পৃথিৱীৰ সবাতোকৈ দীঘল ভৰিৰ মহিলা গৰাকী : Woman with the longest legs in the world

 পৃথিৱীৰ সবাতোকৈ দীঘল ভৰিৰ মহিলা গৰাকী : Woman with the longest legs in the world 

longest legs

এগৰাকী মহিলাৰ যদি ভৰি অস্বাভাৱিক ভাবে দীঘল হয়, তেনে হ'লে আপুনি বা মই অলপ হলেও থমকি ৰ'ম, সেইগৰাকী মহিলাক চাবলৈ। আপুনি বাৰু কিমান দেখিছে, দীঘল ভৰিৰ মহিলা? হয়টো নাই দেখা! কিন্তু আমি ইচ্ছা কৰিলেই আমাৰ ভৰিটো দীঘল বা চুটি কৰিব নোৱাৰো। ই হৈছে জন্মগত।

গতিকে জন্মসূত্ৰে পালেও দীঘল বা চুটি ভৰি কাৰোবাৰ বাবে আৰ্শীবাদও হ'ব পাৰে। আজি আমি আপোনালোকক পৰিচয় কৰাব বিচাৰিছোঁ,বিশ্বৰ সবাতোকৈ দীঘল ভৰিৰ মহিলা গৰাকীৰ সৈতে।

আমেৰিকাৰ Maci  Currin (মেচি কাৰিন) হৈছে বিশ্বৰ সবাতোকৈ দীঘল ভৰিৰ মহিলা। তেওঁক মহিলা  বোলাতকৈ এগৰাকী যুৱতী বুলিহে ক'ব লাগিব। কিয়নো ২০২১ ৰ গিনিছ বুকত দীঘল ভৰিৰ মহিলা হিচাপে বিশ্ব ৰেকৰ্ড কৰোঁতে তেওঁৰ বয়স আছিল ১৭ বছৰ। 

এতিয়া হয়তো আপোনাৰ জানিবলৈ মন গৈছে, দীঘল ভৰিটোনো কিমান দীঘল?

মেচিৰ বাওঁ ভৰিৰ দৈঘ্য 135. 267 ছে:মি:অৰ্থাৎ( 53.255 ইঞ্চি) আৰু সো ভৰিৰ দৈঘ্য 134.3 ছে:মি: অৰ্থাৎ (52.874 ইঞ্চি)। মেচিহতৰ পৰিয়ালৰ বাকী সকল লৰা ছোৱালী কিন্তু কোনোৱেই ইমান ওখ নহয়। আনকি মাক দেউতাকৰ উচ্চতাও স্বাভাৱিক। মেচিৰ পিতৃ মাতৃ কিন্তু মেচিক লৈ সুখী। মেচিয়েও তেওঁৰ দীঘল ভৰিৰ সহায়ত বিশ্ব ৰেকৰ্ড কৰিব বিচাৰিছিল। তেওঁৰ সেই সপোন সম্পূৰ্ণ হ'ল, যেতিয়া ২০২১ বৰ্ষৰ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নাম পৃথিৱীৰ আটাইতকৈ দীঘল ভৰিৰ মহিলা হিচাপে অন্তৰ্ভুক্ত হ'ল।

 ৰেকৰ্ড হোৱাৰ পাছত মেচিয়ে কয় যে, দীঘল ভৰিৰ বহু প্ৰত্যহ্বানো আছে আৰু সুবিধাও আছে। তেওঁ কয়, " মই দীঘল ভৰিৰ বাবে আনৰ হাঁহিয়াতৰ পাত্ৰ হোৱা নাছিলো, হৈছিলোঁ সকলোতকৈ ওখ হোৱা বাবেহে। কেইবছৰমানৰ পাছত মই এইবোৰ কথা গুৰুত্ব নিদিয়া হলো। যেতিয়াই মই এইবোৰ কথা আওকাণ কৰা হ'লো, তাৰ পাছত একোৱে মোক টলাব পৰা নাই।"

মেচিয়ে আশা কৰে, সকলো দীঘল ভৰিৰ মহিলাই যেন তেওঁলোকৰ উচ্চতাক ভগৱানৰ দান বা আৰ্শীবাদ হিচাপে লয়। তাৰ বাবে কেতিয়াও লাজ অনুভৱ কৰিব নালাগে। যদিয়ো উচ্চতাৰ বাবে জোখৰ কাপোৰ পোৱা অসুবিধা, বা গাড়ী চলাবলৈ বা দৰ্জা পাৰ হবলৈ কিছু অসুবিধা হয়, কিন্তু খেলা ধূলাত ই মোক যথেষ্ট সহায় কৰে।বিশেষকৈ ভলীবল খেলোতে।

গিনিছ ৰেকৰ্ডৰ জৰিয়তে মেচিয়ে ইতিহাস ৰছিলে।মেচি এতিয়া বহুত সুখী। তেওঁক এতিয়া আপুনি বিভিন্ন সামাজিক মাধ্যমৰ মজিয়া (social media platform)ত দেখা পাব। আনকি tik tok video তো!

গতিকে কোনোবাই যদি ভাবিছে, মেচিৰ ৰেকৰ্ড ভাঙিব পৰাকৈ দীঘল ভৰি আছে, তেন্তে পলম নকৰি গিনিছ বুকৰ বিষয় ববীয়াৰ লগত নিশ্চয় যোগাযোগ কৰিব। আৰু দীঘল ভৰিক আপোনাৰ বাবে আৰ্শীবাদ বুলি গণ্য কৰিব।

By: Mallika Dutta.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.