Times Guwahati : নিশা কাপোৰৰ অবিহনে শোৱাৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনিও
সকলো মানুহেই দিনটোৰ অৱসাদ দুৰ কৰি নিশা টোপনি যাবলৈ সকলোৱে বিচাৰে যাতে পিছদিনা সতেজতা আহে দেহত। কাৰণ ভালদৰে টোপনি নহ’লে পিছদিনা শৰীৰটোৱে যথেষ্ট কষ্ট পায়। কিন্তু বহুতৰে ভালদৰে টোপনিও নাহে । এনে ক্ষেত্ৰত টোপনিৰ লগত ৰাতি টোপনি যাওতে পিন্ধা কাপোৰৰো কথা গৱেষণাত প্ৰকাশ পাইছে । গৱেষণাৰ মতে ৰাতি কাপোৰ নিপিন্ধাকৈ শুলে দেহৰ বহু উপকাৰীতা হয় । কাপোৰ অবিহনে টোপনি যোৱাৰ প্ৰথম সুবিধা হ’ল ৰাতি সোনকালে টোপনি আহিব। এনে কৰিলে শৰীৰৰ তাপমাত্ৰা হ্ৰাস হ’ব আৰু লগতে সহজতে টোপনিও আহিব। যিসকল লোকৰ সহজতে টোপনি নাহে তেওঁলোকে গাত কাপোৰ নোলোৱাকৈ শুই পৰীক্ষা কৰিব পাৰে ।
শৰীৰৰ যেতিয়া তাপমাত্ৰা নিম্ন হ'ব, তেতিয়া সোনকালে টোপনি যোৱাৰ লগতে টোপনিৰ মানদণ্ডও বৃদ্ধি কৰিব। ইয়াৰ অৰ্থ এই যে শোৱাৰ বাবে আপোনাৰ কোঠাৰ তাপমাত্ৰা ১৬ ৰ পৰা ১৯ ডিগ্ৰী চেলচিয়াছ হ’ব লাগে। এনে পৰিৱেশত, যদি কাপোৰ অবিহনে শোৱা যায়, তেতিয়া আপুনি ভাল টোপনি লাভ কৰিব । কোঠাৰ উষ্ণতা যদি কম হয় আৰু কোঠাত বতাহ সোমাব পৰা ব্যৱস্থা আছে তেন্তে ই আৰু উপকাৰী । নিশা বস্ত্ৰ অবিহনে শুলে কেৱল টোপনিৰ মানদণ্ডবৃদ্ধি হোৱাৰ লগতে ছালৰো উপকাৰ সাধন কৰে । যদি টোপনি ভাল নহয় তেন্তে ছালৰ ৰোগে দেখা দিব পাৰে । বিশেষকৈ ছোৱালীৰ মুখমণ্ডলত শালমন উলাব পাৰে । কম টোপনিয়ে দুঃচিন্তা মনলৈ আনে আৰু আত্মহত্যাৰ দৰে প্ৰবনতাও বৃদ্ধি পায় । ইয়াৰ উপৰিও দেহৰ ওজন কম আৰু বেছি কৰাত টোপনিয়ে সহায় কৰে । নিৰোগী হৈ থকিবলৈ হলে ভাল টোপনিৰ সোবেই প্ৰয়োজন । কাপোৰ অবিহনে শুলে শৰীৰ শীতল হয় আৰু দেহৰ কোষবোৰে ভালদৰে শুবলৈ পায় ।
যি সকলে বিনা বস্ত্ৰৰে টোপনি যোৱাত লাজ কৰে তেওঁলোকে পাতল নাইবা কোমল বস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ উপৰি টোপনি ভাল যদি নহয় তেন্তে মধুমেহ আৰু হৃদৰোগত ভুগিব পাৰে । ২০২০ চনলৈ বৰ্তমান মধুমেহ ৰোগীৰ সংখ্যাও বৃদ্ধি হৈছে ; ইয়াৰ প্ৰথম কাৰণ কম টোপনি । কাপোৰ অবিহনে শুলে শৰীৰৰ ৰন্ধ্ৰি বা অন্য ফোটাৰে শীতল বতাহ সোমাব পাৰে , ভিজা বা ঘামিব পৰা ঠাই সমূহে ভাল বতাহ পাই টোপনি যোৱাত সহায় কৰে । পুৰুষ বা মহিলাইয়ো টান অন্তবাস পিন্ধাৰ পৰা দুৰত থাকক । ই পুৰুষৰ শুক্ৰানু ধংস কৰে । আৰু মহিলায়ো যদি বিনা কাপোৰত টোপনি যায় তেন্তে স্তনৰ বিকাশ হোৱাৰ লগতে শৰীৰৰ সকলো অংগই টোপনি যোৱাত সহায়ক হয় । গতিকে আজিৰে পৰা কম কাপোৰ বা বিনা বস্ত্ৰৰে টোপনি যোৱাৰ অভ্যাস গঢ়ি তোলক আৰু ৰাতিপুৱা নিজকে সতেজ অনুভৱ কৰক ।