বিয়াৰ পিছত দৰা কইনা শৌচাগাৰলৈ যাব নোৱাৰে : The Bride and Groom do not go to the toilet after marriage

বিয়াৰ পিছত দৰা কইনা শৌচাগাৰলৈ যাব নোৱাৰে : The Bride and Groom do not go to the toilet after marriage 

toilet

আমাৰ সমাজত নীতি নিয়ম সমূহ অতীজৰে পৰা চলি আহিছে। ইয়াৰে কিছু নীতি নিয়ম ক'ৰ পৰা আৰু কেনেকৈ সৃষ্টি হ'ল সেয়া বৰ্তমানেও অকথ্য। এই নীতি নিয়ম বোৰৰ এটা বিশেষত্ব হ'ল যে প্ৰত্যেক সমাজতে ইয়াৰ ভিন্ন ভিন্ন ৰূপ দেখিবলৈ পোৱা যায়। 

 কিন্তু আমাৰ সমাজত এনে কিছুমান নীতি নিয়ম আছে যাৰ কথা শুনিলে আপুনি হতবাক হৈ পৰিব। 

      "বিয়াৰ হোৱাৰ পিছত তিনি দিনলৈ দৰা - কইনা শৌচাগাৰলৈ যাব নোৱাৰিব " । হয় ঠিকেই শুনিছে  কিন্তু, এয়া কোনো শাস্তি নহয়, এয়া মাথো এটা নিয়ম হে। ইণ্ডোনেছিয়াৰ  টিডাংগ (Tdong) নামৰ এক সম্প্ৰদায়ৰ মাজত এই নিয়ম অতীতৰ পৰা চলি আহিছে। উক্ত নিয়ম অনুসৰি দৰা কইনাই তিনি দিনলৈ শৌচ বন্ধ কৰি ৰাখিব লাগিব অৰ্থাৎ শৌচ কৰিবলৈ যাব নোৱাৰে। যাৰ বাবে এই তিনি দিনত নববিবাহিত দম্পতিক ক'মকৈ খাবলৈ দিয়া হয় আৰু তেওঁলোকে যাতে শৌচাগাৰলৈ যাব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হয়। 

এতিয়া প্ৰশ্ন হয়, এনে নিয়ম প্ৰৱৰ্তন কৰাৰ কাৰণ কি? আচলতে এই সম্প্ৰদায়ৰ লোক সকলে বিশ্বাস কৰে যে মল ত্যাগ কৰা ঠাইডোখৰ অপবিত্র আৰু বিয়া হোৱাৰ পিছতেই যদি শৌচাগাৰলৈ যায় তেন্তে তেওঁলোকৰ ওপৰত নাকাৰাত্মক প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত তেওঁলোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে । তাৰোপৰি তেওঁলোকৰ বিশ্বাস মতে  তিনি দিনৰ ভিতৰত  নৱ দম্পতিৰ কোনোৱে যদি  শৌচাগাৰলৈ যায়, তেন্তে তেওঁৰ মৃত্যু পর্যন্ত হ'ব পাৰে। যাৰ বাবে তেওঁলোকে এই নিয়ম অতি কঠোৰ ভাৱে পালন কৰিব লগীয়া হয়। 

   এই নিয়ম সমূহৰ কোনো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে এয়া কেৱল এক অন্ধবিশ্বাস ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি হয়তো বহুতে হাবাথুৰি খাইছে, কিন্তু ইয়াৰ উত্তৰ সহজলভ্য নহয়। পূৰ্বপুৰুষ সকলে কি ভিত্তিত এই নিয়ম প্ৰৱৰ্তন কৰি থৈ গৈছে, তাৰ উত্তৰ হয়তো তেওঁলোকে নিজৰ লগতে লৈ পৰলোকপ্ৰাপ্তি হৈছে। কিন্তু এটা কথা ক'ব পাৰি এনেবোৰ কাৰণ বিহীন নিয়মে বহু সময়ত বহু সমস্যাৰ সৃষ্টি কৰি আহিছে।যাৰ বাবে বিজ্ঞানে এই নীতি নিয়মবোৰৰ কঠোৰ ভাৱে নিন্দা কৰি আহিছে। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.