Earphoneৰ ব্যৱহাৰ সচাকৈয়ে বিপদজনক নেকি ? Earphone Myths and facts || Times Guwahati

Earphoneৰ ব্যৱহাৰ সচাকৈয়ে বিপদজনক নেকি ? Earphone Myths and facts " Times Guwahati

Earphone facts

ম'বাইল,লেপটপ আজিকালি আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। ম'বাইল অবিহনে বৰ্তমান সকলোৰে দিনতে আন্ধাৰ যেন অনুভৱ হয়,নহয় জানো? এই ম'বাইল ৰ লগতে 'Earphone' আমাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে। কথা পতা, গান শুনা, চিনেমা চোৱা,মুঠৰ ওপৰত ম'বাইল ৰ লগত জড়িত সকলো ক্ষেত্ৰত আমাক ইয়েৰ ফোন ডাল নহলেই নহয়। পিছে এই ইয়েৰফোনৰ ব্যৱহাৰ কিমান খিনি সঠিক? ইয়েৰফোনৰ ব্যৱহাৰে আমাৰ কাণ খনৰ ক্ষতি নকৰেনে? মাতি আনিব পাৰে নেকি ইয়েৰফোনে স্বাস্থ্য ৰ বাবে বিপদ? এনে ধৰণৰ প্ৰশ্ন ই সততে আমাক আমনি কৰে ,নহয় জানো?

আজি এই বিষয়ে সকলো প্ৰশ্নৰে উত্তৰ জানো আহক-

Earphone আমাৰ বাবে বিপদজনক হয়নে নহয়,সেই বিষয়ে জানিবলৈ আমি প্ৰথমে জানিব লাগিব ' ডেচিবেলৰ' বিষয়ে।ডেচিবেলৰ বিষয়ে আমি নিশ্চয় বিজ্ঞানৰ কিতাপত সকলোৱে পঢ়িছিলোঁ। ই হৈছে শব্দৰ জোখমাখ ৰ এক মাপক। ৭০ ডেচিবেললৈকে শব্দ আমাৰ কাণখনৰ বাবে বিপদজনক নহয়।৭০ ৰ পৰা ৯০ লৈকেও আপুনি শুনিব পাৰে, পিছে ১০০ ৰ ওপৰ ডেচিবেলত যদি আপুনি শব্দ শুনে, তেন্তে ই কাণৰ বাবে ক্ষতিকাৰক হৈ পৰে।এখন জেদ্ প্লেনৰ শব্দ হয় ১৪০ ডেচিবেল। এতিয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে কিমান শব্দ হ'ব ১০০ ডেচিবেল পাৰ হৈ গ'লে।

উপৰোক্ত বিশ্লষণৰ পৰা এটা কথা স্পষ্ট হয় যে ইয়েৰফোনৰ ব্যৱহাৰ আপোনাৰ বাবে তেতিয়াহে ক্ষতিকাৰক হৈ উঠিব,যেতিয়া আপুনি ঘন্টাৰ পাছত ঘন্টা জুৰি অৰ্থাৎ ৭/৮ ঘন্টা পৰ্যন্ত গান বা আন কিবা শুনি থাকে। সাধাৰণতে ম'বাইল ফোনৰ ৭০ ৰ পৰা ৭৫ শতাংশ লৈকে ভলিউম দীঘলীয়া সময়ৰ বাবে উপযুক্ত।যদিহে ফোনৰ ভলিউম ১০০ শতাংশ কৰি বহু সময় জুৰি গান বা আন কিবা শুনি থকা যায়, তেতিয়াহে ই কাণখনৰ ক্ষতি সাধন কৰিব।

কথাতে কয় নহয় যে, 'কোনো বস্তু ৰে অতিমাত্ৰা ভাল নহয়' ,ইয়েৰ ফোন ৰ ক্ষেত্ৰটো সেই একে কথাই খাটে।পৰিমিত সময়ৰ বাবে ব্যৱহাৰ কৰিলে ,ই কোনো ক্ষতি নকৰে। গতিকে যদি সোধা যায় যে,ইয়েৰফোনৰ ব্যৱহাৰ ভাল নে বেয়া? তেন্তে উত্তৰ হ'ব, দুয়োটাই। কম সময়ৰ বাবে ৭০ ৰ পৰা ৯০ ডেচিবেললৈকে ভাল আৰু সেই সীমা পাৰ হৈ গ'লে ই বেয়া। গতিকে ইয়েৰফোন ব্যৱহাৰ কৰিব নে নকৰিব বা কিমান সময়ৰ বাবে কৰিব? সেইয়া আপোনালোকে নিজেই সিদ্ধান্ত ল'ব,নহয় জানো?

By- Smriti kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.