এলক'হল সেৱনৰ পিছত হোৱা হেংঅভাৰ (মূৰৰ বিষ, মূৰ ঘূৰণি, দুৰ্বলতা আদি) আৰু যকৃৎ (লিভাৰ) অৰ সাম্ভাব্য ক্ষতিৰ পৰা কিদৰে বাচি থাকিব পাৰি
How to prevent hangover and liver damage after drinking alcohol
মদ্যপানৰ পিছত বেছি সংখ্যক লোকৰে হেংঅভাৰ হয়। তদুপৰি এলক'হলে যথেষ্ট পৰিমাণে লিভাৰৰ ক্ষতি সাধন কৰে। আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছো এনে দুটামান উপায়ৰ বিষয়ে, যিবোৰ পালন কৰিলে আপুনি মদ্যপানৰ পিছত হোৱা হেংঅভাৰ আৰু লিভাৰৰ ক্ষতিৰ পৰা কিঞ্চিৎ পৰিত্ৰাণ পাব।
প্ৰথমে আমি জানি লওঁ আহক এলক'হল আৰু আমাৰ শৰীৰৰ মাজৰ প্ৰক্ৰিয়াটোৰ বিষয়ে, অৰ্থাৎ শৰীৰত এলক'হল কিদৰে প্ৰ'চেচ হয়।
স্বাস্থ্য বিশেষজ্ঞ সকলৰ মতে, আমি যেতিয়া এলক'হল সেৱন কৰো, তেতিয়া ২০% এলক'হল পাকস্থলীৰ পৰা লিভাৰলৈ যায় আৰু ৮০% এলক'হলে আমাৰ শৰীৰৰ ক্ষুদ্ৰান্তলৈ গতি কৰে। ক্ষুদ্ৰান্তত দ্ৰুততাৰে এবজ'ৰ্ব হোৱাৰ পিছত সেইখিনি এলক'হলো লিভাৰলৈ যায়। লিভাৰে ৮০-৯০% এলক'হল মেটাব'লাইজ কৰিব পাৰে। লিভাৰত "এলক'হল ডিহাইড্ৰ'জেনাছ" নামৰ এটা এনজাইম থাকে আৰু সি এলক'হলৰ ৰাসায়নিক বান্ধনী ভাঙে আৰু এলক'হলক "এচিটাইলডিহাইড" অলৈ ৰূপান্তৰিত কৰে। তাৰ পিছত ই "এচিটেট" অলৈ ৰূপান্তৰিত হয় আৰু সেই এচিটেট খিনি কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ লগত আমাৰ শৰীৰৰ বাহিৰলৈ ওলাই আহে। সেইকাৰণেই মদ্যপান কৰা ব্যক্তিৰ নিশাহ আৰু প্ৰস্ৰাৱত এলক'হলৰ গোন্ধ পোৱা যায়।
অৰ্থাৎ শৰীৰৰ পৰা এলক'হলৰ ওলাই অহা প্ৰক্ৰিয়াটো এনেধৰণৰ...
এলক'হল ডিহাইড্ৰ'জেনাছ ---> এচিটাইলডিহাইড ---> এচিটেট ---> কাৰ্বন-ডাই-অক্সাইড + পানী
এইখিনিতে আপোনাৰ আৰু এটা কথা বোধগম্য হোৱাটো দৰকাৰ যে লিভাৰে এক ঘণ্টাত এক একক এলক'হলৰ বাবেহে এই প্ৰক্ৰিয়াটো চলাব পাৰে। এক একক মানে হৈছে...
- * ২০-৩০ ml হাৰ্ডলিকাৰ, য'ত ৪০% এলক'হল থাকে
- * ১৭৫ ml ৱাইন, য'ত ১৩% এলক'হল থাকে
- * ২৫০ ml বিয়েৰ, য'ত ৫-৬% এলক'হল থাকে।
অৰ্থাৎ এক ঘণ্টাত এইখিনি পৰিমাণৰ এলক'হলহে লিভাৰে প্ৰ'চেচ কৰিব পাৰে। এই পৰিমাণতকৈ বেছি পৰিমাণৰ এলক'হল কোনোবাই যদি সেৱন কৰে তেন্তে সেয়া লিভাৰে প্ৰ'চেচ কৰিব নোৱাৰে। ফলত লিভাৰকে আদি কৰি শৰীৰৰ সমস্ত অংগ ক্ষতিগ্ৰস্ত হয়, বৰ বেয়াকৈ নিচাও লাগি যায়।
এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বিশেষ কেইটামান কথাত ধ্যান দিব লাগে। সেইবোৰ হ'ল...
১) আপুনি মদ্যপান কৰিলে বৰ খৰকৈ নকৰিব। লাহে লাহে সেৱন কৰক। তেনে কৰিলে লিভাৰটোৱে তুলনামূলকভাৱে কম কষ্ট পায় আৰু প্ৰ'চেচ কৰাত সুবিধা হয়।
২) মদ্যপান কৰিলে চৰ্বী যুক্ত আহাৰৰ লগতহে কৰিব। চৰ্বী যুক্ত আহাৰৰ লগত সেৱন কৰিলে ই পাকস্থলীত বেছি সময়ৰ বাবে থাকে, যাৰ বাবে তৎক্ষণাৎ ক্ষুদ্ৰান্তত এবজ'ৰ্পচন নহয়। যদি এলক'হল দ্ৰুততাৰে ক্ষুদ্ৰান্তত এবজ'ৰ্ব হয়, তেতিয়া ই বেছি ক্ষতিকাৰক হৈ পৰে আৰু লিভাৰলৈ গৈ নাইবা তেজৰ লগত মিহলি হৈ শৰীৰৰ ব্যাপক ক্ষতি সাধন কৰে।
৩) কাৰ্বনেট, শৰ্কৰা বা কাৰ্বহাইড্ৰেট যুক্ত বস্তুৰ লগত এলক'হল সেৱন নকৰিব। কাৰণ এইবোৰে এলক'হলক দ্ৰুত ভাৱে এবজ'ৰ্ব কৰে। সেইবাবে ই শৰীৰৰ ক্ষতি সাধন কৰে আৰু তেজৰ এলক'হলৰ মাত্ৰা বঢ়াই তোলে। ফলত পিছদিনা হেংঅভাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। তেতিয়া আনপ্ৰ'চেচ্ড এলক'হলক প্ৰ'চেচ কৰিবলৈ লিভাৰৰ বহুত বেছি সময় লাগে আৰু কষ্টও হয়।
৪) মদ্যপানৰ আগত আৰু পিছত যথেষ্ট পৰিমাণত পানী খাব লাগে। কাৰণ এলক'হলৰ অধিকাংশ যিহেতু ইউৰিন আকাৰে ওলাই যায়, সেয়ে ডিহাইড্ৰেশ্বন হ'ব পাৰে। তেনে নহ'বলৈয়ে যথেষ্ট পৰিমাণে পানী সেৱন কথাটো বাঞ্ছনীয়। পানীৰ লগতে ভিটামিন C জাতীয় ফলো গ্ৰহণ কৰিব লাগে। সকলো টেঙাজাতীয় ফল যেনে নেমু, কমলা, মৌচম্বী আদি ফলত প্ৰচুৰ পৰিমাণে ভিটামিন C পোৱা যায়। ভিটামিন C য়ে এলক'হল সেৱনৰ ফলত হোৱা লিভাৰৰ ক্ষতি হ্ৰাস কৰে। ভিটামিন C য়ে হেংঅভাৰৰ পৰাও পৰিত্ৰাণ দিয়ে।
৫) এলক'হল সেৱনৰ সময়ত বা পিছত কণী খাওঁক। কণীত থকা ইয়েল এচিটেল চিষ্টিনে শক্তি প্ৰদান কৰে। কণীত অতি নিম্ন মাত্ৰাত কাৰ্বহাইড্ৰেট থাকে, যাৰ বাবে ই কোনোধৰণৰ ক্ষতি নকৰে, বৰঞ্চ এলক'হলৰ পৰা হোৱা ক্ষতি ৰোধ কৰাতহে সহায়ক হয়
৬) এলক'হল সেৱনৰ পিছত হ'ব পৰা হেংঅভাৰৰ পৰা ৰেহাই পাবলৈ শাৰীৰিক ব্যায়াম কৰাটো জৰুৰী। ব্যায়াম কৰিলে স্বাভাৱিকতেই মানুহ ঘামে আৰু সেই ঘামৰ মাজেৰেও আনপ্ৰ'চেচ্ড এলক'হল খিনি ওলাই আহে। ফলত হেংঅভাৰ নোহোৱা হয়।
৭) এলক'হল সেৱনৰ সমানে সমানে স্ম'কিং নকৰিব। এনে কৰিলে লিভাৰ বেছিকৈ ক্ষতিগ্ৰস্ত হয়। কাৰণ নিশাহৰ জৰিয়তেও এলক'হল খিনি ওলাই অহাত চিগাৰেটৰ ধোঁৱাই বাধা প্ৰদান কৰে। সেয়ে মদ্যপান আৰু চিগাৰেট সেৱন একেলগে কৰাটো শৰীৰৰ বাবে বহুত বিপদজনক। ই তীব্ৰ হেংঅভাৰৰো কাৰক হৈ পৰে।
৮) মিথানেল যুক্ত এলক'হল এৰাই সেৱনৰ পৰা বিৰত থাকক। এনে এলক'হলৰ ফলত যথেষ্ট পৰিমাণে লিভাৰ ক্ষতিগ্ৰস্ত হয়।
মদ্যপান অভ্যাসটোৱেই বেয়া, কিন্তু আপুনি যদি ইয়াৰ লগত এৰাব নোৱাৰাকৈ অভ্যস্ত হৈ পৰিছে, তেন্তে আপুনি হেংঅভাৰৰ কষ্টখিনি ভোগ কৰাৰ পৰা ৰক্ষা পাবলৈ তথা আপোনাৰ লিভাৰৰ ক্ষতিৰ পৰিমাণ অকণমান কমিবলৈ আমি এইকেইটা উপায় জনাইছো। আশা কৰোঁ আমাৰ এই প্ৰতিবেদনৰ পৰা আপুনি উপকৃত হৈছে।
By *Jahnavi Deka