বিদ্যালয়ৰ ছাত্ৰই শিক্ষয়ত্ৰীক চুৰি মাৰি হত্যা
চেন্নাই :- মাক দেউতাকৰ পিছতেই শিক্ষকেই ছাত্ৰ বা ছাত্ৰীৰ গুৰু । জীৱন পথত আগুৱাই যাবলৈ শিক্ষকৰ ভুমিকা অতুলনীয় । শিক্ষকৰ পৰাই আৰম্ভ হয় আদিপাঠ । কিন্তু শিক্ষকৰ ওপৰত যেতিয়া ছাত্ৰ ছাত্ৰীৰ খং উঠে তেতিয়া কিমান ভয়ংকৰ হব পাৰে তাৰেই জলন্ত উদাহৰণ দেখা গ'ল চেন্নাইৰ এখন বিদ্যালয়ত । বিদ্যালয়ৰ এটা কোঠাত বৃহস্পতি বাৰে এগৰাকী শিক্ষকক ১৫ বছৰীয়া এজন ছাত্ৰই চুৰি মাৰি হত্যা কৰিলে । ইয়াৰ কাৰণ এই যে বিদ্যালয়ত পঢ়াত গাধ হোৱাৰ বাবেই শিক্ষয়ত্ৰী গৰাকীয়ে ছাত্ৰ জনক সদায় গালি আৰু মাৰিছিল । তাৰেই খংত ৩৯ বয়সীয়া R uma Maheswari নামৰ শিক্ষায়ত্ৰী গৰাকীক হত্যা কৰিলে ।
State merry Egloo Indian higher secendary নামৰ বিদ্যালয় খনত বিজ্ঞান আৰু হিন্দী বিষয় পঢ়াই আছিল । চুৰিকাঘাট কৰাৰ পিছত ওচৰৰ হস্পিতাললৈ লৈ যোৱা হয় । উন্নত চিকিৎসাৰ বাবে চহৰৰ হস্পিতাললৈ পঠিয়ালে যদিও মাজ ৰাস্তাতে মৃত্যুক সাৱতিলে । ছাত্ৰজন চু্ৰিকাঘাট কৰাৰ পিছতেই ঘটনাস্থলিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতেই লগৰ ছাত্ৰসকলে ধৰি আৰক্ষীক গতাই দিলে । ছাত্ৰ জনে ৫ বছৰে স্কুললৈ ঘৰৰ পৰা উলাই আহে যদি প্ৰতিদিনে উপস্থিত নাথাকে । যাৰ বাবে লিখিত আবেদন কৰিছিল শিক্ষয়ত্ৰী গৰাকীয়ে দেউতাকক । তাৰেই ক্ষুভ মনত সদায় পুহি ৰাখিছিল । আৰু তাৰ পৰিনাম ভুগিব লগা হ'ল শিক্ষয়ত্ৰী গৰাকীয়ে ।