" ৭০ বছৰীয়া বুঢ়াই পাতিলে ২৫ বছৰীয়া ছোৱালীক বিয়া : তাৰপিছত যি হ'ল

৭০ বছৰীয়া বুঢ়াই পাতিলে ২৫ বছৰীয়া ছোৱালীক বিয়া : তাৰপিছত যি হ'ল

 ৭০ বছৰীয়া দৰা আৰু ২৫ বছৰীয়া কইনা , বিয়াৰ ২৪ ঘণ্টাৰ পিছতেই আহিল সমস্যা ! 



ভাৰত হৈছে বিভিন্ন ৰহস্যৰে ভৰা এখন দেশ । ইয়াত প্ৰত্যেক দিনাই চছিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিদিঅ' ভাইৰেল হৈ থকা দেখা যায় । কিছু দিন পূৰ্বে এনেকুৱা এটা ভিদিঅ' ভাইৰেল হৈ আছে , যি টো দেখি সকলোৱে আচৰিত হৈছে । আচলতে , আজি আমি আপোনাক এনেকুৱা এজন ৭০ বছৰীয়া লোকৰ কাহিনী কবলৈ গৈ আছো , যি জনে নিজতকৈ ৪৫ বছৰ সৰু মহিলা এগৰাকীক বিয়া কৰাই সমগ্ৰ ভাৰততে ‍চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

২৫ বছৰীয়া বিধবা মহিলা এগৰাকীয়ে ৭০ বছৰীয়া জেষ্ঠ এজনৰ লগত বিয়াত বহিলে , কিন্তু এই বিয়াৰ বিশেষ কথা হল যে বিয়াৰ পিছ দিনা ৰাতিপুৱা জেষ্ঠ জনে এনেকুৱা এটা কাণ্ড কৰি পেলালে যি টোৰ বিষয়ে আপুনি শুনিলে হয়টো আচৰিত হব । আজি আমি আপোনালোকক ম'ৰ সিঙৰ জীৱনৰ কিছু সঁচা কাহিনী কবলৈ গৈ আছোঁ যি জম্মু কাশ্মীৰ চহৰৰ য়োগীনালা ক্ষেত্ৰত বসবাস কৰে । এওঁৰ পত্নীৰ কিছু দিন পূৰ্বে দেহাৱসান ঘটিছিল । সেয়ে তেওঁ দ্বিতীয় বাৰ ঘৰ সংসাৰ কৰিবৰ বাবে ২৫ বছৰীয়া এগৰাকী বিধবাক বিয়াৰ প্ৰস্তাব দলে আৰু সেই মহিলা গৰাকীয়ে তেওঁৰ বিয়াৰ প্ৰস্তাব স্বীকাৰ কৰিলে । 

ধুমধামেৰে সম্পন্ন কৰিলে বিবাহ 

এই দম্পত্তিয়ে অতি সোনকালেই বিবাহ পাশত আবদ্ধ হল , কিন্তু অতি দুখ জনক কথা এইটো যে সেই বিবাহৰ পিছত কেৱল এটা ৰাতি হে থাকিলে । আচলতে বিয়াৰ পিছ দিনাই মহিলা গৰাকীয়ে এনেকুৱা এটা সিদ্ধান্ত ললে , যি সিদ্ধান্তৰ কথা শুনি সকলো আচৰিত হতভম্ব হৈছে । আচলতে বিয়াৰ পিছ দিনা ৰাতিপুৱাই মহিলা গৰাকী নিজৰ মাকৰ ঘৰলৈ গুচি গল আৰু ইয়াৰ পিছত কৰ্ত কছাৰীৰ কাম আৰম্ভ । কিন্তু যেতিয়া সমস্যাৰ সমাধা নহল তেতিয়া আকৌ এই কথা গৈ পঞ্চায়ত পালেগৈ । 

এই ঘটনা বোৰৰ মূল কাৰণ উলালে এটা ভিদিঅ 

আচলতে সেই সকলো ঘটনাৰ মূল কাৰণ আছিল এটা ভিদিঅ । এই ভিদিঅ‌ টো অতি দ্ৰুত গতিত চছিয়েল মিডিয়াত ভাইৰেল হৈ আছে । সেই ভিদিঅ টোত ৭০ বছৰীয়া জেষ্ঠ ম'ৰ সিঙে বিয়াৰ মণ্ডপত বৰ মালা পিন্ধোৱাৰ পিছতেই ঘোষণা কৰিলে যে তেওঁ আজি নিৰ্বাচন খেলিব । চছিয়েল মিডিয়াত ভাইৰেল হোৱা মাত্ৰ এই ভিদিঅ টোৱে ম'ৰ সিঙৰ জীৱন খেলি মেলি কৰি পেলালে । 

নতুন কইনাই এইটো বিচৰা নাছিল যে তেওঁৰ পতি এজন নেতা হওঁক । আচলতে ম'ৰ সিঙৰ নতুন পত্নীয়ে  তেওঁৰ পতি এজন নেতা হোৱাটো বিচৰা নাছিল । কিয়নো তেওঁ ৰাজনীতিৰ বিষয়টো বহুত বেছি বেয়া পাইছিল কাৰণ ৰাজনীতিৰ কাৰণেই তেওঁৰ প্ৰথম পতি জনৰ মৃত্যু হৈছিল । এই কথা টোক লৈয়েই দুয়োজনৰ মাজত তৰ্ক বিতৰ্ক হ'ল আৰু ম'ৰ সিঙে তেওঁৰ কথাত অমান্তি হ'ল আৰু নিৰ্বাচনত ভাগ লবলৈ ফৰ্ম দাখিল কৰি দিলে । সেই কাৰণতেই তেখেতৰ নতুন পত্নীৰ খং উঠি তেওঁৰ নিজৰ মাকৰ ঘৰলৈ গুচি গ'ল ।

Post a Comment

Previous Post Next Post

People Like