" ৰেলত উঠাৰ আগতে জানি লওক ইঞ্জিনৰ ওপৰত লিখি ৰখা সাংকেতিক আখৰ আৰু নম্বৰটো কি ? Meaning of Signs and Symbols used by Indian Railway

ৰেলত উঠাৰ আগতে জানি লওক ইঞ্জিনৰ ওপৰত লিখি ৰখা সাংকেতিক আখৰ আৰু নম্বৰটো কি ? Meaning of Signs and Symbols used by Indian Railway

ৰেলত উঠাৰ আগতে জানি লওক ইঞ্জিনৰ ওপৰত লিখি ৰখা সাংকেতিক আখৰ আৰু নম্বৰটো কি ? Meaning of Signs and Symbols used by Indian Railway

What is the symbol and number written on the engine?

আপুনি সচৰাচৰ ৰেলেৰে যাত্ৰা কৰোতে মন কৰিছেনে যে ,ৰেলৰ ইঞ্জিনটোৰ ওপৰত দুটামান সংখ্যা আৰু দুটামান ইংৰাজীৰ এলফাবেট লিখা থাকে ৷আজিলৈকে হয়তো আপুনি ভবা নাই সেই কেইটাৰ অৰ্থ কি ? নিশ্চয় ৰেলবিভাগে এক গভীৰ অৰ্থৰে সৈতে সেই বিশেষ সংখ্যা তথা আখৰ কেইটা লিপি বদ্ধ কৰে ৷ জানো আহক ইয়াৰ ৰহস্য কি ? ৰেলৰ ইঞ্জিনৰ ওপৰত লিখি ৰখা এই নম্বৰ আৰু সংখ্যা সমুহৰ প্ৰতিটোৰে সুকিয়া সুকিয়া অৰ্থ থাকে ৷আজিৰ পৰা প্ৰায় ১৬৪ বছৰৰ আগতে 1853 চনৰ 16 এপ্ৰিলৰ পৰা ভাৰতত ৰেল সেৱা আৰম্ভ হৈছিল ৷ দেৰশ বছৰ পাৰহৈ যোৱাৰ পাছতো এতিয়াও আমি নাজানো ৰেলৰ ইঞ্জিনৰ ওপৰত লিখি থোৱা সংখ্যা তথা আখৰ কেইটাৰ ৰহস্য ৷

প্ৰথমতে জানি লওক সংখ্যা সমুহৰ ৰহস্য ৷

ৰেলৰ ইঞ্জিনযে দুই প্ৰকাৰৰ থাকে সেইটো আমি সকলোৱে জানো ৷ কিছুমান ইঞ্জিন দিজেলেৰে চলে আৰু কিছুমান ইলেকট্ৰিকৰ সহায়ত চলোৱা হয় ৷  ৰেলৰ ইঞ্জিনত লিখি ৰখা নম্বৰৰ পৰাই ৰেল খন দিজেলৰ নে ইলেকট্ৰিক সেয়া গম পাব পৰা হয় ৷ দ্বিতীয়তে ,এলফাবেটৰ ৰহস্য হ’ল , ভাৰতীয় ৰেল তিনি প্ৰকাৰৰ লাইনেৰে চলোৱা হয় ৷ব্ৰদগজ ,মিটাৰগজ ,আৰু নেৰ’গজ ৷ পাহাৰী এলেকাত নেৰ’গ্ৰজ লাইনৰ ব্যৱহাৰ হয় ৷ এইযে তিনি প্ৰকাৰৰ লাইন আছে  তাৰে চিনাকিৰ বাবে সাংকেতিক ভাৱে একোটা আখৰ ব্যৱহাৰ কৰা দেখা যায় ৷ ব্ৰদ মানে বহল ৷বহল শব্দৰ আন এটা ইংৰাজী শব্দ ওৱাইদ  ৷ 

সেয়ে ব্ৰদগজ লাইনত চলিব লগা ৰে’লৰ ইঞ্জিনৰ ওপৰত প্ৰথম আখৰ লিখা হয় W .   W  অাখৰটিয়ে wide অৰ্থাৎ বহল লাইনেৰে চলিব লগা ৰেলক বুজাই ৷ তেনেকৈ মিটাৰ জগ লাইনত চলা ৰেলক বুজাবলৈ Y নেৰ’গজ লাইনত চলা ৰেলৰ ইঞ্জিনৰ কথা বুজাবলৈ Z আখৰটো ব্যৱহাৰ কৰে ৷ঠেক ৰেলৰ আলিয়েদি যাতায়ত কৰা টয় ট্ৰেইনৰ বাবে N ব্যৱহাৰ হয় ৷ এনেদৰেই সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিয়েই ৰেল সমুহৰ পৰি চালনা কৰাত সুবিধা কৰি বছৰ বছৰ ধৰি সুকলমে ৰেল বিভাগৰ কাম কাজ চলাই যাত্ৰাৰ সহায়ক হৈ জনতাক উপকৃত কৰিছে ৷

ড° জুৰী গোস্বামী

Post a Comment

Previous Post Next Post

People Like