🥀❤️"আধৰুৱা এটা প্ৰেমৰ কাহিনী"🥀❤️
বহুতৰ জীৱনৰ এনে ধৰণৰ এটা অধ্যায় থাকে। কৰবাত মৰম বোৰে পূৰ্ণতা পায় কৰবাত আধাতে শেষ হৈ যায়। কাৰোবাৰ আকৌ আপোন জনে আধাতে এৰি আঁতৰি যায়। এনে বহু ঘাট প্ৰতিঘাট জীৱনত থাকেই । তেনে এক কাহিনী আপোনালোকৰ বাবে লিখিছে পূজা শইকীয়াই । গল্পটো পঢ়িলে দুধাৰী চকুলু বৈ আহিব । আহক যাও কাহিনীৰ মাজলৈ ।
এদিন পোৱা প্ৰায় ১০:৩০ মানত মুনুয়ে " গ্ৰন্থ সুবাস" নামৰ গোট টোত তাইৰ ফেচবুকৰ প্ৰিয় লেখিকা মৌচুমী ঘোঁৰাচোৱাৰ সদায় খন্দ আকাৰে দি থকা উপন্যাস "সাগৰিকা বৰুৱা"ৰ কোনোবা এটা অধ্যয় পঢ়ি আছিল। থিক সেইখিনি সময়তে ফেচবুকত থকা নটিফিকেছন বোৰে বৰকৈ আমনি দি আছিল। তাই পঢ়া এৰি সেইবোৰ চোৱাত লাগিল,তেনেকৈ চাই চাই গৈ থাকোঁতে প্ৰায় দুমাহ আগৰে ফ্ৰেণ্ড ৰিকুয়েষ্ট এটাত চকু পৰিল।কিছুপৰ প্ৰফাইলটো খুছৰি চায় কিছু চিনাকী লাগি একছেপ্ট কৰিলে।
লগে লগে সেই মন নামৰ ল'ৰা জনৰ মেছেজ এটা আহিলেই ধন্যবাদ তোমাৰ বন্ধুত্বৰ তালিকা খনত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে। লগতে কলে সম্পূৰ্ণ দুমাহৰ পিছত একছেপ্ট কৰিলা এইয়া তোমাৰ ইগ নে আন কিবা। মেছেজটো তাই চালে যদিওঁ ৰিপ্ললাই নকৰি আকৌ পঢ়াত লাগিল। কিছুপৰ পিছত আকৌ মেছেজ এটা আহিল"Hii কি খবৰ তুমি ৰিপ্ললাই নিদিয়া যে অন্তত আমি চিনাকী হ'ব পাৰোঁ ন, এইবাৰ মুনুয়ে ৰিপ্ললাই কৰিলে মোৰ খবৰ ভাল আৰু তোমাৰ।
এনেকৈ দুই এটা কথা পাতি তাই নিজৰ কামত ব্যস্ত হৈ গল। এনেকৈ়ে আৰম্ভণি হৈছিল মুন আৰু মনৰ বন্ধুত্ব। মনে সদায় পোৱা আবেলি মুনুক নিজে মেছেজ কৰিছিল। মুনুয়ে কেতিয়াবা উত্তৰ দিছিল আৰু কেতিয়াবা নিদিছিল। তথাপিওঁ মনে তাইক মেছেজ কৰিব এৰা নাছিল।
প্ৰথম অৱস্থাত তাই ইমান গুৰুত্ব দিয়া নাছিল যদিও পিছলৈ যেনে তাৰ উপস্থিতি তাইৰ যেন ভাল লগা হৈ আহিব ধৰিলে।তাইৰ সদায় পোৱাতোৰ আৰম্ভণি যেন তাৰ পৰাই হৈছিল।Good morning,Good night, কি কৰিছা? ভালে আছা নে? লাহে লাহে কথা বোৰ বাঢ়ি আহিব ধৰিলে।
সিহঁতৰ ফোন নাম্বাৰও সাল সলনি হ'ল। মন তেতিয়া প্ৰাইভেট বেংক এটাৰ একাওন্টেন আছিল। আৰু মুনু BA 5th semor ছাত্ৰী আছিল।
এই কৰ্মব্যস্ততা বোৰৰ মাজতো দিনটোত সিহঁতৰ যথেষ্ঠ পৰিমানে কথা,বতৰা হৈছিল। সছা কথা কবলৈ গলে সিহঁতৰ মাজত প্ৰেম নামৰ ফুল পাহ ফুলি উঠিছিল।
তেতিয়ালৈকে কিন্তু সিহঁতৰ কেতিয়াও দেখা দেখি হোৱা নাছিল। এনেদৰেই সম্পৰ্কটো একো আউল নলগাকৈ চলি গৈ আছিল। এদিন সিহঁতে কথা পাতি ইজনে সিজনক লগো কৰিলে, ভাল লগা বেয়া লগা বোৰ জানিলে একেলগে হোটেলত বহি খোৱা বোৱা কৰিলে।
ইটোয়ে সিটোৰ লগত পাৰ কৰা সময় বোৰ যেন সছাকৈ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ সিহঁত। এনেকৈয়ে আৰু সিহঁতৰ ভাল পোৱা,মৰম বোৰ বাঢ়ি আহিব ধৰিলে। ইমানখিনি লৈকে সকলো বোৰ ঠিকে চলি আছিল।
সময়ত সিহঁতৰ ঘৰত কথা বোৰ গম পালে। প্ৰথম অৱস্থাত কথাবোৰ এখন ঘৰটো মানি লোৱা নাছিল কাৰণ সিহঁতৰ জাতিগত সমস্যাই কিছুপৰিমানে দেখা দিছিল হ'লেও সন্তানৰ সুখৰ বাবে সকলো কথা দুইয়োৰে মাক দেউতাকে মানিবলৈ সাজু হৈছিল।
কিন্তু সময়ৰ পাকচক্ৰত আউল লাগিছিল সিহঁত দুইয়োৰে মাজত হে।লাহে লাহে যেন মন সলনি হবলৈ ধৰিলে।মুনুক মনে সময় নিদিয়া হ'ল সুধিলে কয় জানাই চোন প্ৰাইভেট চাকৰি সময় বেছিকৈ দিব লাগে। তোমাক ইমান সময় কেনেকৈ দিওঁ অলপটো বুজি পোৱা। আৰু এটা কথা প্ৰতিটো মূহুৰ্ত মোৰ পিছত যে লাগি থাকা তোমাৰ আৰু আন কাম নাই নিকি?প্ৰথমতে তাইৰ কথা বোৰ মানি ল'বলৈ অকনমান কষ্ট হৈছিল হ'লেও লাহে লাহে নিজক বুজাবলৈ শিকিলে। কিন্তু ইমানৰ পিছতো দুখ বোৰে যেন তাইৰ লগ এৰা নিদিলে। হথাৎ এদিন মনে তাইক কলে ক্ষমা কৰিবা মোক মই আৰু এই সম্পৰ্কটো আগবঢ়ায় নিব নোৱাৰিম।
আচলতে তুমি মোৰ প্ৰেম নাছিলা। মাথোঁ মোৰ দুচকুৰ ভাল লগা হে আছিলা। মানে বুজি পাইছা চাগৈ কি কব বিচাৰিছোঁ। I like you but I love you no এইটো কেতিয়াও হ'ব নোৱাৰে। তুমি মোক বেয়া নাপাবা। মই তোমাক দুখ দিলোঁ এতিয়া আৰু আমি একেলগে নাথাকো দিয়া। যিহেতুকে মই তোমাৰ লগত সুখী হ'ব পৰা নাই।
এতিয়াই যদি পৰা নাই ভৱিষ্যতেও নোৱাৰিম সেইবাবে মই তোমাক আৰু কষ্ট দিব বিছৰা নাই।
মূহুৰ্তৰ বাবে যেন মুনুয়ে চকুৰে একো দেখা পোৱা নাছিল। কাল অমানিশা হে নামি আহিছিল। জীয়াই থকাৰ সকলো পথ যেন বন্ধ হৈ গৈছিল। মৰি যাব খোজোঁছিল তাই। কিন্তু তাইৰ মাক তাইৰ সাহস হৈ লগত আছিল। আৰু মানুহ চিনিবলৈ শিকাইছিল। এনেকৈ ভাঙি যোৱা তাই জনী আকৌ জী উঠিল।
এনেদৰেই কিছুদিন পিছত মনে আকৌ তাইক ফোন, মেছেজ কৰি আমনি দিবলৈ আৰম্ভ কৰিলে মোক ক্ষমা কৰি দিয়া। মই যি কৰিলোঁ সেইয়া মোৰ ভুল আছিল তোমাক আতৰাই ৰাখি মই সুখী হ'ব পৰা নাই। উভতি আহা অতিতৰ সময় বোৰ মোক ঘুৰাই দিয়া। কিন্তু মুনুয়ে কোনো কাৰণত তাৰ কথা বোৰ শুনিব নুখোজিলে মাথোঁ এটা কথাই তাক সুৱৰাই দিলে যে দ্বিতীয় সুযুগ কেৱল কাহিনীয়ে হে দিব পাৰে জীৱনে নহয়। মই মোৰ বৰ্তমানৰ সময় বোৰৰ সৈতে সুখী আছোঁ কোনে কয় প্ৰেম জীৱনত এবাৰ হে হয় ভাল পোৱা যদি সঁচা হয় প্ৰেম আকৌ হ'ব পাৰে।
মই মোৰ প্ৰেমৰ সৈতে সুখী আছোঁ যত মই জনী আকৌ হেৰাই যোৱাৰ ভয় নাই। যাৰ হৃদয়ত মোৰ প্রতি মৰম দেখিছোঁ। জোনে মোক ভালপাই।আজিৱন মোৰ লগত থাকিব মই তেওঁৰ সৈতে হে থাকিব বিচাৰোঁ। প্রতাৰণা কৰি আঁতৰি যোৱা জনৰ সৈতে নহয়। কাৰণ মন গ'ল লগত থাকিব বিছাৰিবা মন যাব আকৌ আঁতৰি যাবা এনেকৈটো আৰু ভালপোৱা নহয়। য'ত মৰম নাই,ভৰষা নাই, তাত মই কাষত থকাৰ মোৰ কোনো অভিপ্ৰায়ও নাই।মূখা পিন্ধা মানুহ বোৰৰ সৈতে।
(বি:দ্ৰ: কাৰোবাক ভাল পোৱাৰ আগতে এবাৰ নহয় হাজাৰ বাৰ ভাৱক আপুনি তেওঁৰ সৈতে সুখী নে? যদি নহয় মিছা সপোন দেখুৱাই আনক কষ্ট দিয়াৰ অধিকাৰ আপোনাৰ নাই।)
লেখিকা :- পূজা শইকীয়া