সকলো ইন্সুৰেঞ্চ কোম্পানী সমূহে ১ জানুৱাৰীৰ পৰা 'সৰল জীৱন বীমা পলিচি' মুকলি কৰিছে । জানক ইয়াৰ সুবিধা সমূহ

Insurance companies have launched 'Simple Life Insurance Policy' from January 1.


ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে সকলো বীমা কোম্পানী সমূহে সৰল জীৱন বীমা পলিচি মুকলি কৰিছে । 

যদি আপুনি Life Insurance কৰিবলৈ গৈ আছে তেনেহলে আপোনাৰ বাবে আছে সু-খবৰ । নতুন বছৰত টাৰ্ম প্লেন কিনাটো অতি সহজ হৈ পৰিব । ১ জানুৱাৰী , ২০২১ ৰ পৰা সকলো বীমা কোম্পানী সমূহে 'সৰল জীৱন বীমা' মুকলি কৰিবলৈ গৈ আছে । ইয়াত আপুনি কম premium টো টাৰ্ম্ প্লেন কিনিব পাৰিব । কম আয়ৰ শ্ৰেণীৰ লোকসকলৰ ইয়াৰ দ্বাৰা অধিক সুবিধা হব।  সকলো বীমা কোম্পানী সমূহে 'জীৱন বীমা পলিচি' ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ নিৰ্দেশ পালন কৰি মুকলি কৰিবলৈ লৈছে । IRDA এ নিৰ্দেশ দিছে যে এই Term life Insurance সকলো লোকেই যাতে লাভ কৰিব পৰা বিধৰ হয় । 

এই পলিচিৰ বহুত কেইটা সুবিধা আছে । সকলো বীমা কোম্পানী সমূহৰ নিয়ম আৰু চৰ্ত সমূহ একেই সমান হব । ইয়াত বীমাকৃত পৰিমাণ আৰু Premium একেই ধৰণৰেই হব । ইয়াৰ সুবিধাটো হল প্ৰাপ্য খিনি পোৱাৰ সময়ত  বিতৰ্কৰ আশংকা অতি কম হৈ যাব । গ্ৰাহক সকলে প্লেন বাচনি কৰাৰ সময়ত বিভিন্ন বীমা কোম্পানী সমূহৰ সেই প্লেনৰ দাম আৰু Claim settlement ৰ তুলনা ঠিক ভাৱে কৰাটো প্ৰয়োজনীয় ।

  1. অসহায় এগৰাকী নাৰীৰ ফেচবুক লাইভ : কি হৈছিল আচলতে সম্পূৰ্ণকৈ চাওক
  2. পুৰুষে টো নিশ্চয় জানিব লাগে মহিলাৰ বিষয়ে এইটো সঁচা কথা
  3. এই মহিলা গৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰে । জানক কেনেকৈ ?

কেনেকুৱা হব এই পলিচি ?

এইটো হৈছে এটা Non-Linked’ আৰু ‘Pure Risk Term Life Insurance Plan’. এই পলিচিৰ সময় কালত পলিচি ধাৰক জনৰ যদি মৃত্যু হয় তেনেহলে তেওঁৰ সেই প্ৰাপ্য খিনি ঘৰৰ মনুহক সম্পূৰ্ণ ৰূপে প্ৰদান কৰা হব । এই কথাৰ ধ্যান ৰাখিব , যদি পলিচি আৰম্ভ হোৱাৰ ৪৫ দিনৰ ভিতৰত পলিচি ধাৰক জনৰ মৃত্যু হয় , তেতিয়াহলে দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ বাহিৰে অন্য কোনো ধৰণৰ স্থিতিতে টকা প্ৰদান কৰা নহব । সৰল জীৱন বীমাৰ অন্তৰ্গত গ্ৰাহক সকলে কোনো ধৰণৰ Maturity value আৰু Surrender value লাভ নকৰে । 

কোনে কিনিব পাৰিব 

যিকোনো ব্যক্তিয়েই এই পলিচি কিনিব পাৰিব আৰু ইয়াৰ বাবে কোনো লিংগ , নিবাস স্থান , শিক্ষাগত অৰ্হতা আৰু ব্যৱসায় আদিৰ লগত জড়িত কোনো বাধ্য বাধকতা বা সীমা নাই । 

কিমান হব বয়স , কিমান হব সু-নিশ্চিত পৰিমাণ 

সৰল বীমা পলিচিৰি বাবে নূন্যতম বয়স ১৮ বছৰ আৰু অধিকতম বয়স ৬৫ বছৰ হব লাগিব । পলিচিৰ সময়কাল ৫ ৰ পৰা ৪০ বছৰ পৰ্যন্ত হব , আৰু ইয়াতকৈ অধিকতম ৭০ বছৰৰ বাবে কিনিব পাৰিব । ইয়াত নূন্যতম ৫ লাখ টকা আৰু অধিকতম ২৫ লাখ টকা পাব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.