ভূতৰ চহৰ : Ghost Town

 ভূতৰ চহৰ : Ghost Town

Ghost Town

কেতিয়াবা দেখা যায় যে,বহু জনবহুল এলেকা এটাতো মাজতে এটা বা দুটা ঘৰ খালী হৈ পৰি আছে,তাত কোনো লোক বাস নকৰে। হাবিয়ে - বনে গোটেই ঘৰটোক ছাটি ধৰিছে। তেতিয়া আপুনি যদি কাষৰ মানুহক তাৰ কাৰণ সোধে, তাৰ উত্তৰ পায় যে , সেইটো এটা ভূত বাংলা।নহয়নে? নিশ্চয় আপোনাৰো এনে অভিজ্ঞতা আছে। এনেদৰেই পৃথিৱীৰ বহু ঠাইৰ বহু ঘৰ,বাংলা , সুউচ্চ বিল্ডিং আনকি সম্পূৰ্ণ একোখন চহৰো আছে,যি অব্যৱহিত হৈ পৰি আছে। যি ঠাই অতি মনোমোহা আছিল, হাজাৰ হাজাৰ মানুহৰ অহা-যোৱা আছিল,সেই ঠাই আজি পৰিত্যক্ত। কাৰণ? কাৰণ সেই একেই তেনে ঠাইত বেয়া শক্তি, ভূত- প্ৰেত,অতৃপ্ত আত্মাৰ বাস বুলি থকা মানুহৰ গভীৰ বিশ্বাস। আজি আমি বিশ্বৰ এনে কেইখনমান ঠাইৰ কথা জানো আহক,যি আজি ভূতৰ বাসস্হান বুলিয়ে সম্পূৰ্ণ মানৱ বিৰ্বজিত- 

১/ এই ছবিখনলৈ মন কৰক , এইখন জৰ্জিয়া ৰ এখন অতি সুন্দৰ চহৰ আছিল এসময়ত।যি ঠাইত প্ৰায় ১৫,০০০ হাজাৰ লোকে বাস কৰিছিল। পিছে এই সম্পূৰ্ণ চহৰ খনেই বৰ্তমান পৰিত্যক্ত। কিয়নো এই চহৰখনত বেয়া শক্তিৰ প্ৰভাৱ আছে বুলি মান্যতা আছে।

২/ এইবাৰ এইখন চাওক,ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ঠাই নহয়নে? পিছে এই সম্পূৰ্ণ চহৰ খনো এতিয়া মানৱ বিৰ্বজিত। কোনো লোকৰে আহ- যাহ নাই।এই চহৰ খন তুৰ্কী ত অৱস্থিত।

৩/ ইটালীত অৱস্থিত এই চহৰ খন মন কৰক। এইখন ঠাইতো প্ৰায় ১০০০ লোকে বাস কৰিছিল। সুউচ্চ পাহাৰৰ কাষত আকৰ্ষণীয় শৈলীৰ এই ঘৰবোৰ কেনে মনোৰম দেখা গৈছে।নহয়নে? এই ঠাই খনো বৰ্তমান ভূতৰ বাসস্হান বুলি মানুহে পৰিত্যাগ কৰিলে।

৪/ এইবাৰ এইখন ছবিলৈ চাওক,কেনে অসাধাৰণ নিৰ্মাণ কৌশল নহয়নে,ঘৰবোৰৰ? হয়, আৰৱৰ এই চহৰ খন এসময়ত ইয়াৰ কলাসুলভ ভাস্কৰ্য ৰ বাবে প্ৰখ্যাত আছিল। পিছে বৰ্তমান এই চহৰ খনক ভূতৰ চহৰ নাম দিয়া হৈছে।এই সুন্দৰ ঠাই খনত এতিয়া মানৱ বসতি দেখা নাযায়।

উপৰোক্ত চহৰ কেইখনৰ দৰেই আৰু বহুতো ঠাই আছে, আমাৰ পৃথিৱী খনত,যি বৰ্তমান তাৰ অদ্ভূত,ভূতীয়া কাহিনীৰ বাবেহে বিখ্যাত,এসময়ত থকা সুন্দৰতাৰ বাবে নহয়।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.