত বিচাৰৰ এক সন্তুষ্টিৰ খবৰ। ২০ ডিচেম্বৰত সেই পাপীষ্ঠটোৰ ফাচীৰ ৰায়। ২০১৮ চনৰ ১৭ডিচেম্বৰত শোণিতপুৰৰ লখৰাৰ বুঢ়াগাৱৰ মংগল পাইকে নিজৰ ভটিজীক ধৰ্ষণ কৰি পিছত হত্যা কৰে। পিছে সি আইনৰ দৃষ্টিৰপৰা সাৰিব নোৱাৰিলে আৰু ফাচি কাঠত ওলমাৰ কঠোৰ সময় সমাগত।

৫।এক সেমেকা খবৰ।ত্ৰিপুৰাৰৰ এক ঐতিহাসিক গীৰ্জা। এই গীৰ্জা একমাত্ৰ পৰ্তুগীজসকলে নিৰ্মাণ কৰা গীৰ্জা। ত্ৰিপুৰাৰ এই ঐতিহাসিক Marinagar Church ত খ্ৰীষ্টমাচ উদযাপন এইবাৰ হ'ব সেমেকে পৰিবেশেৰ।কাৰণ কৰোনাৰ নিষ্ঠুৰতাৰ কাৰণেই কৰ্তৃপক্ষ ই বৰদিনৰ উপলক্ষে পতা বিভিন্ন খেলধেমালী বা অন্যান্য মনোৰঞ্জনৰ অনুষ্ঠানবোৰ অনুষ্টূপীয়াকৈ পতাৰ সিদ্ধান্ত লৈছে।

৬।এক সুখবৰ।গুজাৰাট, কেৰালা আৰু কেইখনমান ৰাজ্যৰ পাছতে ত্ৰিপুৰা চৰকাৰে এক পদক্ষেপ ল'লে ৰাইজৰ হকে।কৰোনাৰ বিৰুদ্ধে যুজ দিবলৈ মানুহৰ দেহৰ অনাক্ৰম্যতা বঢ়োৱা হোমিওপেথিক ঔষথ বিতৰন কৰিছে ৰাইজৰ মাজত।

৭।এক বিশেষ খবৰ।যোৱা সোমবাৰে Civil Aviation Ministry য়ে জানিবলৈ দিয়ে যে, ৩১ ডিচেম্বৰলৈকে ভাৰতৰপৰা ই্লেণ্ডলৈ আৰু ইংলেণ্ডৰপৰা ভাৰতলৈ বিবানসেৱা বন্ধ কৰা হৈছে কৰোনাৰ পৰিবৰ্তনশীল ৰূপৰ কাৰণেই।একেটা কাৰণতেই লণ্ডণত কেইবামাহৰ কাৰণে লকডাউন দিয়াৰ সম্ভাবনা।

৮।এইবাৰ খৰস্ৰোতা নদীয় বিপৰীত দিশে গতি কৰিলে।সেয়া খবৰ বেংগলৰ। বেংগলৰ বিজেপিৰ এম,পি Saumitra Khan ৰ পত্নী Sujata Mandal Khan য়ে TMC দলত যোৱা সোমবাৰে যোগদান কৰে।জানিবপৰা মতে নিজৰ স্বামীক ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত ভালেমান দায়িত্ব লৈ সহায় কৰাৰ স্বত্বেও প্ৰাপ্য স্বীকৃতী নোপোৱাৰ কাৰণেই এম, পি জনৰ পত্নীয়ে এনে কৰিলে।

৯।কৰোনাৰ নতুন ৰূপে প্ৰভাল পেলালে হংকংতো।কৰোনাৰ নতুন আৰু ভয়ংকৰ ৰূপৰ গভীৰ প্ৰভাবৰ কাৰণেই হংকংএ ব্ৰিটেইনৰপৰা বিমান সেৱা বন্ধ কৰিলে যোৱা সোমবাৰে।নতুন ৰূপৰ কৰোনাৰ উচ্চ হাৰত হোৱা সংক্ৰমণৰ কাৰণেই এনে নিষধাজ্ঞা কৰা হ'ল।

১০।শেষ খবৰ।এক অতি সুবৰ।১৬ জানুৱাৰীৰপৰা গোৱাত হ'ব লগা ৫১ তম চলচিত্ৰ সমাৰোহত অসমৰ ছবিয়ে মনোনয়ন লাভ কৰিছে।মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা এজনী।কিশোৰীৰ অদ্ভূত জীৱন সংগ্ৰামৰ ওপৰত নিৰ্মিত কৃপাল কলিতাৰ ছবি Bridge য়ে এই স্থান পাইছে।ই সচাকৈয়ে অসমীয়াৰ বুকুলৈ গৌৰবৰ ঢল বোৱাইছে।

Post a Comment

Previous Post Next Post

People Like