এতিয়া ঘৰতে বহি লাভ কৰক ড্ৰাইভিং লাইচেন্স : এনেকৈ কৰিলেহে পাব Driving licence

 মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এটা এপ, এতিয়া ঘৰতে বহি লাভ কৰক ড্ৰাইভিং লাইচেন্স

Assam CM launches app for  Driving license



অসমৰ জনসাধাৰণক সকাহ দি অলপতে মুকলি কৰা হৈছে এটা app, যাৰ সহায়ত এতিয়াৰ পৰা ঘৰৰ পৰাই আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স।

এতিয়াৰে পৰা আপুনি  আৰু ড্ৰাইভিং লাই চেন্সৰ বাবে DTO অফিচলৈ তাঁত বাটি কৰিব নালাগে।সঁচাকৈয়ে এইয়া সকলোৰে বাবে এক সু খবৰ!

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা 2 ছেপ্টেম্বৰত এটা বিশেষ app মুকলি কৰিছে, যি app ৰ সহায়ত এতিয়া ঘৰতে বহি আপুনি learner's driving লাইচেন্স খন পাবলৈ সক্ষম হ'ব। যি সকলে এই লাইচেন্স বিচাৰে, তেওঁলোকে এই app ব্যৱহাৰ কৰি এটা অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

এই ব্যৱস্থাই এতিয়া লাইচেন্স প্ৰত্যাশি সকলৰ সময় আৰু ধন, দুয়োটাই ৰাহি কৰিব।

কেনেকৈ Apply কৰিব জানো আহক Step by Step  👈👈👈

আপুনি হয়টো ভাবিছে,এই লাইচেন্স খন app তোৰ সহায়ত কেনেকৈ পাব পাৰি?

App তোৰ নাম হৈছে vehicle fitness App : অচিৰেই Play store ত উপলব্ধ হ'ব এই এপটো । কিন্তু ইয়াৰ বাবে লাগিব বিশেষ যোগ্যতা ।

হয়, ইয়াৰ বাবে যোগ্যতা এনেধৰণৰ:---

১। লাৰনাৰ্চ ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ বয়স ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব।

২। গধুৰ বাহন চলাবলৈ লাইচেন্স আবেদনৰ বয়স কমেও ২১ বছৰ হ'ব লাগিব।

৩। ১৬ বছৰ সম্পূৰ্ণ কৰাসকলে 50 CC ৰ তলৰ ইঞ্জিনৰ মটৰ চাইকেল চলাবলৈ লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব।

৪। যিসকলৰ হাতত ইতিমধ্যে কমেও ৩০ দিনৰ পৰা ১৮০ দিন উকলি যোৱা লাৰণাৰচ ড্ৰাইভিং লাইচেন্স আছে, তেওঁলোকে স্থায়ী ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব।ইয়াৰ বাবে আবেদন কৰিবলৈ কি লাগিব?

প্ৰ-পত্ৰত থকা নিৰ্দিষ্ট অনুসূচী ১ আৰু ২ ত  কেইটামান তথ্য গাঁঠি দিব লাগিব.

যেনে:--এখন valid অৰ্থাৎ গ্রহণযোগ্য লাৰনাৰ্চ ড্ৰাইভিং লাইচেন্স লাগিব।

 সদ্যহতে তোলা ৩ খন পাছপোৰ্ট ফটো লাগিব আৰু 

বয়সৰ আৰু লাগিব থকা ঠাইৰ ঠিকনাৰ প্ৰমাণ পত্ৰ ।

গধুৰ যান বাহনৰ ক্ষেত্ৰত( in case of transport vehicle) ড্ৰাইভিং ট্ৰেইনিং স্কুলৰ পৰা আহৰণ কৰা চৰ্টিফিকেট লাগিব।

Original lisence ৰ অনুমোদনৰ বাবে লাগিব police verification ।

এইখিনি কামৰ পাছত আপোনাৰ তথ্যবোৰৰ সত্যা- সত্য পৰীক্ষা নিৰীক্ষা কৰা হ'ব। সকলো ঠিকেই থাকিলে আপুনি ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।অৰ্থাৎ আপুনি টেষ্ট ড্ৰাইভিং ত যাব লাগিব। তাৰ বাবে আপুনি আপোনাৰ বাহনখন জিলা ট্ৰেন্সপৰ্ট অফিছলৈ লৈ যাব লাগিব।তাতে MVI য়ে আপোনাৰ ড্ৰাইভিং স্কিল, ট্ৰেফিক নীতি- নিয়মৰ জ্ঞান, নিজৰ বাহনখনত থকা চিনাকি ইত্যাদি চাব। যিজনে এই সকলো খিনি সুকলমে আৰু শুদ্ধ ভাবে পাৰ কৰিব, তেওঁৱেই লাভ কৰিব এখন স্থায়ী ড্ৰাইভিং লাইচেন্স।

By:Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.