খাদ্য সংকটত পৰিব নেকি পৃথিৱী ? : Global food production is at risk
বিশ্বত বহু বছৰ পূৰ্বৰে পৰা প্ৰদূষণ এক বিপদৰূপে ধৰা দি আহিছে। যি হাৰত প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে ,ই অতিশয় চিন্তাৰ বিষয়। আমাৰ বায়ুমণ্ডলত কাৰ্বন ৰ পৰিমাণ বাঢ়ি গৈছে, লগতে ' গ্ৰীণ হাউচ' ৰ গেছ সমূহো বেছিকৈ নিৰ্গত হবলৈ ধৰিছে, যিয়ে পৃথিৱীৰ এক তৃতীয়াংশ খাদ্য ৰ উৎপাদনত প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।
গৱেষক সকলে বিচাৰি পাইছে যে, পৃথিৱীৰ প্ৰায় ৯০ শতাংশ খাদ্যৰ উৎপাদন এনে অঞ্চলত হয় যাক "Safe Climate Spaces"(SCS) বুলি কোৱা হয়। এনে অঞ্চল সমূহৰ বতৰৰ অৱস্থা, তাপমাত্ৰা, বৰষুণৰ পৰিমাণ আদি কৃষিৰ বাবে উপযুক্ত। বৰ্তমান এই অঞ্চল সমূহ বৰ্ধিত তাপমাত্ৰা ৰ কৱলত পৰিছে। পৃথিৱীৰ তাপমাত্ৰা ক্ষীপ্ৰতাৰে বাঢ়ি গৈ আছে আৰু এই শতিকাৰ শেষৰফালে ই ৩.৭ শতাংশ লৈকে বাঢ়ি যাব বুলি আশংকা কৰা হৈছে। যিটোৱে পৃথিৱীক খাদ্য সংকটৰ গৰাহত পেলাব।
পৃথিৱীৰ খাদ্য উৎপাদন কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বায়ুমণ্ডলত দেখা দিয়া সঘনে পৰিবৰ্তন অধিক বেয়ালৈ ঢাল খোৱাৰ বাবে আমাৰ কৃষি উপযুক্ত অঞ্চল সমূহ যথেষ্ট পৰিবৰ্তনৰ সন্মূখীন হৈছে। তাপমাত্ৰাৰ পৰিবৰ্তন তথা বৰষুণৰ তাৰতম্যৰ বাবে কৃষি উৎপাদনত বাধাৰ সৃষ্টি কৰিছে, যিয়ে পোনপটীয়াকৈ মানুহৰ খাদ্য তথা খোৱা পানীৰ সুচলতাত প্ৰভাৱ পেলাইছে।
গ্ৰীণ হাউচ গেছ সমূহৰ নিৰ্গমন ৰ ফলত বিশ্বৰ বহু ভূমি মৰুস্হলীকৰণৰ প্ৰভাৱত পৰিছে। উত্তৰ আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ বনাঞ্চল ১৮ মিলিয়ন বৰ্গ কিঃমিঃ ৰ পৰা ১৪.৮-৮ মিলিয়ন বৰ্গ কিঃমিঃ লৈ হ্ৰাস পাইছে।এই হাৰত যদি সংকোচন বৃদ্ধি পায় গৈ থাকে, তেন্তে জৈৱ বৈচিত্ৰ্যময় 'Trunda' অঞ্চল পৃথিৱীৰ পৰা নাইকীয়া হৈ যাবলৈ বেছি সময় নালাগিব। গৱেষক সকলৰ মতে বিশ্বৰ মৰুভূমি অঞ্চলৰ সংখ্যা ৫৯.৭ মিলিয়ন বৰ্গ কিঃমিঃ ৰ পৰা ৬২.৭-৬৪.৩ মিলিয়ন বৰ্গ কিঃমিঃ লৈ বৃদ্ধি পাইছে। ইয়াৰ পৰাই নিশ্চয় অনুমান কৰিব পাৰিছে যে পৃথিৱীখন ত শুকান অঞ্চলৰ সংখ্যা কিমান বাঢ়ি গৈছে আৰু ই কেনে ভয়ংকৰ খাদ্য সংকটৰ সৃষ্টি কৰিব।
উপৰোক্ত বিপদৰ সৈতে মুখামুখি হোৱাৰ ক্ষেত্ৰত 'Paris Agreement' য়ে শেহতীয়াকৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।এই চুক্তিৰ আধাৰত পৃথিৱীৰ তাপমাত্ৰা ২ শতাংশ ৰ তলত ৰাখিবলৈ প্ৰচেষ্টা লোৱা হৈছে। লগতে কমকৈ কাৰ্বন নিৰ্গত হোৱা যন্ত্ৰ-পাতি ৰ ব্যৱহাৰ ৰ বাবেও পদক্ষেপ লোৱা হৈছে। ভাৰতকে ধৰি আন কেইবাখনো দেশ এই চুক্তিৰ বাবে সাক্ষৰিত হৈছে।
বৈজ্ঞানিক সকলে শেহতীয়াকৈ সাৱধান কৰি কৈছে যে বিশ্বৰ দেশসমূহে কাৰ্বন তথা অন্যান্য গেছ নিৰ্গমনৰ উৎসৰ ক্ষেত্ৰত যি ৰিৰ্পট প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিছে আৰু বায়ুমণ্ডলত তেওঁ লোকে কৰা পৰীক্ষাই যি অংক দেখুৱাইছে তাৰ মাজত বৃহৎ পাৰ্থক্য দেখা পোৱা গৈছে।যি অতিশয় চিন্তনীয়।
By-Smriti Kakati

