বিশ্বৰ পানীৰ তলত বুৰ যোৱা হাবিবোৰ : Some of the world's submerged forests
প্ৰকৃতিয়ে ইয়াৰ সৌন্দৰ্যৰে আমাক আকৰ্ষিত কৰে। ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈকে অমি বহু দূৰলৈ ভ্ৰমণ কৰো। প্ৰকৃতিয়ে আমাক কি কি দিছে তাৰ তালিকাখন বহুত দীঘল। পিছে ই যেতিয়া কালৰূপ লয়, ই সৃষ্টি কৰে মাথো ধ্বংসলীলা। কেতিয়াবা এখন হাবি পানীয়ে সম্পূৰ্ণ বুৰাই পেলোৱা শুনিছেনে?
আজি তেনেকোৱা কেইখনমান হাবিৰ বিষয়ে জানিম যি আমাক এক চমকপ্ৰদ বাৰ্তা দিব।
সেয়া-
এইখন মেক্সিকো উপসাগৰত প্ৰায় ৬০ ফুট তলত থকা হাবি।
২০০৪ চনৰ আইভান নামৰ ধুমুহাটোৱে জলৰাশিৰ প্ৰকাণ্ড ঢৌৰ সৃষ্টি কৰি হাবিখন বুৰাই পেলায় বুলি বহু লোকে কয়। গৱেষকসকলৰ মতে হাবিখন ৬০,০০০ বছৰৰো আগতেই বুৰ গৈছিল।যিনহওক জলৰাশিৰ কালৰূপেই এই হাবিখন বুৰালে বুলি জনা যায়। পিছে এই হাবিখনৰ হাজাৰ হাজাৰ গছ আজিও জীয়াই আছে যাৰ শিপাবোৰ বাঢ়ি গৈ আছে। এই শিপাবোৰে কেকোৰা, বিভিন্ন প্ৰজাতিৰ মাছ আৰু বহুতো জলজ জীৱক উপযুক্ত বাসস্থান প্ৰদান কৰিছে।
২। Lake Bezid
ৰোমানিয়াত পানীৰ তলত থকা এখন হাবি। এইখন প্ৰকৃততে এখন গাও। ১৯৮৮ চনতে এটা বান্ধ।নিৰ্মাণ কৰোতে এটা কালৰূপী বানে গাওখন বুৰাই পেলাইছিল।তেতিয়াৰপৰা সেইখন পানীৰ তলতেই থাকিল। কি যে কৰুণ কাহিনী! সেয়া সলিল সমাধিস্থল। এশটা ঘৰ পানীৰ তলত বুৰ গৈছিল। এতিয়াও গছবোৰৰ অৱশিষ্ট অংশবোৰ পানীত ওপঙি থাকে।
এইখনেই বিশ্বৰ আটাইতকৈ ডাঙৰ বাহগছ থকা হাবি। এই হাবিখনত ১৪,০০০ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী আছে। পানীৰ তলত থকা এই হাবিখন কে'প টাউনৰপৰা নামিবিয়ালৈকৈ প্ৰায় ছশমাইল বিস্তৃত হৈ আছে।
৪। Lake Periyar
এইখন এখন জীৱন্ত হাবি আছিল। ১৯৮২ চনত ভাৰতবৰ্ষৰ এইখন হাবিক পেৰিয়াৰ নেশ্যনেল পাৰ্ক হিচাপে চৰকাৰে ঘোষণা কৰিছিল। পিছে ১৯৮৫ চনত যেতিয়া মুলাপেৰিয়াৰ বান্ধটো নিৰ্মাণ কৰা হৈছিল, তেতিয়া এটা হৃদৰ সৃষ্টি হৈছিল।এই হৃদটোৱেই এই হাবিখনক বুৰাই পেলাইছিল।এতিয়া মাথো গছৰ মূঢ়াবোৰ আৰু ঠেঙুলিবোৰ পানীৰ ওপৰত ওলাই এক দুখলগা ছবিৰ সৃষ্টি কৰিছে।
৫। Lake Volta
ই হৈছে ৩,২৭৫ ফুট বৰ্গৰ বিশ্বৰ সৰ্ববৃহৎ কৃটিম হৃদবোৰৰে এটা। ১৯৬৫ চনত যেতিয়া একোচোম্বো বান্ধৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল, তেতিয়াই ভয়ংকৰ বানৰ সৃষ্টি হৈ পশ্চিম আফ্ৰিকাৰ ঘানাৰ এই হৃদটোৰ সৃষ্টি হৈছিল।ই প্ৰায় ৭৮,০০০ লোকক স্থানান্তৰ কৰাইছিল।১২০ টা বিল্ডিং এই বানত জাহ গৈছিল।আৰু হাজাৰ হাজাৰ মজবুত কাঠ দিবপৰা গছ এতিয়াও থিয় হৈ থকা দেখা যায়।
এয়াই প্ৰকৃতিয়ে সৃষ্টি কৰা এক বুকু কপাই তোলা ছবি।

