" মুকলি হ'ল ভাৰতৰ প্ৰথমখন চালকবিহীন ৰেল : Train without driver In India

মুকলি হ'ল ভাৰতৰ প্ৰথমখন চালকবিহীন ৰেল : Train without driver In India

মুকলি হ'ল ভাৰতৰ প্ৰথমখন চালকবিহীন ৰেল 



দীৰ্ঘদিন ধৰি ভাৰতমাতৃৰ বুকু কৰোনাই ক্ষতবিক্ষত কৰিলে। বেয়া দিনবোৰৰ নিষ্ঠুৰ পলবোৰে জীৱনৰ জটিল পৰিস্তিতিৰ গধূৰ সংজ্ঞাও কৰোনাই মৰ্মে মৰ্মে মানুহক অনুভৱ কৰালে।তেনে বেয়া দিনবোৰৰ মাজতেই ভালদিনবোৰে যেন ভাৰতভূমিত এক নৱ কীৰণ দিবলৈ ওলাই

সেয়া, দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ ডিচেম্বৰত দিলে প্ৰযুক্তিবিদ্যাৰ মহান উপহাৰৰ এক সুগন্ধি। মন্ত্ৰীজনাই শুভাৰম্ভ কৰিলে চালকবিহীন মেট্ৰ' ট্ৰেইন(driverless metro train)

প্ৰযুক্তিবিদ্যাৰ এই চমকপ্ৰদ উপহাৰে দেশবাসীৰ ওঠত বুজাব নোৱাৰা আনন্দৰ হাহী বিৰিঙালে

এই চমকপ্ৰদ ট্ৰেইনৰ বিষয়ে কেইটামান বিশেষ কথা জানো আহক-

১।ই প্ৰথমে Delhi metro ৰ ৩৭ কিলোমিটাৰ Magenta line ৰে আৰম্ভ কৰিলে

২।এই ৰেইল নেটৱৰ্ক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল Janakpuri West ৰপৰা  Noida ৰ Botanical Park লৈকে বিস্তৃত হৈ থাকিব।

৩।Delhi Metro Rail Corporation য়ে এই চালকবিহীন ট্ৰেইনৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা যোৱা তিনিবছৰ ধৰি চলাই আছিল।

৪।এই Corporation য়ে ২০১৭ চনৰ চেপ্তেম্বৰ মাহত Pink line ত সম্পূৰ্ণ সংকেটেৰে ২০ কিলোমিটাৰ দূৰত্বৰে পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হয়।

৫।এই চালকবিহীন ট্ৰেইনখনত থাকিব ছটা ডবা।

৬।এই ট্ৰেইনৰ গতিবেগ ঘন্টাত ৯৫ কিলোমিটাৰ পৰ্যন্ত।

৭।প্ৰতিটো ডবা ৩৮০ জন পৰ্যন্ত যাত্ৰীৰ বাবে সুব্যৱস্থাপিত।

যিনহ ওক  এই চমকপ্ৰদ উপহাৰে সকলোকে যাত্ৰাৰ এক সুকীয়া আমেজ দিব।

Post a Comment

Previous Post Next Post

People Like