মবাইল ফোন এটা ক্ৰয় কৰাৰ পাছতে আপুনি কৰিব লগা প্ৰথমটো জৰুৰী কামটো কি ? : What is the first thing you should do after buying a mobile phone ?
আপোনাৰ যদি মবাইল টো হেৰাইছে তাক ওলোটাই পাবলে আপুনি কি কৰিব লাগিব ?
আপোনাৰ মবাইল ফোনটো হেৰাইছে নেকি ? নাইবা কোনোবাই চুৰ কৰিছে
নেকি ? যদি আপোনাৰ ক্ষেত্ৰত এনে কিবা অঘটন ঘটিছে তেনেহলে তাৰ পৰা ৰেহাই পাবলে আপুনি কি কৰিব ?
যদি কেতিয়াবা আমাৰ হাতৰ পৰা আমাৰ ফোনটো অকস্মাৎ হেৰাই যায় তেনেহ’লে আমি অকণো সময় নষ্ট নকৰি অতি সোনকালে স্থানীয় আৰক্ষী চকিলৈ গৈ এখন এফ,আই ,আৰ ,দিয়াটো অতি জৰুৰী ৷
আপোনাৰ এফ আই আৰ গ্ৰহন কৰি আৰক্ষীয়ে আপোনাৰ ফোন নাম্বাৰ International Mobile Equipment Identity (IMEI) on tracking লৈ প্ৰেৰণ কৰিব ৷ তাৰ সহায়তে দেশৰ যিকোনো ঠাইতে থকা আপোনাৰ মবাইল ফোনৰ সন্ধান আৰক্ষীয়ে আপোনাক উলিয়াই দিব পাৰিব ৷যদি আপোনাৰ মবাইল চুৰি কৰা চোৰ জনে মবাইলটো এবাৰলৈকো খোলে তৎকালেই মবাইলৰ লকেচন আৰক্ষীয়ে লাভ কৰিবলৈ সমৰ্থ হয় ৷ তাৰ বাবে প্ৰয়োজন হয় মবাইলৰ IMEI নম্বৰটো ৷গতিকেই মবাইল ফোন এটা ক্ৰয় কৰাৰ পাছতে আপুনি কৰিব লগা অতিকৈ জৰুৰী কামটো হ’ল ,আপোনাৰ মবাইলৰ IMEI নম্বৰটো আচুতীয়াকৈ ডায়েৰী আদিত লিখি ৰখাটো ৷
আপোনাৰ মবাইল ফোনৰ IMEI /PUC number, phone number, আৰু ক’ত আৰু কেনেকৈ মবাইলটো হেৰাল তাৰ বিৱৰণ এফ আই আৰত স্পষ্ট কৈ লিখা থকাটো জৰুৰী ৷
মবাইল ফোনটো হেৰোৱাৰ লগে লগে ফোনটোৰ চিম খন দিএক্টিভ কৰাটো হ’ল আন এক জৰুৰী কাম ৷
তাৰ পাছতে সকলো এপৰ পাছ ওৱৰ্ড সলনি কৰি দিলে মবাইলৰ দাটা সমুহ সুৰক্ষিত হৈ থাকিব পাৰে ৷
ড° জুৰী গোস্বামী