চপিং মল ( Shopping mall ) ত বজাৰ কৰিবলৈ সোমোৱাৰ আগতে জানি লওক দুটামান লাগতিয়াল কথা
599, 499 ,399 ,আদি দাম লিখি চপিং মলত আঁৰি থোৱা প্ৰাইজ টেগৰ বোৰলৈ চকু যায় নেকি? যায় যদি শুণক ৰহস্য 99 ৰ ৰহস্য ৷
হয় বজাৰত 99 ৰ বিশেষ গুৰুত্ব আছে ৷ যদি আপুনি চপিংমলত ভৰি থ’লে তেনেহ’লেতো কথাই নাই , চোলা কাপোৰৰ দামৰ ঠাইত কেউফালে শ হাজাৰৰ পাছত লিখি থোৱা দেখিব 99 ৷ ই হ’ল এক চাইক’লজিকেল মাৰ্কেট ষ্ট্ৰেটেজি ৷ কোনো এটা বস্তুৰ দাম যদি আঁঠশ টকা লিখা থকা দেখে তেনেহ’লে পোন চাটেই মনলৈ "এহ ইমান দাম ! আঁঠশ টকা দি নোৱাৰি দেই ৷" কিন্তু একেটা বস্তুতে যদি 799 লিখা থাকে তেনে হ’লে আপোনাৰ মনে ক’ব "নাই বেছি দাম নহয় সাতশ টকাহে ,কিনিব পাৰি ৷কিন্তু সাতশ টকাৰ পাছত লাগি থকা 99 ৰূপিজ টোৰ কথা আপোনাৰ মনলৈ নাহিলেই ৷অভ্যাসৰ দৰেই প্ৰতিবাদ নকৰি আপুনি নিৰানব্বৈ টকাৰ ঠাইত এশ টকা উলিয়াই দোকানীক আঁঠশ টকাকে দি আহিল ৷ খুচুৰা নাই বুলি এৰি অহা এটকাটোৰ কথাটো আপুনি সমুলি গুৰুত্ব নিদিলে ৷এটকাহে ,একো নাই ওলোটাই নিদিলেও হ’ব ৷এনে এটা ভাৱত দোকানৰ পৰা বস্তু কিনি ওলাই অহা আপুনি কেতিয়াবা ভাবিচেনে ,এটকা কৈ যদি প্ৰতি দিনে এশ জন মানুহে সেই দোকান খনত পইছা এৰি আহে তিনিশ পইশষ্ঠি দিনত দোকান খনে কিমান টকা লাভ কৰিব ?
ধৰি লওক, কোনো এটা কম্পেনিৰ ভাৰতত 150 ৰিটেইল আউটলেট আছে ৷ প্ৰতিটো আউটলেই প্ৰতিদিনে এশজন গ্ৰাহকে বস্তুকিনি এটকাকৈ যায় তেনে হ’লে 365 দিনত হ’ব , 150 খন ৰিটেইলাৰত 100 জন গ্ৰাহকে 365 দিনত = 54,750,000 মানে 54 লাখৰো অধিক টকা গোটাই ল’ব পাৰে গোটোৱাত সহায় কৰিব আপোনাৰ দৰে আন গ্ৰাহক সকলে এৰি অহা সেই এটকা টোৱে ৷ কেতিয়াবা একোটা সস্তিয়া চকলেট দি এটকাটোৰ যোৰা মাৰে কিন্তু তাতো ব্যৱসায় প্ৰতিস্থানটোৰ লাভেই থাকে ৷ কাৰণ পচিশ টকাৰ চকলেটৰ পেকেট এটা সেই ব্যৱসায়ী সকলে সেই প্ৰকৃয়াৰে এশ টকাত বিক্ৰী কৰিব জানে ৷ ই কমাৰ্চ ব্যৱসায়টো চাইট সমুহে গ্ৰাহকক আভূৱাভাৰিবলৈ একে পন্থাই অৱলম্বন কৰে যদিও গ্ৰাহক সকলে প্ৰায় সময়তেই চাইকলজিকেল স্ট্ৰেটেজিৰ চিকাৰহৈ বস্তু কিনিবলৈ প্ৰস্তুত হয় ৷ এতিয়াৰ পৰা প্ৰাইছ টেগলৈ চকু গ’লে ওপৰৰ কথাখিনি চালি জাৰি চাইহে বস্তু কিনিবলৈ আগবাঢ়িব ৷ কাৰণ আপোনাৰ কষ্টোপাৰ্জিত টকা কেইটা যাতে কৌশলেৰে আনে হস্তান্তৰ কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈ বজাৰলৈ যাব ৷
ড° জুৰী গোস্বামী