বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। গাড়ী-বাইক কিনিবৰ বাবে প্ৰদান কৰিব ৰাজসাহায্য। জানি লওক সম্পূৰ্ণ খবৰ
Big decision of Assam Government. Himanta Biswa Sarma's government will provide subsidy for 2 and 3 wheels vehicle. Let's know about it.
আপুনি যদি গাড়ী বা বাইক ক্ৰয় কৰাৰ কথা ভাবি আছে, তেনেহ'লে এই সুখবৰ আপোনাৰ বাবে। অসম চৰকাৰে গাড়ী বা বাইক ক্ৰয় কৰিবৰ বাবে ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জীৱাশ্ম ইন্ধন চালিত বাহন বাতিলকৰণৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই যুগান্তকাৰী সিদ্ধান্তৰ সূচনা কৰিছে।
অসম চৰকাৰৰ বৈদ্যুতিক বাহন নীতি ২০২১ ৰ অধীনত ৰাজ্যবাসীয়ে পাব পৰা সুবিধাসমূহৰ বিষয়ে আপোনাৰ জ্ঞাতাৰ্থে আমি বিতং আলোচনা আগবঢ়াইছো
নীতি অনুসৰি গাড়ী-বাইকৰ পঞ্জীয়ন হ'ব বিনামূলীয়াকৈ। ১০০% কৰ ৰেহাইৰ লগতে পাৰ্কিঙৰ মাছুল ভৰিব নালাগে বুলি ঘোষণা কৰিছে চৰকাৰে। উল্লেখ্য যে বৈদ্যুতিক বাহন ক্ৰয় কৰিব খোজা লোকসকলৰ বাবেহে থাকিব এই বিশেষ সুবিধাসমূহ। জানো আহকচোন কি কি সুবিধাৰ কথা সদৰী কৰিছে চৰকাৰে...
বৈদ্যুতিক বাহন নীতি ২০২১ অৰ অধীনত চৰকাৰৰ ফালৰ পৰা দুচকীয়া বাহনৰ ক্ষেত্ৰত ২০ হাজাৰ, তিনিচকীয়া বাহনৰ ক্ষেত্ৰত ৫০ হাজাৰ আৰু চাৰিচকীয়া বাহন ক্ৰয়ৰ ক্ষেত্ৰত ডেৰ লাখ টকালৈকে ৰাজসাহায্য ঘোষণা কৰা হৈছে।
- ইয়াৰোপৰি অন্যান্য সুবিধা যেনে ই ভি চাৰ্জিং ষ্টেচনত ৯০% বিদ্যুৎ শুক্ল ৰেহাই পাব।
- পথ কৰ ১০০% ৰেহাই পাব বুলি ঘোষণা কৰা হৈছে।
- পাৰ্কিং মাছুলৰ ক্ষেত্ৰতো ১০০% ৰেহাই ঘোষণা কৰিছে চৰকাৰে।
সবিশেষ জানিবৰ বাবে আপুনি লগ ইন কৰক industries.assam.gov.in ৱেবচাইটত। তদুপৰি আপুনি industry.assam@gov.in অত মেইলো কৰিব পাৰে।
By *Jahnavi Deka*