Health : পেট খোলোচা নোহোৱা বা শৌচ অতি কঠিন হোৱা বিকাৰ বা গেছৰ বাবে যদি চিন্তিত হৈছে তেনেহলে কৰক এই চাৰিটা কাম ।
আজিৰ দিনত কেৱল খোৱা বোৱাৰ বাবেই অধিক সংখ্যক লোক পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যাত ভুগি আছে । এই সমস্যা সমূহৰ বাবেই মানুহে বহুত চিন্তিত হব লগীয়া হয় । ইয়াৰ বাবে মানুহৰ শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰাই যায় আৰু অসুস্থ অনুভৱ কৰি থাকে । আজি এনেকুৱা কেইটামান কামৰ কথা জানিম যি কেইটা কৰি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ পৰা পৰিত্ৰাণ পাব পাৰে । ইয়াৰ বিষয়ে বিস্তাৰ ৰূপত জানো আহক ।
১. খালি পেটত পানী খাওঁক , যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই ৰাতিপুৱাৰ সময়ত খালি পেটত পানী খাওঁক । খালি পেটত পানী খালে আপোনাৰ শৰীৰ টোৱে সঠিক ভাৱে কাম কৰিব । ইয়াৰ পৰা আপোনাৰ পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যা নহব আৰু আপুনি শৰীৰ টুও শক্তিশালী হৈ থাকিব । এই কাম টো আপুনি সদায় কৰক , অতি সোনকালেই আপুনি ফল দেখিবলৈ পাব ।
Read More :- বিয়াৰ পিছত কিছুমান মহিলা শকত হৈ যায় , এইয়াই হৈছে এই পৰিবৰ্তনৰ কাৰণ
২. ভিটামিন চি যুক্ত আহাৰ গ্ৰহণ কৰক । যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই আপুনি ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰক । কিয়নো ভিটামিন চি যুক্ত খাদ্যই শৰীৰ পাচন তন্ত্ৰ অধিক মজবুত কৰি তোলে । ইয়াৰ দ্বাৰা হজম শক্তি বাঢ়ি যায় আৰু তেতিয়া পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধা সমূহ লাহে লাহে নাইকীয়া হৈ যাবলৈ ধৰে । সেইবাবে আপুনি এই কাম সদাই কৰক । ভিটামিন চি ৰ বাবে আপুনি নেমু টেঙা , আনাৰস , কমলা আদি খাব পাৰে ।
৩. পদুনা খাওঁক । পদুনাত এনে কিছুমান মিনাৰেল আৰু ভিটামিন থাকে যি বোৰে পেটৰ লেতেৰা সমূহ চাফা কৰাত সহায় কৰে । ইয়াৰ বাবে মানুহৰ পেট চাফা থাকে আৰু পাচন তন্ত্ৰই ভালকৈ কাৰ্য কৰে । ইয়াৰ দ্বাৰা গেছৰ সমস্যা লাহে লাহে ভাল হবলৈ ধৰে আৰু মানুহৰ শৰীৰ টোও সঠিক হৈ থাকে । সেইবাবে সকলো মানুহেই প্ৰত্যেক দিনাই পদুনা খাব লাগে ।
৪.নাৰিকলৰ পানী খাওঁক । যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই আপুনি নাৰিকলৰ পানী খাওঁক । কাৰণ নাৰিকলৰ পানীত Antioxidant ৰ গুণ থাকে যিয়ে শৰীৰ টোক শক্তি প্ৰদান কৰাৰ লগতে পেট টোও চাফা কৰি ৰাখে । ইয়াৰ পৰা আপোনাৰ পেট চাফা হব আৰু পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যাৰ পৰা লাহে লাহে পৰিত্ৰাণ পাবলৈ ধৰিব । সেইবাবে এই কামটো আপুনি সদায় কৰক আৰু ইয়াৰ পৰা আইনৰ শৰীৰ টোও সঠিক হৈ থাকিব ।