PG গ্ৰাহক সকলৰ বাবে সুখবৰ : চিলিণ্ডাৰ কমকৈ প্ৰয়োজন হোৱা সকলৰ বাবে অতি সুবিধা জনক |

 

Gas cylinder good news

PG গ্ৰাহক সকলৰ বাবে সুখবৰ । ৰন্ধন গেছ কমকৈ প্ৰয়োজন হোৱা সকলৰ বাবে এই কোম্পানী টোৱে উলিয়ালে ৫ কিলোৰ সৰু চিলিণ্ডাৰ । 

সৰু চিলিণ্ডাৰ : বেছেলৰ আৰু ৰন্ধন গেছ কমকৈ ব্যৱহাৰ কৰা সকলৰ বাবে IOC য়ে আৰম্ভ কৰিলে নতুন সুবিধা । মাত্ৰ এখন নথি পত্ৰ দেখুৱাই আপুনি লব পাৰে এই চিলিণ্ডাৰ । বৰ্তমান বেছি ভাগ মানুহৰ ঘৰতে ডাঙৰ ডাঙৰ চিলিণ্ডাৰ ব্যৱহাৰ হয় । কিন্তু কিছুমান মানুহ এনেকুৱাও আছে , যি সকলে ঘৰৰ বাহিৰত অথবা অকলে থাকে । এনে সেত্ৰত ডাঙৰ ডাঙৰ চিলিণ্ডাৰ লোৱা আৰু ব্যৱহাৰ কৰাটো কঠিন হৈ পৰে । এনে লোক সকলৰ সুবিধাৰ অৰ্থে Indian Oil Corporation এ ৫ কিলো ওজনৰ LPG মুকলি কৰিছে। যাৰ নাম দিয়া হৈছে 'চটো' । এই চিলিণ্ডাৰ কমকৈ প্ৰয়োজন হোৱা সকলৰ বাবে অতি সুবিধা জনক । সকলোতকৈ ভাল কথাটো হল যে এইটো লবলৈ আপোনালোকৰ কোনো বিশেষ নথি পত্ৰৰ প্ৰয়োজন নহয় , কেৱল এটা ID প্ৰুফ দিয়েই আপুনি এই চিলিণ্ডাৰ লব পাৰে । 

এই সকলৰ হব অধিক সুবিধা 

Indian Oil Corporation এ ৫ কিলো ওজনৰ এই চিলিণ্ডাৰ মুকলি কৰাৰ উদ্দেশ্যে হৈছে ৰন্ধন গেছ কমকৈ প্ৰয়োজন হোৱা লোক সকলে অতি সহজে এইটো লব পাৰিব । ইয়াত বিভিন্ন শ্ৰমিক , যুৱক , সৰু ব্যৱসায় প্ৰতিষ্ঠানত আৰু এনেকুৱা পৰিয়াল যি সকলৰ ৰন্ধন গেছৰ প্ৰয়োজন কম তেওঁলোকে লাভৱান হব পাৰে । এই চিলিণ্ডাৰ কেৱল এটা ID প্ৰুফ দিয়েই আপুনি  লব পাৰিব । 

ঘৰতেই বহি order কৰিব পাৰে চিলিণ্ডাৰ 

মিডিয়া প্ৰতিবেদন অনুযায়ী যদি আপুনি IOCL ৰ গ্ৰাহক হয় তেনেহলে আপুনি ঘৰতেই বহি ৫ কিলো ওজনৰ চিলিণ্ডাৰ order কৰিব পাৰে । ইয়াৰ বাবে 9911554411 এই নম্বৰ টোত call কৰিব পাৰে । বুকিং হোৱাৰ ২ ঘণ্টাৰ ভিতৰত চিলিণ্ডাৰ ঘৰতে পাই যাব । আপুনি ইয়াৰ বাবে ২৫ টকা Delivery Fees দিব লাগিব আৰু লগতে এটা address প্ৰুফ দিব লাগিব ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.